• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বজ্ৰপাতৰ আগজাননী দিব পৰা প্ৰযুক্তি সংস্থাপনৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 6:56 am
Power Meeting 5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ সামূহিক সংক্ৰমণৰ প্ৰতিৰোধকল্পে বান সাহায্য শিবিৰসমূহত সামাজিক ব্যৱধান, চাবোনেৰে হাত ধোৱা, মাস্ক পৰিধান ইত্যাদিৰ লেখীয়া ক’ভিড-১৯ৰ সকলোবোৰ প্ৰট’ক’ল নিশ্চিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিছে। অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই নিৰ্দেশ দিয়ে।

উল্লেখ্যযোগ্য যে বছৰৰ প্ৰথমটো বানত এতিয়ালৈকে ৰাজ্যখনৰ ৯ খন জিলাৰ ২২৯খন গাঁৱৰ প্ৰায় ২ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে বানপীড়িতৰ সাহায্যৰ বাবে ২৯ টা সাহায্য শিবিৰ আৰু ৬ টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনৰ ১০০৭ হেক্টৰ কৃষিভূমিৰ শস্য এই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সাহায্য শিবিৰসমূহৰ বাবে ইতিমধ্যে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ জাৰি কৰিছে।

Apply Now

বান সাহায্য শিবিৰসমূহত বানপীড়িতসকলৰ হাত ধোৱাৰ বাবে চাবোন আৰু পানী, মাস্ক তথা সাহায্য শিবিৰসমূহৰ যথোচিত চেনিটাইজেশ্যনৰ পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ বাবে সাহায্য সামগ্ৰী বিতৰণত যাতে কোনোধৰণৰ খেলিমেলি নহয়, সেয়া নিশ্চিত কৰাৰ বাবেও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে বানত নিহত হোৱা ব্যক্তিৰ  নিকটাত্মীয়লৈ চ্ছ্ৰজ্জ্ব ঘণ্টাৰ ভিতৰত এককালীন সাহায্য মোকলাই দিবলৈও জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

বানপীড়িতৰ বাবে সাহায্য সামগ্ৰী বিতৰণৰ ব্যৱস্থাটো নিয়মীয়াকৈ পৰ্যালোচনা তথা পৰ্যবেক্ষণৰ বাবেও মুখ্যমন্ত্ৰী সোণোৱালে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

এইক্ষেত্ৰত কিবা খেলিমেলি হ’লে সংশ্লিষ্ট পক্ষক জবাবদিহি কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে বান আশ্ৰয় শিবিৰসমূহত এখন তথ্যফলক অঁৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।

এই তথ্য ফলকত বান আশ্ৰয় শিবিৰত থকা লোকসকলৰ প্ৰতিগৰাকীয়ে কিমান পৰিমাণৰ সাহায্য সামগ্ৰী লাভ কৰিছে তাৰ বিৱৰণ সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে বানত বুৰ যোৱা ট্ৰেন্সফৰ্মাৰ থকা অঞ্চলৰ বিদ্যুৎ যোগান তৎকালে কৰ্তন কৰাৰ বাবেও শক্তি বিভাগক নিৰ্দেশ দিয়ে যাতে বানপানীৰ সময়ছোৱাত কোনোধৰণৰ বিদ্যুৎস্পৃষ্টৰ ঘটনা সংঘটিত হ’ব নোৱাৰে।  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ‘লিৱিছ’ (LEWS) এডভান্সড্‌ লাইটনিং ৱাৰ্নিং ছিষ্টেমৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাত মুখ্যমন্ত্ৰীয়ে বিভাগক এই ব্যৱস্থা স্থাপনৰ উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে যাতে বজ্ৰপাতত নিহত হোৱাৰ দৰে দুৰ্ঘটনা হ্ৰাস কৰিব পৰা যায়।

উল্লেখ্য যে এই ব্যৱস্থাৰ জৰিয়তে সম্ভাব্য বজ্ৰপাতৰ আগজাননী চ্ছ্ৰপ্ত মিনিট আগতে দিব পৰা যায়।

ৰাজ্যখনৰ ৮ খন জিলাৰ ১৫৭ টা বানত বিধ্বস্ত পথৰ মেৰামতিকৰণৰ কাম আৰম্ভ কৰাৰ বাবে গড়কাপ্টানী বিভাগক নিৰ্দেশ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক খহনীয়াপ্ৰৱণ এলেকাসমূহৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আৰ চি চি পাৰ্কুপাইন, বাঁহ, বালিৰ বস্তা ইত্যাদিৰ লেখীয়া সামগ্ৰীসমূহ মজুত কৰাৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলক লকডাউন আৰু মে’ মাহৰ প্ৰতিকূল বতৰৰ বাবে মথাউৰিসমূহ নিৰ্মাণৰ দিশত বিলম্ব হোৱাৰ কথাটো জনসাধাৰণক অৱগত কৰাৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক বানপানী, বজ্ৰপাত তথা ধুমুহাৰ লেখীয়া প্ৰাকৃতিক দুৰ্যোগসমূহত নিজৰ কৰণীয় আৰু অকৰণীয় বিষয়সমূহ সামৰি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে বিজ্ঞাপনেৰে প্ৰচাৰ কাৰ্য চলোৱাৰ বাবেও নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিলৈ এইবছৰৰ প্ৰথম কিস্তিৰ ৩৮৬ কোটি টকা মোকলাই দিয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে এই পুঁজিৰ যথোচিত ব্যৱহাৰৰ বাবে নিৰ্দেশ দিয়ে যাতে ৰাজ্যখনৰ বন্যাক্ৰান্তই এই পুঁজিৰে সকাহ পাব পাৰে।

বাৰিষাকালত ৰাজ্যখনত যাতে কোনোধৰণৰ নৌকা দুৰ্ঘটনা সংঘটিত নহয়, তাৰ নিশ্চিত ব্যৱস্থা ল’বলৈও আভ্যন্তৰীণ জল পৰিবহণ বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে নাও তথা ফেৰীসমূহ যাত্ৰী তথা চালকসকলক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ বাবেও আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে পশুপালন আৰু পশুচিকিৎসা বিভাগক বান ক্ষতিগ্ৰস্ত এলেকাসমূহৰ ঘৰচীয়া জীৱ-জন্তুৰ বাবে পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী যোগানৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বানাক্ৰান্ত অন্যান্য বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ জীৱ-জন্তুসমূহৰ বাবেও খাদ্য যোগানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd