• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ বান পৰিস্থিতি আৰু বন্যপ্ৰাণীৰ সমস্যাৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উদ্যান কর্তৃপক্ষ, জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনক নির্দেশ মুখ্য মন্ত্রীৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 17, 2020 8:14 am
IMG-20200716-WA0072~2

যন্ত্ৰচালিত নাৱেৰে মৰা ডিফলু নদীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি বুজ ল’বৰ বাবে বৃহস্পতিবাৰৰ দিনা কাজিৰঙালৈ আহে মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল ৷

কাজিৰঙাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি উদ্যানখনত বানপানীয়ে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ লগতে বন্যপ্ৰাণীৰ সমস্যাৰো বুজ লয়।

Apply Now

বৃহস্পতি বাৰৰ পুৱাৰ ভাগতে মুখ্য মন্ত্ৰীয়ে কহঁৰাৰ ৰাইজিং চান ইংলিছ স্কুলত স্থাপন কৰা এটা আশ্রয় শিৱিৰ পৰিদর্শন কৰি তাত আশ্রয় গ্রহণ কৰি থকা ৫১ টা বন্যাৰ্ত পৰিয়ালৰ সদস্যৰে মত বিনিময় কৰি তেওঁলোকৰ অৱস্থা আৰু সমস্যাৰ বুজ লয় ৷

পৰৱৰ্তী সময়ত মুখ্য মন্ত্ৰী গৰাকীয়ে কাজিৰঙাৰ বন্যপ্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্র পৰিদর্শন কৰে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন অঞ্চলৰ পৰা বানপানীৰ সময়ত উদ্ধাৰ কৰি অনা বন্যপ্ৰাণীসমুহৰ উপযুক্ত প্ৰতিপালন কৰাৰ বাবে কেন্দ্ৰটোৰ বিষয়ববীয়াসকলক তেওঁ নির্দেশ দিয়ে।

বন্যপ্ৰাণীৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই কেন্দ্ৰটোত থকা বিভিন্ন ব্যৱস্থাৱলীৰ বুজ লোৱাৰ উপৰিও কেন্দ্ৰটোত প্ৰতিপালিত মাতৃহাৰা এটা গঁড়ৰ পোৱালিক মুখ্য মন্ত্রীয়ে নিজ হাতেৰে দুগ্ধ পানো কৰায় ৷

ইয়াৰ পিছতে মুখ্য মন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰিত বনাঞ্চলত যন্ত্ৰচালিত নাৱেৰে মৰা ডিফলু নদীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  প্লাৱিত এলেকা পৰিদর্শন কৰে।

বানপানীৰ সময়ত বন্যপ্ৰাণীয়ে আশ্রয়ৰ লোৱাৰ বাবে নির্মাণ কৰা হাই লেণ্ডবোৰো পৰিদৰ্শন কৰি তাত আশ্রয় লোৱা বন্যপ্ৰাণীসমুহৰ পৰিদৰ্শন কৰাৰ লগতে ডিফলু নদীৰ দুয়য়োকাষে  বানপানীৰ গৰাহত পৰা মৰা ডিফলু, মুৰফুলনি  আৰু গৰাকাটি বন শিৱিৰৰ সমীপত উপস্থিত হৈ তেওঁ যন্ত্ৰচালিত নাৱঁৰ পৰাই শিৱিৰ কেইটাৰ বনকৰ্মীসকলৰ সৈতে মত-বিনিময়ো কৰে ৷

কাজিৰঙা পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে জলসম্পদ মন্ত্রী কেশৱ মহন্ত, কৃষি মন্ত্রী অতুল বৰা, সাংসদ কামাখ্যা প্রসাদ তাচাৰ লগতে কাজিৰঙাৰ সঞ্চালক আৰু বন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে ৷

মুখ্য মন্ত্ৰীয়ে নদীৰ বুকুতেই সাংবাদিকসকলৰ সৈতেও মত-বিনিময় কৰে।

বানপানীৰ সময়ত উদ্যানখনৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষা সুনিশ্চিত কৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্য মন্ত্রীয়ে কাজিৰঙাৰ চৌপাশৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে শেহতীয়া বানত মৃত্যু হোৱা বোকাখাত মহকুমাৰ দুগৰাকী ব্যক্তি ক্রমে বাবু খেড়ীয়া আৰু সর্বেশ্বৰ দলেৰ পৰিয়ালৰ হাতত ৰাজ্য চৰকাৰে প্রদান কৰা ৪ লাখ টকাৰ এককালীন সাহায্যৰ চেকো প্রদান কৰে।

উল্লেখযোগ্য যে শেহতীয়া বানত বোকাখাত মহকুমাৰ ৬৩ খন গাঁৱৰ প্রায় ৮০,৪০০ গৰাকী লোকে, ২১ হাজাৰ পশুধন আক্রান্ত হোৱাৰ লগতে ১৬১৬ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে।

যাৰবাবে বোকাখাত মহকুমাত ২১ টা আশ্রয় শিৱিৰ আৰু ৯৫ টা সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰা হৈছে । আশ্রয় শিৱিৰসমূহত ৪১২৭ গৰাকী লোকে আশ্রয় গ্রহণ কৰিছে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd