• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2026 8:15 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুমাহৰো কম সময়ৰ ভিতৰতে গুজৰাটত চান্দীপুৰা ভাইৰাছৰ আক্ৰমণত ১৪ বছৰৰ অনুৰ্ধৰ ২৫ টি শিশুৱে প্ৰাণ হেৰুৱাইছে। চুবুৰীয়া ৰাজ্য ৰাজস্থানৰ পৰাও এই ৰোগৰ কিছুমান ঘটনা পোহৰলৈ আহিছে। ১০ আগষ্টলৈকে ৰাজ্যখনত ২২৫ জন সন্দেহযুক্ত ৰোগী চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ৩৯ জনৰ দেহত এই ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

 

Apply Now

ইতিহাস আৰু পূৰ্বৰ সংক্ৰমণ

 

দুবছৰৰ ব্যৱধানৰ পিছত এই মাৰাত্মক ভাইৰাছবিধ পুনৰ সক্ৰিয় হৈ উঠিছে। ২০২৪ চনত গুজৰাটত এই ভাইৰাছে প্ৰায় ৬০ টি শিশুৰ প্ৰাণ কাঢ়ি নিছিল আৰু ৰাজস্থানত তিনিজনৰ মৃত্যু হৈছিল। যোৱা দুটা দশকত ২০২৪ চনৰ সংক্ৰমণক আটাইতকৈ ভয়ংকৰ বুলি অভিহিত কৰা হৈছিল। বিগত দুবছৰত গুজৰাট আৰু ৰাজস্থান এই ভাইৰাছৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

 

গান্ধীনগৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক হেল্থৰ সহকাৰী অধ্যাপিকা ডাঃ বীণা আয়াৰে জনোৱা মতে, ১৯৬৫ চনত মহাৰাষ্ট্ৰৰ নাগপুৰ অঞ্চলৰ চণ্ডীপুৰা গাঁৱৰ সমীপত পোনপ্ৰথমবাৰৰ বাবে এই ভাইৰাছবিধ চিনাক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৬৭ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত ঔৰংগাবাদ জিলাত চেণ্ডফ্লাই বা বেলেমাখিৰ দেহত এই ভাইৰাছ পোৱা গৈছিল। ১৯৮০ চনত ছত্তীশগড়ৰ ৰায়পুৰত আৰু ২০০৩ চনত অন্ধ্ৰপ্ৰদেশত এই ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। পৰৱৰ্তী সময়ত গুজৰাট আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাতো ইয়াৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল।

 

এটা সময়ত সমগ্ৰ দেশতে এই ভাইৰাছৰ ফলত অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটত সৰ্বমুঠ ৩২২ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছৰ দুটা দশকত সংক্ৰমণৰ হাৰ তুলনামূলকভাৱে কম আছিল যদিও ২০০৯ চনৰ পৰা ২০১২ চনলৈকে উৰিষ্যা, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ কিছুমান অঞ্চলত ইয়াৰ প্ৰভাৱ দেখা গৈছিল।

 

চান্দীপুৰা ভাইৰাছ কি আৰু ইয়াৰ প্ৰভাৱ

 

বিশেষজ্ঞসকলৰ মতে, চান্দীপুৰা ভাইৰাছ মূলতঃ চেণ্ডফ্লাই বা বেলেমাখিৰ জৰিয়তে বিয়পে। এই ভাইৰাছে আক্ৰান্তৰ মগজুত তীব্ৰ প্ৰদাহ বা এনচেফেলাইটিছৰ সৃষ্টি কৰে আৰু ই সাধাৰণতে ১৫ বছৰৰ তলৰ শিশুক বেছিকৈ আক্ৰমণ কৰে।

 

সংক্ৰমণৰ মূল কাৰণসমূহ

গুজৰাট আৰু ৰাজস্থানত এই ভাইৰাছৰ সঘন সংক্ৰমণৰ কোনো স্পষ্ট কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ভৌগোলিক আৰু সামাজিক কাৰণ ইয়াৰ লগত জড়িত থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে। গ্ৰাম্য অঞ্চলৰ কেঁচা ঘৰ, ফাট মেলা বেৰ আৰু ঘৰৰ ওচৰতে থকা গোহালি আদিয়ে বেলেমাখিৰ বংশবৃদ্ধিত সহায় কৰে। ইয়াৰ লগতে অনাময় ব্যৱস্থাৰ অভাৱ আৰু আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা নোহোৱাটোৱেও এই ভাইৰাছ বিয়পাত যথেষ্ট অৰিহণা যোগায় বুলি ডাঃ আয়াৰে স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd