• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ নিৰ্বাচনত জয়ৰ পিছতে হেঙেৰাবাৰী বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 2, 2021 6:44 pm
Himanta Biswa Sharma press address
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষিত উপ নিৰ্বাচনৰ ফলাফলত আটাইকেইটা সমষ্টিতে বিজয় সাব্যস্ত কৰাৰ পিছত হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত সংবাদ মেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মেলত মুখ্যমন্ত্ৰী শৰ্মাই বিজেপিক বিপুল জনাদেশ দিয়া ৰাইজক কৃতজ্ঞতা জনাই কয়, “৫ সমষ্টিৰ ৰাইজলৈ মূৰ দোৱাই সেৱা জনাইছো। ৰাইজৰ আশীৰ্বাদ শিৰত তুলি লৈছো। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি দৃঢ়ভাৱে ৰূপায়ণ কৰা হ’ব।”

মিজোৰাম, নাগালেণ্ড, মেঘালয় আৰু অসমত NEDA ৰ নিৰঙ্কুশ বিজয়ে পুনৰ এবাৰ বিজেপিৰ প্ৰতি থকা ব্যাপক সমৰ্থন আকৌ এবাৰ দোহাৰিলে বুলি মন্তব্য কৰে NEDAৰ আহ্বায়কজনে।

তেওঁ কয়, “গত নিৰ্বাচনত সুশান্ত বৰগোহাঁই আৰু ফণীধৰ তালুকদাৰ তিনিহাজাৰ ভোটত জিকিছিল। কিন্তু এইবাৰ বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছে। বহুদিন থাওৰাৰ ৰাজনৈতিক ইতিহাসত এনে বিজয় দেখা নাছিল।মৰিয়নিতো অভিলেখ সংখ্যক ভোটত জয়ী হৈছে বিজেপি।”

অনাগত চাৰে চাৰি বছৰত সকলো ৰাইজক বিশ্বাসত লৈ সভ্যতা আৰু বিকাশ আগত ৰাখি অসমখনক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

আনহাতে ভৱানীপুৰ সমষ্টিৰ বিজয় সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম আন্দোলনৰ শ্বহীদৰ ভূমি AIUDF ৰ হাতত থকাটো জাতিটোৰ বাবে অতিকৈ লজ্জাজনক আছিল। ২০০৬ চনৰ পাছত সেই বেদনা ধুবলৈ পাই গৌৰৱ অনুভৱ কৰিছো।”

উপ নিৰ্বাচন সঘনাই হোৱাটোও ভাল নহয়, কিন্তু অসমৰ দুই তিনিটা সমষ্টিত ৰাইজে উপ নিৰ্বাচন বিচাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে।

বিশেষকৈ কংগ্ৰেছ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্যই অসমৰ অনাগত সময়ৰ ৰাজনীতিৰো পূৰ্বাভাস দাঙি ধৰিছে। তেওঁ কয়, “কংগ্ৰেছৰ দুই এজন বিধায়কে কৈছে যে কংগ্ৰেছ হাৰিবই। কংগ্ৰেছৰ সভাপতি জন বিধায়ক নহয়, তেওঁৰ লগত বহি থকা লোকে ফোন কৰি মোক কৈছে হাৰিম বুলি।”

গোসাইগাঁও সমষ্টিত টেক্টৰৰ নামত ৰুলাৰত ভোট দিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

তদুপৰি তেওঁ কয়, “আমি উন্নয়ন সকলোৰে বাবে কৰিম কিন্তু যি আমাক ভোট নিদিয়ে বা সম্ভাৱনা নাই তাক ভোট নোখোজোঁ। এইবাৰ বৃহৎ সংখ্যক সংখ্যালঘু লোকে ভোট দিছে বিজেপিক।”

উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “চৰৰ মাটি ছাৰ্ভে হোৱাৰ প্ৰয়োজন আছে। বহু মাটি অবৈধভাৱে দখল কৰি আছে। লামডিং বনাঞ্চলত মহাজনী ব্যৱস্থা চলি আছে। উচ্ছেদ আৰু ছাৰ্ভে কৰিলে বহু দুখীয়া সংখ্যালঘু লোকে ভূমি লাভ কৰিব।”

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd