• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শ পূজাৰাৰ: স্থান পালে শচীন-দ্ৰাবিড়-লক্ষ্মণৰ সৈতে একে তালিকাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2023 4:59 pm
Pujara
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ গজৰ যুঁজৰ আটাইতকৈ দীঘলীয়া ফৰ্মেট টেষ্ট ক্ৰিকেটত বিগত এক দশক পূৰ্বে ভাৰতীয় দলৰ বেটিং লাইনআপ শোভাবৰ্ধন কৰিছিল শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, ভিভিএছ লক্ষ্মণৰ দৰে তাৰকা ক্ৰিকেটাৰে। বিশেষজ্ঞ টেষ্ট ক্ৰিকেটাৰৰ ৰূপত এই ত্ৰিমূৰ্তিয়ে ক্ৰীজত টিকি থাকি বিপক্ষৰ বিৰুদ্ধে গঢ়ি তুলিছিল ভাৰতৰ বাবে এক শক্তিশালী দুৰ্গ।

কিন্তু ক্ৰমাৎ টি-২০ ক্ৰিকেটৰ প্ৰভাৱেই হওক বা খেলুৱৈৰ আগ্ৰাসী মনোভাৱেই হওক সাম্প্ৰতিক সময়ত টেষ্ট ক্ৰিকেটৰ চোক পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে বুলি মাজে-সময়ে চৰ্চা চলে। সেইদৰে সম্প্ৰতি হ্ৰাস পাইছে টেষ্ট বিশেষজ্ঞ ৰূপত বেটাৰৰ সংখ্যাও। ভাৰতীয় দলতো শচীন-দ্ৰাবিড়-লক্ষ্মণৰ অৱসৰৰ পিছত এনে এক স্বাভাৱিক পৰিৱৰ্তন দৃষ্টিগোচৰ হৈছিল।

Apply Now

কিন্তু টেষ্ট ক্ৰিকেটৰ চিনাকি বিশেষজ্ঞ শৈলীৰ এই ধাৰাটো ভাৰতীয় ক্ৰিকেটত যথাসাধ্য অব্যাহত ৰাখি চেতেশ্বৰ পূজাৰাই এই দীঘলীয়া ফৰ্মেটটোত ভাৰতীয় দলৰ বেটিং লাইনআপৰ মেৰুদণ্ড ৰূপত অৱতীৰ্ণ হৈছে। এই সুপৰিচিত শৈলীৰেই এতিয়া পূজাৰাই স্পৰ্শ কৰিছে এক ঈৰ্ষণীয় মাইলষ্ট’ন আৰু এই নৱ কৃতিত্বৰে স্থান লাভ কৰিছে শচীন-দ্ৰাবিড়-লক্ষ্মণৰ দৰে ক্ৰিকেটাৰৰ বিশেষ তালিকাত।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত চতুৰ্থ টেষ্টৰ তৃতীয় দিনা আজি অষ্ট্ৰেলিয়ান বলিং আক্ৰমণক দৃঢ়তাৰে প্ৰত্যাহ্বান জনাই পূজাৰাই ৪২ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। এই ইনিংছটোৰে পূজাৰাই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ২০০০ ৰানৰ সীমা অতিক্ৰম কৰে। লক্ষণীয়ভাৱে, এই কৃতিত্ব বৰ্তমানৰ কোনো সক্ৰিয় ভাৰতীয় ক্ৰিকেটাৰে অৰ্জন কৰিব পৰা নাই।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ইতিপূৰ্বে কেৱল শচীন টেণ্ডুলকাৰ, ভিভিএছ লক্ষ্মণ, ৰাহুল দ্ৰাবিড়েহে ২০০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ২০১৭-১৮ ছিজনত প্ৰথমবাৰৰ বাবে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অৱতীৰ্ণ হোৱা পূজাৰাই আজি নিজৰ ২৪ সংখ্যক মেচত এই কৃতিত্ব অৰ্জন কৰে।

উল্লখ্যে যে, দুয়োটা দলৰ মিলাই এতিয়ালৈকে কেৱল ছয়গৰাকী খেলুৱৈয়ে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ এই চাৰিগৰাকী খেলুৱৈৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ হৈ প্ৰাক্তন তাৰকাদ্বয় ৰিকী পণ্টিং আৰু মাইকেল ক্লাৰ্কে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ২০০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এই তালিকাত ৩,২৬২ ৰানেৰে টেণ্ডুলকাৰ শীৰ্ষত আছে।

ইফালে চলিত টেষ্টখনত অষ্ট্ৰেলিয়াৰ ৪৮০ ৰানৰ বৃহৎ স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতে কালিৰ ৩৬ ৰানৰ পৰা আজিৰ ইনিংছ আৰম্ভ কৰি এইপৰ্যন্ত ৩ উইকেটৰ বিনিময়ত ২৮১ ৰান সংগ্ৰহ কৰিছে। অধিনায়ক ৰোহিত শৰ্মাই ৩৫ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ পিছত শুভমন গিল আৰু পূজাৰাই ভাৰতীয় ইনিংছৰ ভেটি গঢ়ি তোলে। পূজাৰাই ৪২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গিলে ১২৮ ৰানৰ এক দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে।

বৰ্তমান বিৰাট কোহলীয়ে ৫৫ আৰু ৰবীন্দ্ৰ জাদেজাই ১৩ ৰানৰ সংগ্ৰহ কৰি ক্ৰীজত অপৰাজিত আছে। হাতত সাতটা উইকেট বাকী থকা অৱস্থাত ভাৰত এতিয়াও অষ্ট্ৰেলিয়াতকৈ ১৯৮ ৰানত পিছপৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am
খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

খান ছাৰলৈ আভ্যন্তৰীন জামিন : পৰৱৰ্তী শুনানিলৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে

June 20, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd