উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণৰ দেশ জুৰি সৃষ্টি হোৱা কঁপনি এতিয়াও মাৰ যোৱাই নাই। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে গোটেই দেশ তীব্ৰ ক্ষোভত ফাটি পৰাৰ সময়তে যোগী চৰকাৰে হাথৰাছৰ তৰুণী গৰাকী ধৰ্ষণৰ বলি হোৱা নাছিল বুলি দাবী কৰি আহিছে।
তাকে লৈ সমগ্র দেশত বাদানুবাদ চলি থকাৰ সময়তে আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চললৈ ধৰ্ষণৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে।
শনিবাৰে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা নিৰ্দেশনাত কেন্দ্ৰই উল্লেখ কৰি কৈছে যে, যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হ’লে অতি শীঘ্ৰেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
নিৰ্দেশনাটোত আৰু কোৱা হৈছেে যে প্ৰথমতে আৰক্ষীয়ে এজাহাৰ দাখিল তথা গোচৰ ৰুজু কৰাতো বাধ্যতামূলক হ’ব আৰু খুব বেছি দুমাহৰ ভিতৰত নাৰী নিৰ্যাতন আৰু ধৰ্ষণজনিত অভিযোগৰ তদন্ত সমাপ্ত কৰিব লাগিব আৰক্ষীয়ে। অপৰাধী তথা অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব।
প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰীয় দাটাবেচো তদন্তকাৰী বিষয়াই ব্যৱহাৰ কৰিব পাৰিব।
নিৰ্দেশনাটোত লগতে কোৱা হৈছে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ থানাৰ অন্তৰ্গত এলেকাৰ ভিতৰত হয় নে নহয় সেয়া বিচাৰ কৰিব নোৱাৰিব। থানাত যিকোনো ঠাইৰে নাৰী নিৰ্যাতন আৰু ধৰ্ষণজনিত অভিযোগ বা এজাহাৰ দাখিল কৰিলে সেয়া আৰক্ষীয়ে তৎকালে গ্ৰহণ কৰি ব্যৱস্থা লোৱাতো বাধ্যতামূলক হ’ব।
তেনে অভিযোগ পোৱাৰ পিছতো আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত গাফিলতি কৰিলে আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।
আনকি এইক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হ’ব বুলি নিৰ্দশনাটোত কোৱা হৈছে।
আৰক্ষীয়ে খবৰ পোৱা বা এজাহাৰ লাভ কৰাৰ ২৪ ঘন্টাৰ ভিতৰত নিৰ্যাতিতা নাৰী গৰাকীক চৰকাৰী চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাতোও বাধ্যমূলক হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।
আনহাতে নিৰ্যাতিতাই মৃত্যু পূৰ্বে দি যোৱা জবানবন্দীক প্ৰমাণিক তথ্য হিচাপে গ্ৰহণ কৰা হ’ব।
কেন্দ্ৰই লগতে কৈছে যে ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহে ছেক্সুৱেল এচাল্ট এভিডেন্স কালেকশ্যন কিট ফৰেনচিক টিমক ব্যৱহাৰ কৰিব লাগিব। এই নিৰ্দেশ অমান্য কৰিলে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত।
উল্লেখ্য যে দেশৰ প্ৰায়বোৰ অঞ্চলতে ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে তাৎক্ষণিক আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়।
ধৰ্ষণকাণ্ডবোৰ বিৰুদ্ধে জনমত গঠন বা প্ৰতিবাদ আদি হোৱাৰ পিছতহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। আনকি বহু ধৰ্ষণকাণ্ডক আৰক্ষীয়ে গাপ দিবলৈ নিৰ্যাতিতা পৰিয়ালক বাধ্য কৰায় বুলিও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে।
কেন্দ্ৰৰ এই নতুন নিৰ্দেশনাৰ পিছত আৰক্ষীয়ে এনে ধৰণৰ গাফিলতি কৰাৰ পৰা বিৰত থাকিব বুলি ধাৰণা কৰা হৈছে।