• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সঞ্জুৰ অনবদ্য শতক, আকিলৰ দুৰ্দান্ত বলিং; মুম্বাইক ১০৩ ৰানত পৰাস্ত কৰিলে চি এছ কেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:57 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ দুই প্ৰবল প্ৰতাপী দলৰ যুঁজত অসহায়ভাৱে আত্মসমৰ্পণ কৰিলে মুম্বাই ইণ্ডিয়ানছে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে হাৰ্দিক পাণ্ডিয়াৰ দলটো ১০৩ ৰানত পৰাস্ত হয়। ইয়াৰ পিছতে হাৰ্দিকৰ অধিনায়কত্ব আৰু মুম্বাইৰ বেটিংক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

মেচখনত প্ৰথমে বেটিং কৰিবলৈ নমা চেন্নাই ছুপাৰ কিংছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০৭ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ সঞ্জু চেমছনে ৫৪টা বলত অনবদ্য শতক অৰ্জন কৰে। এইটোৱেই আছিল জয়ৰ দিশত প্ৰথম সংকেত। তেওঁৰ বাহিৰে কোনেও ডাঙৰ ৰান কৰা নাছিল।

Apply Now

ঋতুৰাজে ১৪টা বলত ২২ ৰান সংগ্ৰহ কৰাৰ পিছত দেৱাল্ড ব্ৰেভিছে ১১টা বলত ২১ ৰান সংগ্ৰহ কৰে। চেন্নাইৰ ডাঙৰ ৰানৰ আঁৰত সঞ্জু চেমছনৰ ইনিংছ যিমান গুৰুত্বপূৰ্ণ আছিল তাতকৈ বেছি হতাশাজনক আছিল মুম্বাইৰ বলাৰৰ ব্যৰ্থতা।

এই মেচখনতো যশস্প্ৰীত বুমৰাহে ৩১ ৰান দি মাত্ৰ এটা উইকেটহে লাভ কৰে। শেষৰখন খেলৰ নায়ক অশ্বনী কুমাৰে এই খেলখনত ২টা উইকেট দখল কৰে। আল্লাহ গাজানফৰে ২টা উইকেট দখল কৰে। তেওঁ মাত্ৰ ২৫ ৰানহে দিয়ে। হাৰ্দিকে হতাশ কৰিলে।

২০৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৰোহিতৰ ঠাইত অ’পেন কৰিবলৈ ওলাই অহা দানিছ মালেৱাৰে শুন্য ৰানতে ওভতে। আকিল হোছেইনৰ বলত সঞ্জুৱে কেচ লৈ পেভিলিয়নলৈ উভতাই পঠিয়ায়। কুইণ্টন ডি ককে ছয়ৰে আৰম্ভণি কৰিছিল যদিও ১০ বলত মাত্ৰ ৭ ৰান সংগ্ৰহ কৰিয়েই আউট হয়। তিনি নম্বৰত নমা নমন ধীৰো ফ্লপ হয়। আৰু ইয়াৰ ফলত মুম্বাই ইণ্ডিয়ানছৰ কঁকাল ভাঙি পৰে।

সূৰ্যকুমাৰ যাদৱ (৩৬) আৰু তিলক ভাৰ্মাই (৩৭) একমাত্ৰ কিছু যুঁজ দি ৰান সংগ্ৰহ কৰে। তেওঁলোকৰ বাহিৰে আন কোনোৱে দুটা অংক লাভ কৰিব নোৱাৰিলে।

মুম্বাই ইণ্ডিয়ানছক বিধ্বস্ত কৰাৰ আঁৰত আছিল আকিল হোছেইন। তেওঁ অকলে চাৰিটা উইকেট দখল কৰে। কেৱল চাৰিটা উইকেট লোৱাই নহয়, ৪ অভাৰত ১৭ ৰান দিয়াৰ লগতে এটা অভাৰ মেডেন দিয়ে । তেওঁৰ আধিপত্যৰে মুম্বাই দিশহাৰা হৈ পৰে। আকিলক বাদ দি নুৰ আহমেদে দুটা উইকেট দখল কৰে। মুকেশ চৌধুৰী, অংশুল কামোজ, জেমী অভাৰটন আৰু গুৰজাপনীত সিঙে এটাকৈ উইকেট দখল কৰে। মুম্বাই ইণ্ডিয়ানছে ১৯ অভাৰত ১০৪ ৰান সংগ্ৰহ কৰি অল আউট হয়।

এই মেচখনৰ অন্তত মুম্বাই ইণ্ডিয়ানছ অষ্টম স্থানলৈ নামি আহে। ৭খন মেচ খেলি দুখনত জয়ী হৈ ৪ পইণ্টত থাকে। আনহাতে, বেয়া আৰম্ভণিৰ পৰা উধাই চেন্নাই ছুপাৰ কিংছ পঞ্চম স্থানলৈ উন্নত হয়। তেওঁলোকে সাতখন মেচৰ তিনিখনত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd