বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয় চৌহদত “পৰিপুষ্টি আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ মাতৃ আৰু শিশু ৱাৰ্ড”ৰ আধাৰশিলা স্থাপন কৰে।
ভাৰতীয় তেল নিগমৰ কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নিৰ্মাণ কৰিবলগীয়া এই মাতৃ আৰু শিশু পৰিপুষ্টি ৱাৰ্ডৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে মাতৃ আৰু শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰিবৰ বাবে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই এটা আঁচনি লৈছিল আৰু তাৰ দ্বাৰা উপায়ুক্তগৰাকীয়ে ভালে সংখ্যক অপুষ্টিত ভোগা মাতৃ আৰু শিশুৰ অপুষ্টি দূৰ কৰিবলৈ সক্ষম হৈছে।
মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ বাবে উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই আৰম্ভ কৰা “পৰিপুষ্টি আৰু পুনৰসংস্থাপন কেন্দ্ৰৰ মাতৃ আৰু শিশু ৱাৰ্ড” নিৰ্মাণ কৰিবলৈ বঙাইগাঁও তেল শোধনাগাৰে আগবঢ়োৱা পুঁজিৰে উক্ত কাম অভিযন্তাক দিনে নিশাই কৰি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনায়।
বিধায়কগৰাকীয়ে কয় যে বঙাইগাঁওবাসী ৰাইজৰ এনে কিছুমান সমস্যা আছে যি সমস্যা চৰকাৰী পুঁজিৰে সমাধান কৰা সম্ভৱ নহয়। বঙাইগাঁও শোধনাগাৰে বিগত দিনতো সামাজিক দায়ৱদ্ধতাৰে বিভিন্ন কামত সহায় কৰি আহিছে আৰু ভৱিষ্যতেও বঙাইগাঁৱৰ অন্যান্য কামত সহায় আগবঢ়াই যাবলৈ ভাৰতীয় তেল নিগমক অনুৰোধ জনায় বিধায়ক চৌধুৰীয়ে ৷
উল্লেখ্য যে এই অনুষ্ঠানতেই বঙাইগাঁৱৰ ৯ গৰাকী কোভিডত স্বামীক হেৰুৱা বিধৱাক “মুখ্যমন্ত্ৰীৰ কোভিড বিধৱা সাহায্য আঁচনি”ৰ অধীনত প্ৰতিগৰাকীকে ২.৫০লাখ( দুই লাখ পঞ্চাশ হেজাৰ)টকাৰ চেক প্ৰদান কৰা হয়।
বিধায়ক চৌধুৰীয়ে সমূহ ৰাইজক কোভিডৰ পৰা হাত সাৰি থাকিবলৈ সকলো কোভিড বিধি মানি চলিবলৈ আহ্বান জনায় যাতে পুনৰ কোভিডত কোনো লোকৰ জীৱন হানি নহয়। অনুষ্ঠানত উপায়ুক্ত ডা: এম এছ লক্ষ্মী প্ৰিয়াই বঙাইগাঁও তেল শোধনাগাৰৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে তেওঁলোকৰ সহায়-সহযোগিতাৰ বাবে।
তদুপৰি তেওঁ কয় যে কোভিড এতিয়াও শেষ হোৱা নাই। গতিকে সমূহ ৰাইজক কোভিড বিধি ভালদৰে মানি চলিবলৈ আৰু দুয়োপালি টিকা গ্ৰহণ কৰি নিজকে সুৰক্ষিত থাকিবলৈ আহ্বান জনায়।
সভাত বঙাইগাঁও তেল শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ প্ৰতীম বৰুৱায়ো বক্তব্য ৰাখে। অনুষ্ঠানত বঙাইগাঁও তেল শোধনাগাৰৰ উপ মহা প্ৰৱন্ধক সীতা বৰুৱা, অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য)পংকজ চমুৱা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা:পি কে ৰয়, লোকনিৰ্মাণ গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।