• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৃহকন্দল! হঠাৎ কিয় আছু ত্যাগ কৰিলে কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সীমান্ত ঠাকুৰীয়া আৰু অন্য তিনি নেতাই?

আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পদত্যাগী সীমান্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2020 5:40 pm
531
VIEWS
Share on FacebookShare on Twitter

যোৱা ৮ অক্টোবৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছিল সীমান্ত ঠাকুৰীয়াই।

পদত্যাগ কৰি সোমবাৰে ঠাকুৰীয়াই দিঘলীপুখুৰীৰ সমীপৰ গৌৰীসদনত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান উলংঘা কৰি ৰাজনৈতিক দল গঠন কৰা হৈছে বুলিও ঠাকুৰীয়াই গুৰুতৰ অভিযোগ কৰে।

তেওঁ কয় ‘সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য ভৰিৰে মোহাৰি দীপাংক নাথে ব্যক্তিগত তথা উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁৰ আজ্ঞাবাহী ভৃত্তৰ এখন সমিতি গঠন কৰে। তেওঁ সভাপতি হিচাপে ৰজমিল আলি, সাধাৰণ সম্পাদক ৰাইফুদ্দিন আহমেদ, আনোৱাৰ হুছেইন আৰু তুতুমণি চদিক দায়িত্ব অৰ্পন কৰে।‘

‘সংবিধানৰ অনুচ্ছেদ ১৫ অনুসৰি সন্থাৰ এজন হিচাপ পৰীক্ষকৰ প্ৰয়োজন থাকে। কিন্তু আজি পৰ্য্যন্ত হিচাপ পৰীক্ষক নিয়োজিত হোৱা নাই। যদি হিচাপ পৰীক্ষক আছে বুলি কয় তেন্তে নামটো ৰাজহুৱা কৰক। কিয়নো অনুচ্ছেদ ১৫ মতে হিচাপৰ ক্ষেত্ৰত কিবা ত্ৰুটি বা খেলি-মেলি পালে সেই সময়ত ল’বলগীয়া ব্যৱস্থাৰ বাবে হিচাপ পৰীক্ষকে পৰামৰ্শ দিব।‘

ইপিনে, সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানখন সভাপতিৰ দ্বাৰা বাৰেপতি উলংঘন কৰি অহা হৈছে বুলি অনুভৱ কৰা বুলি উল্লেখ কৰি সীমান্তই লগতে কয়, ‘অনুচ্ছেদ ৫ অনুসৰি কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য থাকিব নোৱাৰিব। তেনেস্থলত তেওঁ সদৌ অসম ছাত্ৰ সন্থা আৰু অন্য সংগঠনৰ লগত লগ লাগি দল গঠন কৰিব বুলি জনায়।‘

তেওঁ কৰা এই ভুলৰ বাবে আছুৰ পৰা পদত্যাগ কৰি ৰাজনৈতিক দলত যোগদান কৰিবলৈ আহ্বান জনায় সীমান্ত ঠাকুৰীয়াই।

ইয়াৰ উপৰি, যোৱা ৯ ছেপ্টেম্বৰত সভাপতি দীপাংক কুমাৰ নাথে মৌখিক নিৰ্দেশৰ জৰিয়তে সদৌ গুৱাহাটী ছাত্ৰ সন্থা ভংগ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ অভিযোগ কৰে ঠাকুৰীয়াই।

তেওঁ কয়, ”সভাপতি নাথৰ নিৰ্দেশ মৰ্মে ৩ অক্টোবৰত কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই এখন পত্ৰযোগে সমিতিখন ভংগ কৰে। যিটো মই জ্ঞাত নাছিলো। এইবাবে মই মোৰ অনুজসকলৰ ওচৰত লজ্জিত হৈছো। এই প্ৰসংগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিপুল ৰাভা আৰু তপন কলিকাক প্ৰশ্ন কৰাত তেওঁলোকো জ্ঞাত নাছিল বুলি জানিবলৈ দিয়ে। দীপাংক কুমাৰ নাথে মানসিক আতিশয্য চলোৱা অনুভৱ কৰি আহিছো।”

উল্লেখ্য যে, বৃহস্পতিবাৰে সীমান্ত ঠাকুৰীয়াই পদত্যাগ কৰাৰ পিছতে সোমবাৰে পুনৰ ৩ গৰাকী নেতাই আছু ত্যাগ কৰে। কামৰূপ মহানগৰ জিলা কাৰ্যনিৰ্বাহক ৰকিবুল আহমেদ, দক্ষিণ গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা আমিনুল হক, পূব গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা প্ৰাণজিৎ দাসে আজি পদত্যাগ কৰে।

সীমান্ত ঠাকুৰীয়াই সংবাদমেলত অনা অভিযোগৰ পাছতেই আমি ফোনযোগে দীপাংক নাথক যোগাযোগ কৰিছিলো যদিও যোগাযোগ সম্ভৱ নহ’ল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd