ধুবুৰী আৰু মেঘালয়ৰ ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথৰ ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত চাৰিলেনযুক্ত দলঙৰ নিৰ্মাণৰ বাবে বৃহস্পতিবাৰে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ৰ কেবিনেট সমিতিয়ে (চি চি ই এ) অনুমোদন জনাইছে।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত চিচিইএৰ এখন বৈঠকৰ পাছতে সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে। তেওঁ লগতে জানিবলৈ দিয়ে যে দলংখনৰ মুঠ দৈৰ্ঘ্য হ’ব ১৯.২৮২ কিলোমিটাৰ।
দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজৰ সুদীৰ্ঘ যাত্ৰা পথ ২০৫.৩ কিলোমিটাৰৰ পৰা মাত্ৰ ১৯.২৮২ কিলোমিটাৰলৈ হ্ৰাস পাব আৰু পাঁচ ঘন্টাৰ যাত্ৰা মাত্ৰ ২০ মিনিটতে সম্পন্ন হ’ব।
‘’এই প্ৰকল্পই ভৱিষ্যতে অঞ্চলটোত পৰিবহন ব্যৱস্থাই মেঘালয়ৰ পশ্চিম অঞ্চলৰ লগতে অসমৰ বৰাক উপত্যকা আৰু মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষিণৰ ৰাজ্যকেইখনৰ মাজত তথা কলকাতাৰ বন্দৰকে ধৰি দেশৰ আন অংশৰ মাজত চমু গতিপথ গঢ়ি তুলিব,’’-এটা আনুষ্ঠানিক বিবৃতিটোত এইদৰে কোৱা হৈছে।
উক্ত দলংখন নৰ্থইষ্ট ৰোড নেটৱৰ্ক কানেক্টিভিটি প্ৰজেক্ট ফেজ-০৩ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ’ব আৰু দলংখন সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰায় ছয় বছৰ সময় লাগিব।
চৰকাৰে লগতে ‘এছিয়ান ডেভেলপমেন্ট বেংকৰ সাহায্যত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ পথ বিনিয়োগ কাৰ্যসূচী’(এনইএছআৰআইপি) শীৰ্ষক প্ৰস্তাৱিত প্ৰকল্পৰ পুনৰ নিৰ্দ্ধাৰিত ব্যয়ৰ এক প্ৰস্তাৱতো অনুমোদন জনাইছে। পাঁচ বছৰৰ বাবে কেন্দ্ৰীয়ভাৱে ৰূপায়িত হ’বলগীয়া এই আঁচনিৰ বাবে পূৰ্বে নিৰ্দ্ধাৰিত ১,৩৫৩.৮৩ কোটিৰ পৰা পুনৰ নিৰ্দ্ধাৰিত ব্যয় ২,১৪৪.৫৬ কোটি টকাৰ বাবেও অনুমোদন জনোৱা হৈছে।