• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজয় আৰু ৰাহুলৰ ৰিল ‘ব্লক’! কেন্দ্ৰৰ বিৰুদ্ধে অনৈতিক হস্তক্ষেপৰ অভিযোগ কংগ্ৰেছৰ, কি প্ৰতিক্ৰিয়া মন্ত্ৰালয়ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 1:54 pm
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ বিজয়ৰ শপত গ্ৰহণক লৈ ছ’চিয়েল মিডিয়াত কংগ্ৰেছ-বিজেপিৰ অৰিয়াঅৰি। তামিলনাডুৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ জোচেফ বিজয় আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ এটা ইনষ্টাগ্ৰাম ৰিলক লৈ সৃষ্টি হৈছে এক নতুন ৰাজনৈতিক বিতৰ্কৰ।

কংগ্ৰেছে অভিযোগ কৰে যে ৰাহুল গান্ধীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত টেগ কৰা ৰিলটো ‘ব্লক’ কৰা হৈছে। তেওঁলোকে কেন্দ্ৰৰ নিৰ্দেশত এই কাম কৰা বুলি দাবী কৰে। কিন্তু কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছে।

Apply Now

দীৰ্ঘ সময় ধৰি চলা নাটকৰ অন্তত দেওবাৰে বিজয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে ৰাহুল গান্ধী। কংগ্ৰেছৰ অফিচিয়েল হেণ্ডেলৰ পৰা তেওঁলোকৰ সাক্ষাৎ আৰু শপত গ্ৰহণৰ দৃশ্যৰে প্ৰস্তুত কৰা ৰিল এটা পোষ্ট কৰা হৈছিল। সেই ৰিলক কেন্দ্ৰ কৰিয়েই ঘটিছে বিতৰ্ক। অভিযোগ অনুসৰি কেই মুহূৰ্তমানৰ ভিতৰতে ৰিলটো ব্লক কৰি দিয়া হৈছে।

কংগ্ৰেছৰ সূত্ৰই দাবী কৰিছে যে তামিলনাডুৰ ৰাজনীতিত টিভিকেৰ মহাৰাজকীয় উত্থান আৰু ৰাহুল গান্ধীৰ সৈতে বিজয়ৰ ঘনিষ্ঠ ৰাজনৈতিক সম্পৰ্ক পোহৰলৈ অহাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইনষ্টাগ্ৰামত পোষ্ট কৰা ৰিলটোত ৰাহুল গান্ধী আৰু বিজয়ৰ কেইবাটাও মুহূৰ্ত সন্নিবিষ্ট কৰা হৈছিল। কিন্তু পিছত ৰিলটো ব্যৱহাৰকাৰীয়ে দেখা নাপালে, কিয়নো পোষ্টটোত ‘আইনী প্ৰয়োজনীয়তাৰ বাবে নিষিদ্ধ’ৰ দৰে বাৰ্তা দেখা গৈছিল। ইয়াকে লৈ সৰৱ হৈছে কংগ্ৰেছ।

বিৰোধী নেতাৰ কণ্ঠ ৰুদ্ধ কৰাৰ লগতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ হ্ৰাস কৰিবলৈ কেন্দ্ৰই বিভিন্ন ডিজিটেল প্লেটফৰ্মত হেঁচা প্ৰয়োগ কৰা বুলি দাবী কৰিছে কংগ্ৰেছ শিবিৰে। দলটোৰ এটা অংশই দাবী কৰিছে যে তামিলনাডুত বিজয়ৰ জনপ্ৰিয়তা আৰু ৰাহুল গান্ধীৰ সৈতে তেওঁৰ ৰাজনৈতিক বুজাবুজি বিজেপিৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে এই অভিযোগ লগে লগে অস্বীকাৰ কৰি কয় যে, পোষ্টটো ব্লক বা আঁতৰোৱাৰ কোনো নিৰ্দেশ দিয়া নাই। মন্ত্ৰালয়ে দাবী কৰে যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে নিজৰ নীতি আৰু আইনী কাঠামোৰ ভিত্তিত কন্টেন্ট নিষিদ্ধ কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ কোনো হস্তক্ষেপ হোৱা নাছিল। একে সময়তে কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে দাবী কৰিছিল যে ইনষ্টাগ্ৰামৰ আভ্যন্তৰীণ ব্যৱস্থাই ভুলকৈ পোষ্টটো ব্লক কৰাৰ বাবে চিহ্নিত কৰিছিল। অৱশ্যে এতিয়া পুনৰ উদ্ধাৰ হৈছে।

এক্সত কৰা এটা পোষ্টত কংগ্ৰেছ নেতা তথা গান্ধীৰ সহায়ক শ্ৰীবাত্সে দাবী কৰে যে ‘ইনষ্টাগ্ৰামে শপত গ্ৰহণ অনুষ্ঠানত ৰাহুল আৰু বিজয়ৰ ৰিল আৰু ফটো পোষ্ট ব্লক কৰিছিল।’ ইয়াতেই শেষ নহয়, কংগ্ৰেছ নেতা শ্ৰীবাত্সে অভিযোগ কৰে যে কেন্দ্ৰৰ বিজেপি চৰকাৰে দীৰ্ঘদিন ধৰি লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীৰ এক্স, ইউটিউব আৰু ইনষ্টাত অনুগামীৰ সংখ্যা হ্ৰাস কৰাৰ চেষ্টা চলাই আহিছে।

ব্লকৰ পূৰ্বে ভাইৰেল ৰিলটোৱে এঘণ্টাৰো কম সময়ৰ ভিতৰতে ১ কোটি ২০ লাখ ভিউ লাভ কৰাৰ বিপৰীতে ভাইৰেল ফটো পোষ্টটো ইতিমধ্যে ৪ কোটি ৬০ লাখ লোকৰ কাষ চাপিছিল বুলি শ্ৰীবাত্সে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd