আজি ২৪ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে চাংসাৰিকে ধৰি এইমছৰ ৬টা শাখাত সঞ্চালকৰ পদ সৃষ্টিত অনুমোদন জনাইছে। চিকিৎসা প্ৰতিষ্ঠানখনৰ সঞ্চালকৰ আৰম্ভণীৰ দৰমহা হ’ব ২ লাখ টকাতকৈও অধিক। দিল্লীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানখনৰ অসমৰ চাংসাৰি, উত্তৰ প্ৰদেশৰ ৰাইবেৰেলি আৰু গোৰখপুৰ, পাঞ্জাবৰ ভাটিণ্ডা, হিমাচল প্ৰদেশৰ বিলাসপুৰ আৰু ঝাৰখণ্ডৰ দেৱঘৰ (Deoghar) এই ৬টা শাখাত সঞ্চালক পদৰ সৃষ্টি কৰা হ’ব।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটত এনপিএ সহ এগৰাকী সঞ্চালকৰ প্ৰাথমিক দৰমহা ২,২৫,০০০ (স্থিৰ) ধাৰ্য কৰি উক্ত পদৱীকেইটা সৃষ্টিত অনুমোদন জনোৱা হৈছে। কেবিনেটত সঞ্চালকসকলৰ মুঠ দৰমহা ২,৩৭,৫০০ টকাৰ অধিক নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সঞ্চালকগৰাকী প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া হ’ব আৰু প্ৰতিষ্ঠানটোৰ সামগ্ৰিক প্ৰশাসনৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত থাকিব। সঞ্চালকগৰাকীয়ে বিষয়া আৰু কৰ্মচাৰীসকলৰ কৰ্তব্য আবণ্টন কৰিব।
উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৭ চনত দিল্লীস্থিত সৰ্বভাৰতীয় চিকিৎসা প্ৰতিষ্ঠান—‘এইমছ’ৰ চাংসাৰি শাখাটোৰ আধাৰশিলা স্থাপন কৰিছিল।
১,১২৩ কোটি টকা ব্যয়সাপেক্ষে প্ৰধান মন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অন্তৰ্গত নিৰ্মাণ হ’বলগীয়া এইমছৰ এই শাখাটো পৰৱৰ্তী ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।
ইয়াতে ৭৫০খন বিচনা, বাৰ্ষিক ১০০গৰাকী চিকিৎসা বিজ্ঞান আৰু শৈল্য চিকিৎসাৰ স্নাতক ছাত্ৰ আৰু ৬০ গৰাকী নাৰ্ছ শিক্ষাৰ্থীৰ বাবে আসন, ২২টা ছুপাৰ স্পেচিয়েলিটী বিভাগ আৰু ১৬টা অস্ত্ৰোপচাৰ কক্ষ থাকিব।