• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অধ্যক্ষ পদৰ দাবীত অটল চন্দ্ৰবাবু নাইডু! আৰু কোন মিত্ৰদলক লৈ চিন্তিত প্ৰধানমন্ত্ৰী?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 11, 2024 12:31 pm
চন্দ্ৰবাবু নাইডু। ফটোঃ সংগ্ৰহীত।

চন্দ্ৰবাবু নাইডু। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে শপত গ্ৰহণৰ দিনা অজিত পাৱাৰৰ এন চি পিক লৈ বিজেপি অস্বস্তিত পৰিছিল। ইপিনে, শপতগ্ৰহণৰ পিছদিনাও চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি আৰু একনাথ শিন্দেৰ শিৱসেনাই চিন্তিত কৰি ৰাখিছে বিজেপিক।

কেন্দ্ৰীয় মন্ত্ৰীসভাত বিজেপিয়ে বিমান মন্ত্ৰালয় তেলেগু দেশমক দিয়াৰ পিছতো লোকসভাৰ অধ্যক্ষ পদক লৈ এতিয়াও অটল চন্দ্ৰবাবু নাইডু। বিপৰীতে বিজেপিয়ে অধ্যক্ষ পদৰ বাবে অন্ধ্ৰ প্ৰদেশৰ বিজেপিৰ সভাপতি ডি পুৰন্দেশ্বৰীৰ নাম আগবঢ়াই দিছে।

পুৰন্দেশ্বৰী তেলেগু দেশমৰ প্ৰতিষ্ঠাপক এন টি ৰাম ৰাওৰ কন্যা। সেই হিচাপে তেওঁ চন্দ্ৰবাবুৰ খুলশালীয়েক। বিজেপি নেতাসকলে আশা কৰিছে যে ভিনিহিয়েকে খুলশালীয়েকৰ বাবে নিজৰ দাবীৰ পৰা আঁতৰি যাব পাৰে। আনহাতে, কংগ্ৰেছে চন্দ্ৰবাবুক বাৰ্তা প্ৰেৰণ কৰিছে যে তেলেগু দেশমে অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী আগবঢ়ালে কংগ্ৰেছে সমৰ্থন দিব পাৰে।

Apply Now

দেওবাৰে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ দুই সাংসদে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাম মোহন নাইডুৱে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চন্দ্ৰশেখৰ পেম্মাছানীয়ে ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

লগতে পঢ়কঃ ‘সমাজত বিভাজনৰ সৃষ্টি কৰা হৈছে, মিছা প্ৰচাৰ চলোৱা হৈছে’-কাৰ পিনে আঙুলি মোহন ভাগৱতৰ?

তেলেগু দেশমৰ দাবী আছিল এটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সংক্ৰান্তীয় মন্ত্ৰালয়। সেই দাবী মানি লৈ কেন্দ্ৰীয় মন্ত্ৰীসভাত তেলেগু দেশমক বিমান পৰিবহণ মন্ত্ৰালয় এৰি দিয়া হয়। চন্দ্ৰশেখৰ পেম্মাছানীক গ্ৰামোন্নয়ন মন্ত্ৰালয় আৰু যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

সূত্ৰ অনুসৰি, ইয়াৰ পিছতো চন্দ্ৰবাবুৱে লোকসভাৰ অধ্যক্ষ পদৰ দাবীত অটল। চন্দ্ৰবাবুৱেও লগতে এন ডি এৰ আহ্বায়ক পদৰো দাবী উত্থাপন কৰিছে। তেওঁৰ মতে, অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনতো তেলেগু দেশমৰ জিএমচি বালাযোগীক লোকসভাৰ অধ্যক্ষ দিয়া হৈছিল। পূৰ্বৰ দৰেই চন্দ্ৰবাবুৱেও এন ডি এৰ আহ্বায়ক পদৰ দাবী জনাইছে।

বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব চন্দ্ৰবাবুৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দেওবাৰে দিল্লীত মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে চন্দ্ৰবাবুৱে। এই সৌজন্যতাৰ মাজতো উত্তেজনা অব্যাহত আছে। এন ডি এত বিজেপিৰ আন এক গুৰুত্বপূৰ্ণ মিত্ৰ নীতিশ কুমাৰৰ জে ডি ইউয়েও অধ্যক্ষ পদৰ দাবীদাৰ।

কিন্তু কিয় চন্দ্ৰবাবু আৰু নীতিশ দুয়োজনে লোকসভাৰ অধ্যক্ষ পদ বিচাৰিছে? লোকসভাত তেলেগু দেশমৰ ১৬ জন আৰু জেডিইউৰ ১২ জন সাংসদ আছে। সংখ্যাগৰিষ্ঠতাৰ বাবে মোডী চৰকাৰক দুয়োটা দলৰ সমৰ্থনৰ প্ৰয়োজন। ভৱিষ্যতে এন ডি এৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ লক্ষণ দেখা দিলে বিজেপিয়ে তেওঁলোকৰ দল ভাঙিব পাৰে বুলি আশংকা কৰিছে নীতিশ-নাইডুৱে।

