চেন্নাইত অনুষ্ঠিত ৪৪ সংখ্যক দবা অলিম্পিয়াডত সফলতা অৰ্জন কৰিছে ভাৰতে। প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ শাখাত ব্ৰঞ্জৰ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে।
প্ৰাগনানন্ধা, গুকেশ, নিহাল, ৰৌনক আৰু অধিবনেৰে গঠিত ভাৰতৰ ‘বি’ দলে অন্তিম ৰাউণ্ডৰ খেলখনত জাৰ্মানীক ৩-১ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
আনহাতে ভাৰতৰ মহিলা এ দলটোৱে অন্তিম ৰাউণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় যদিও তৃতীয় স্থান লাভেৰে ব্ৰঞ্জ পদক জয় কৰিবলৈ সক্ষম হয়।
ব্ৰঞ্জ জয়ী দলটোত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল বৈশালী, কোনেৰু হাম্ফি, তানিয়া শচদেৱ আৰু ভক্তি কুলকাৰ্নীয়ে।
স্মৰ্তব্য যে ২০১৪ চনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত দবা অলিম্পিয়াডত ভাৰতে দ্বিতীয়বাৰৰ বাবে পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
প্ৰতিযোগিতাখনত উজবেকিস্তান দলটোৱে পুৰুষ শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে আৰ্মেনিয়াৰ দখললৈ যায় ৰূপৰ পদক।
উল্লেখ্য যে এইবাৰেই প্ৰথমবাৰৰ বাবে ভাৰতত দবা অলিম্পিয়াড প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তামিলনাডুৰ মামল্লাপুৰমত অনুষ্ঠিত প্ৰতিযোগিতাখন আজি সামৰণি পৰিব।