• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে অভিলেখ সংখ্যক ৫ লাখ মেট্ৰিকটন চাউল অসমলৈ আহিছে : মুখ্য মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2020 8:33 pm

2 min read

ল’কডাউনৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে অভিলেখ সংখ্যক ৫ লাখ মেট্ৰিকটন চাউল অসমলৈ আহিছে : মুখ্য মন্ত্ৰী
682
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ছোৱাত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলৰ যাতায়ত ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গড়চুকস্থিত অসম দক্ষতা বিকাশ অভিযান কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হয়।

বৈঠকত ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ লগতে বিভিন্ন জিলাত আৱদ্ধ হৈ থকা লোকসকলৰ যাতায়ত ব্যৱস্থাটো অধিক সুচলতৰ কৰাৰ উদ্দেশ্যৰে বিভিন্ন বিষয়ত আলোচনা কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনাৱলীৰ আধাৰত যাত্ৰীসকলক অহা-যোৱা সূচলতৰ কৰাৰ বাবে পৰিবহন বিভাগে গুণগত সেৱা আগবঢ়াব লাগিব আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে যিসকল লোকক অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত যাত্ৰীকলে যাতে সুনিশ্চিত সেৱা লাভ কৰিব পাৰে তাৰ বাবে বিভাগে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

বৈঠকত পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে যোৱা ২৫ এপ্ৰিলৰ পৰা ২ মে’লৈ অসম ৰাজ্যিক পৰিবহন বিভাগে ২০৯০ খন বাছৰ জৰিয়তে ৩২৮৮৮ গৰাকী যাত্ৰীৰ অহা-যোৱাৰ সুবিধা প্ৰদান কৰে।

মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ৪৫ খন ধাবা মুকলি কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ উপৰি ৮৫ খন ট্ৰাক মেৰামতি কৰা দোকান মুকলি কৰা হয়।

মন্ত্ৰী গৰাকীয়ে অসম ৰাজ্যিক পৰিবহন নিগমে মহানগৰীত ২০০ খন চিটিবাছ চলোৱাৰ উপৰি আন্তঃজিলা পৰিবহন সূচলতৰ কৰাৰ বাবে ২৪৮ খন বাছৰ সেৱা আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্য মন্ত্ৰী সোণোৱালে ল’কডাউনৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূবৰ বাবে ৬.৫ লাখ মেট্ৰিকটন চাউল এই অঞ্চলটোলৈ আহে বুলিও মুখ্য মন্ত্ৰী সোণোৱালে কয়।

মুখ্য মন্ত্ৰীয়ে এই সময়ছোৱাত ৰাজ্যখনলৈ ৪৫২ টা ৰে’লৱে ৰেক অহাৰ লগতে ৪৪৭৩২ খন খাদ্য সামগ্ৰী কঢ়িওৱা ট্ৰাক অসমত প্ৰৱেশ কৰে।

পৰিবহন বিভাগে এল পি জি ট্ৰাকৰ যাতায়ত সুনিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপৰ ফলত৫৪৭৪৩ মেট্ৰিকটন বটলিং কৰাটো সম্ভৱ হৈ উঠে বুলিও উল্লেখ কৰে।

ৰে’লৱে য়াৰ্ডৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইলৈ খাদ্য সামগ্ৰী কঢ়িওৱাৰ বাবে লকডাউনৰ সময়ছোৱাত ৫৩১১৮ খন ট্ৰাকে যাতায়ত কৰে।

আনহাতে, ল’কডাউনৰ সময়ছোৱাত ৪১৮৪১ জন শ্ৰমিকক নিয়োগ কৰা হয় বুলিও সোণোৱালে লগতে কয়।

সোণোৱালে ক’ৰ’না ভাইৰাছক সম্পৰ্কত মানুহৰ মনত আৰম্ভণিতে ভয় আৰু শংকা বৃদ্ধি পাইছিল যদিও স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আজি জনসাধাৰণৰ মাজত আত্মবিশ্বাস জাগি উঠিছে বুলি মত প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে দক্ষতাসম্পন্ন যুৱ প্ৰজন্মৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব পৰা যাব বুলিও কয়। উঠি অহা প্ৰজন্মক যথোচিত প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে অসম দক্ষতা বিকাশ অভিযানক নিৰ্দেশ দিয়া হৈছে বুলিও তেও কয়।

Recent News

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd