ঐতিহাসিক টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰিলে। স্বাভাৱিকতে বঁটা বিজয়ীৰ তালিকাত ভাৰতীয়ই আধিপত্য বিস্তাৰ কৰিছে। সঞ্জু চেমছনক বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। ২০২৪ চনৰ বিশ্বকাপ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল যশপ্ৰীত বুমৰাহ। এইবাৰ বুমৰাহৰ ‘মুকুট’ সঞ্জুৰ হাতলৈ গ’ল। আৰু বুমৰাহ ফাইনেলৰ শ্ৰেষ্ঠ হৈ পৰিল।
যোৱাবাৰৰ ফাইনেলতো ভাৰতৰ তাৰকা পেচাৰগৰাকীয়ে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। এইবাৰো তেওঁ সেই ধাৰা অব্যাহত ৰাখিলে। মুঠৰ ওপৰত তেওঁ এই বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়। ৮খন মেচত মুঠ ১৪টা উইকেট দখল কৰে। ২৮ অভাৰত মাত্ৰ ১৭৪ ৰানহে ব্যয় কৰে। ইকোনমি ৰেট ৬.২১। ষ্ট্ৰাইক ৰেট ১২।
২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পুৰস্কাৰৰ তালিকা
১) বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ : সঞ্জু চেমছন (বিশ্বকাপত ৩২১ ৰান, গড় ৮০.২৫, ষ্ট্ৰাইক ৰেট ১৯৯.৩৭)।
২) বিশ্বকাপৰ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱা : যশপ্ৰীত বুমৰাহ (৪ অভাৰত ১৫ ৰান দি ৪টা উইকেট)।
৩) সৰ্বোচ্চ ৰান : চাহিবজাদা ফাৰহান (পাকিস্তান)।
৪) সৰ্বাধিক উইকেট : যশপ্ৰীত বুমৰাহ (১৪ টা উইকেট)।
৫) চেম্পিয়ন দল: ভাৰত।
টি-২০ বিশ্বকাপত সৰ্বাধিক উইকেট
১) যশপ্ৰীত বুমৰাহ (ভাৰত): ১৪ টা উইকেট (বুমৰাহৰ ইকনমি ৰেট অতি ভাল)।
২) বৰুণ চক্ৰৱৰ্তী (ভাৰত): ১৪ টা উইকেট।
৩) শ্বেডলী ক্লড ভান শ্বালকৱিক (আমেৰিকা): ১৩ টা উইকেট।
৪) ব্লেছিং মুজাৰাবানী (জিম্বাবুৱে): ১৩ টা উইকেট।
৫) আদিল ৰছিদ (ইংলেণ্ড): ১৩ টা উইকেট।
টি-২০ বিশ্বকাপত সৰ্বাধিক ৰান
১) সাহিবজাদা ফাৰহান (পাকিস্তান): ৩৮৩ ৰান।
২) টিম ছেইফাৰ্ট (নিউজিলেণ্ড): ৩২৬ ৰান।
৩) সঞ্জু চেমচন (ভাৰত): ৩২১ ৰান।
৪) ঈশান কিষাণ (ভাৰত): ৩১৭ ৰান।
৫) ফিন এলেন (নিউজিলেণ্ড): ২৯৮ ৰান।
সৰ্বোচ্চ ব্যক্তিগত ইনিংছ
১) যুৱৰাজ শৰ্মা (কানাডা): ১১০ ৰান।
২) জেকব বেথেল (ইংলেণ্ড); ১০৫ ৰান।
৩) ফিন এলেন (নিউজিলেণ্ড): ১০০ নট আউট।
৪) হেৰী ব্ৰুক (ইংলেণ্ড); ১০০ ৰান।
৫) পাথুম নিশংকা (শ্ৰীলংকা); ১০০ নট আউট।





