নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষীৰ পৃথক পৃথক দুটা সফল অভিযানত চাপৰৰ ৰঙামাটি -হলদিবাৰীৰ পৰা পাঁচজন মহা ঠগ-প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চাপৰ চহৰৰ সত্যপুৰ(ৱাৰ্ড নং-৮)ৰ পৰা এটা দাগী ড্ৰাগ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে লগতে এটা মাৰণাস্ত্ৰ, এখন মটৰ চাইকেল, এখন চাৰিচকীয়া বাহন সহ বহু আপত্তিজনক সামগ্ৰীও জব্দ কৰে বুলি চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে জানিবলৈ দিছে ।
উল্লেখযোগ্য যে শনিবাৰে নিশা এক গোপন সূত্ৰৰ পমখেদি লাভ কৰা খবৰ অনুসৰি চাপৰ আৰক্ষীয়ে সত্যপুৰৰ বাসিন্দা তথা পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ গোচৰত কাৰাবাস খাটি অহা জনমণি দাস (৩০)ৰ ঘৰত অভিযান চলায় ।
Also Read: বিশ্বনাথত নকল পাঁচশ টকীয়া নোটসহ নকল টকা বনোৱা মেচিন, নকল সোণৰ মূৰ্তি জব্দ; দুজনক গ্ৰেপ্তাৰ
অভিযানত জনমণিক হাতে লোটে গ্ৰেপ্তাৰ কৰাৰ লগতে তাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ(ব্ৰাউন চুগাৰ) সহ এ, এছ,১৭ডি ৮০৮৩ নম্বৰৰ মটৰ চাইকেল ,এটা সন্দেহজনক মাৰণাস্ত্ৰ আৰু বহু আপত্তি জনক সামগ্ৰী জব্দ কৰে।
ইপিনে চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিত আন এক বৃহৎ তথা সফল অভিযান চলাই আৰক্ষীয়ে পাঁচটাকৈ ঠগ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ বাবে সমাজহিতৈষী তথা সৰ্ব সাধাৰণ লোকে আৰক্ষীক প্ৰশংসা কৰিছে । এই ঠগবাজ কেইটাক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে এ, এছ ১৯চি ০১১০ নম্বৰৰ এখন টাটা চুম সহ চাৰি ডোখৰ হাড় (তথাকথিত বন মানুহৰ হাড়), ছয়টা মোবাইল ফোন আৰু বহু আপত্তি জনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
Also Read:বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা
ধৃত এই পাঁচটা প্ৰবঞ্চক ক্ৰমে জিয়াৰুল খান(৩৫,শিঙাৰপাক),নাবিয়াল শেখ(৫০,হলদিবাৰী ),মুজাফৰ আলী(৪৫,মাজেৰ গাঁও),বদিয়াল শেখ(৩৬,হলদিবাৰী)আৰু ৰফিকুল হ’ক(২৪,চালাকাটি,বি টি এ ডি) বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে এই পাঁচ প্ৰবঞ্চকে ৰঙামাটি-হলদিবাৰীৰ সমীৰ আলী(৪০)ৰ ঘৰত তথাকথিত বনমানুহৰ হাড়ৰ ভেল্কীবাজি প্ৰদৰ্শন কৰি থাকোতে আৰক্ষীয়ে হাতে-লোটে ধৰে যদিও গৃহস্থ সমীৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰে।
স্মৰ্তব্য যে ৰঙামাটি হলদিবাৰী অঞ্চলত এটা চক্ৰই এই ধৰণৰ অন্ধবিশ্বাসৰ ওপৰত ভিত্তি কৰি হনুমান মাৰ্কা পইচা, লাল পইচা, হুদু চৰাইৰ পাখি, স্টোন, মাইল পোষ্ট, পুৰণি বগা ,সেউজীয়া বটল , ১৮৬৬ চনৰ পইচা, আদিৰ এক বৃহৎ চোৰাং ব্যৱসায় চলাই থকাৰ অভিযোগ দীর্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে।
Also Read: Omicron in India: ৰাজস্থানতো অ’মিক্ৰণত আক্ৰান্ত ৯জন; মহাৰাষ্ট্ৰত ৭জনকে ধৰি দেশত ২১জনলৈ বৃদ্ধি
আনহাতে, চুবুৰীয়া পাহাৰীয়া ৰাজ্যখনৰ উপৰিও ৰাজস্থান, গুজৰাট,হাৰিয়ানা আদিৰ পৰা বিভিন্ন লোক এই চক্ৰৰ এজেণ্টৰ জৰিয়তে ইয়ালৈ আহি প্ৰবঞ্চিত হোৱাৰ খবৰো বিভিন্ন সময়ত ওলাই আছিল।
চাপৰ আৰক্ষীৰ এই অভিযানে উক্ত অভিযোগ সঁচা প্ৰমাণিত কৰিলে। বিশেষ সূত্ৰে জানিব পৰা মতে এই ধৰণৰ ঠগবাজি কৰা চক্ৰৰ কবলত পৰি বহুতৰে সৰ্বনাশ হৈছে।