NORTHEAST NOW (Assamese)

কোভিড আক্ৰান্ত হৈ অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ দেহাৱসান

September 3, 2020 5:24 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ গুৱাহাটীৰ জি এন আৰ চি হস্পিটেলত চিকিৎসাধীন হৈ থকা অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ মৃত্যু হয়।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা বিমল দাস ভূতত্ব জৰীপ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আছিল।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা বিমল দাসৰ লগতে তেওঁৰ অভিনেত্ৰী পত্নী চেতনা দাসো ক’ৰ’না আক্ৰান্ত হৈ জি এন আৰ চি হস্পিটেলত চিকিৎসাধীন হৈ আছে।

বিগত ২৮ আগষ্টত চেতনা দাস আৰু তেওঁৰ স্বামীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে দুয়োকো জি এন আৰ চি হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

জি এন আৰ চি হস্পিটেলৰ চিকিৎসক সকলে দুয়োকো চিকিৎসা প্ৰদান কৰি থকাৰ মাজতে চেতনা দাসৰ স্বামী বিমল দাসৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানে।

বৰ্তমানো অভিনেত্ৰী চেতনা দাস হস্পিটেলত চিকিৎসাধীন হৈ আছে।

Related News