লগতে পঢ়কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত ইভিএম ভোটদানৰ অনিয়ম উন্মোচন নিৰ্বাচন আয়োগৰ, অসমতো বিসংগতি

ইপিনে, দলত্যাগ বিৰোধী আইনৰ অধীনত বিজেপিত যোগদান কৰিলে দলত্যাগ কৰা সাংসদক অযোগ্য ঘোষণা কৰাৰ ক্ষমতা অধ্যক্ষৰ হাতত আছে।  এন ডি এৰ পৰা আঁতৰি গ’লেও অধ্যক্ষক পদৰ পৰা অপসাৰণ কৰিবলৈ লোকসভাৰ ৫০ শতাংশ সদস্যৰ সমৰ্থনত প্ৰস্তাৱ আনিব লাগিব।

ইয়াৰ মাজতে আন এক মিত্ৰদল একনাথ শিন্দেৰ শিৱসেনাই বিজেপিৰ উদ্বেগ বৃদ্ধি কৰি দাবী কৰে যে তেওঁলোককো কেবিনেট মন্ত্ৰীৰ পদ দিব লাগে। উদ্ধৱ থাকৰেৰ শিৱসেনাৰ পৰা মাত্ৰ এটা ৰাজ্যিক মন্ত্ৰী পদৰ বাবে ওলাই আহি সুখী নহয় শিন্দেৰ সেনা। লোকসভাত শিন্দেৰ দলটোৱে ৭খন আসন লাভ কৰিছিল যদিও তেওঁলোকৰ এজন সাংসদ গণপতৰাও প্ৰতাপৰাও যাদৱকহে আয়ুষ মন্ত্ৰালয়ৰ স্বতন্ত্ৰ দায়িত্বত ৰাজ্যিক মন্ত্ৰীৰ পদ প্ৰদান কৰা হৈছে।

সোমবাৰে দলৰ সাংসদ শ্ৰীৰংগ বাৰ্নে কয় যে তেওঁলোকে কেবিনেট মন্ত্ৰী পদ বিচাৰে। শ্ৰীৰংগই কয় যে সাতজন সাংসদ থকাৰ পিছতো আমাক মাত্ৰ এজন ৰাজ্যিক মন্ত্ৰীৰ পদ দিয়া হৈছে। কিন্তু এইচ ডি কুমাৰস্বামীৰ জে ডি এছত দুজন সাংসদ থকাৰ বিপৰীতে তেওঁলোকে এটা কেবিনেট মন্ত্ৰী পদ লাভ কৰে। বিহাৰৰ পৰা জিতনৰাম মাঝি তেওঁৰ দলৰ একমাত্ৰ সাংসদ। তেওঁৱো কেবিনেট মন্ত্ৰীৰ পদ পাইছে।

দলৰ সাংসদ-বিধায়কসকলে নিজেই শিন্দেৰ ওচৰত অভিযোগ কৰিছে যে নিৰ্বাচনৰ সময়ত বিজেপিয়ে তেওঁলোকৰ দলৰ কাম-কাজতো চকু দিছিল। উদ্ধৱ থাকৰেৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে এই সুযোগতে শিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এন চি পিক কটাক্ষ কৰে। তেওঁৰ প্ৰশ্ন, দল ভাঙি বিজেপিৰ লগত হাত মিলাই মহাৰাষ্ট্ৰৰ বাবে এই দুই নেতাই কি পালে?

লগতে পঢ়কঃ ICC T-20 World Cup: বিশ্বকাপত অব্যাহত দক্ষিণ আফ্ৰিকাৰ জয়যাত্ৰা; যুঁজ দিও পৰাস্ত হ’ল বাংলাদেশ

মহাৰাষ্ট্ৰত বিজেপিৰ আন এজন মিত্ৰ অজিত পাৱাৰৰ এন চি পি নেতা প্ৰফুল্ল পেটেলে দেওবাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নাছিল। কাৰণ বিজেপিয়ে তেওঁলোকক ৰাজ্যিক মন্ত্ৰীৰ পদ দিলেও অজিত পাৱাৰ আৰু প্ৰফুল্ল পেটেল দুয়োজনেই কেবিনেট মন্ত্ৰী পদৰ দাবীত অটল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

বিদেশী সংবাদ মাধ্যমৰ আগত মুখ খুলিলেই বিপদ! নিজৰ নাগৰিকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাপি দিলে ইৰাণে

August 17, 2026 3:15 pm
দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

দিন দুপৰতে গুলীয়াই হত্যা জনপ্ৰিয় টিকটক তাৰকাক; চিচিটিভিত বন্দী হৈছে আক্ৰমণৰ শিহৰণকাৰী দৃশ্য

August 17, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd