• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশ্নকাকতত কুকুৰৰ নাম ‘ৰাম’ ৰখাৰ অভিযোগ: প্ৰধান শিক্ষয়িত্ৰী নিলম্বিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2026 12:22 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ এখন চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী প্ৰশ্নকাকতক লৈ সৃষ্টি হোৱা এক বিতৰ্কৰ পাছত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন কৰা হৈছে। প্ৰশ্নকাকত এখনত এটা কুকুৰৰ নাম হিচাপে ‘ৰাম’ শব্দটো উল্লেখ কৰাৰ ফলত ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ লগত জড়িত থকাৰ বাবে প্ৰশ্নকাকতৰ মডাৰেটৰ হিচাপে কাম কৰা এগৰাকী ঠিকাভিত্তিক মহিলা শিক্ষয়িত্ৰীকো সেৱাৰ পৰা বৰ্খাস্ত কৰাৰ বাবে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ ৰায়পুৰ সংমণ্ডলৰ চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাৰ সময়ত এই ঘটনা পোহৰলৈ আহে।

জানিব পৰা মতে চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কাকতখনত এটা প্ৰশ্ন সোধা হৈছিল যে মোনাৰ কুকুৰটোৰ নাম কি আছিল। এই প্ৰশ্নটোৰ উত্তৰৰ বাবে চাৰিটা বিকল্প দিয়া হৈছিল আৰু তাৰে এটা বিকল্প আছিল ৰাম। হিন্দু ধৰ্মত ভগৱান ৰাম এজন অত্যন্ত পূজনীয় দেৱতা হোৱাৰ বাবে এটা কুকুৰৰ নামৰ বিকল্প হিচাপে এই নামটো ব্যৱহাৰ কৰাক লৈ তীব্ৰ আপত্তিৰ সৃষ্টি হয়। আন তিনিটা বিকল্প আছিল বালা, শ্বেৰু আৰু ওপৰৰ এটাও নহয়। এই কথাটো পোনপ্ৰথমে মহাছামুণ্ড জিলাত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু লাহে লাহে সমগ্ৰ ৰায়পুৰ সংমণ্ডলৰ বিভিন্ন জিলাত ইয়াৰ প্ৰতিক্ৰিয়া দেখা যায়। বিভিন্ন সোঁপন্থী সংগঠনে এই কাৰ্যক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

বিষয়টোৱে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ লগে লগে চৰকাৰীভাৱে এখন পাঁচজনীয়া তদন্ত সমিতি গঠন কৰা হয়। তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত ৰায়পুৰৰ জিলা শিক্ষা বিষয়া হিমাংশু ভাৰতীয়ই নকটি (খাপৰি) চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শিখা ছোনীক নিলম্বন কৰে। একেদৰে সহকাৰী শিক্ষক তথা প্ৰশ্নকাকতৰ মডাৰেটৰ নম্ৰতা ভাৰ্মাৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হয়। শিক্ষা বিভাগে স্পষ্ট কৰি দিয়ে যে ধৰ্মীয় অনুভূতিৰ সৈতে জড়িত এনে স্পৰ্শকাতৰ বিষয়ত গাফিলতি সহ্য কৰা নহ’ব।

বিভাগীয় কৰ্তৃপক্ষক দিয়া লিখিত ব্যাখ্যাত প্ৰধান শিক্ষয়িত্ৰী শিখা ছোনীয় নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ জনাইছে যে আচলতে নামটো ৰামু বুলিহে লিখিব বিচৰা হৈছিল কিন্তু টাইপিং কৰোঁতে ভুলবশতঃ উ আখৰটো বাদ পৰি ৰাম হৈ ৰ’ল। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ সময়ত হোৱা এই ভুলটো পৰীক্ষণৰ সময়তো কাৰো চকুত নপৰিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে কোনো ধৰ্ম বা সম্প্ৰদায়ক অপমান কৰাৰ বা ধৰ্মীয় আৱেগত আঘাত দিয়াৰ তেওঁলোকৰ কোনো উদ্দেশ্য নাছিল। এই অনাকাংক্ষিত ভুলৰ বাবে তেওঁ ক্ষমা বিচাৰি অনুশোচনাও প্ৰকাশ কৰিছে।

আনহাতে মডাৰেটৰ নম্ৰতা ভাৰ্মাই কয় যে তেওঁক জিলা শিক্ষা কাৰ্যালয়ৰ পৰা দিয়া দুটা প্ৰশ্নকাকতৰ ছেটৰ ভিতৰত এটা প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছিল। তেওঁক যি ধৰণে বিকল্পবোৰ দিয়া হৈছিল, তেওঁ সেইবোৰেই ব্যৱহাৰ কৰিছিল। ৰাম শব্দটোত তেওঁৰ সঠিকভাৱে চকু নপৰিল বুলি স্বীকাৰ কৰি তেওঁ কয় যে এইটো এটা অনিচ্ছাকৃত ভুল আছিল। ভৱিষ্যতে এনে ভুল নকৰাৰ আশ্বাস দি তেওঁ এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰিছে।

এই সমগ্ৰ কাণ্ডৰ বাবে জিলা শিক্ষা বিষয়াই টিল্ডাৰ ব্লক শিক্ষা বিষয়াকো সতৰ্কবাণী পত্ৰ জাৰি কৰিছে। এগৰাকী অভিজ্ঞ শিক্ষকক এই দায়িত্বৰ বাবে কিয় বাছনি কৰা নহ’ল, সেই লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও উপযুক্ত মডাৰেটৰ নিযুক্তি নিদিয়াৰ বাবে এখন স্থানীয় চৰকাৰী স্কুলৰ অধ্যক্ষকো সতৰ্ক কৰি দিয়া হৈছে। ইফালে বিশ্ব হিন্দু পৰিষদৰ দৰে সংগঠনসমূহে মহাছামুণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে চাকৰিৰ পৰা সম্পূৰ্ণৰূপে বৰ্খাস্ত কৰিবলৈ দাবী জনাই আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd