• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে অভিলেখ সংখ্যক ৫ লাখ মেট্ৰিকটন চাউল অসমলৈ আহিছে : মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2020 8:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ সময়ছোৱাত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলৰ যাতায়ত ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গড়চুকস্থিত অসম দক্ষতা বিকাশ অভিযান কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হয়।

বৈঠকত ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলৰ লগতে বিভিন্ন জিলাত আৱদ্ধ হৈ থকা লোকসকলৰ যাতায়ত ব্যৱস্থাটো অধিক সুচলতৰ কৰাৰ উদ্দেশ্যৰে বিভিন্ন বিষয়ত আলোচনা কৰা হয়।

Apply Now

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে স্বাস্থ্য বিভাগে দিয়া নীতি-নিৰ্দেশনাৱলীৰ আধাৰত যাত্ৰীসকলক অহা-যোৱা সূচলতৰ কৰাৰ বাবে পৰিবহন বিভাগে গুণগত সেৱা আগবঢ়াব লাগিব আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে যিসকল লোকক অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত যাত্ৰীকলে যাতে সুনিশ্চিত সেৱা লাভ কৰিব পাৰে তাৰ বাবে বিভাগে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

বৈঠকত পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে যোৱা ২৫ এপ্ৰিলৰ পৰা ২ মে’লৈ অসম ৰাজ্যিক পৰিবহন বিভাগে ২০৯০ খন বাছৰ জৰিয়তে ৩২৮৮৮ গৰাকী যাত্ৰীৰ অহা-যোৱাৰ সুবিধা প্ৰদান কৰে।

মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ৪৫ খন ধাবা মুকলি কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ উপৰি ৮৫ খন ট্ৰাক মেৰামতি কৰা দোকান মুকলি কৰা হয়।

মন্ত্ৰী গৰাকীয়ে অসম ৰাজ্যিক পৰিবহন নিগমে মহানগৰীত ২০০ খন চিটিবাছ চলোৱাৰ উপৰি আন্তঃজিলা পৰিবহন সূচলতৰ কৰাৰ বাবে ২৪৮ খন বাছৰ সেৱা আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্য মন্ত্ৰী সোণোৱালে ল’কডাউনৰ সময়ছোৱাত ভাৰতীয় খাদ্য নিগমৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূবৰ বাবে ৬.৫ লাখ মেট্ৰিকটন চাউল এই অঞ্চলটোলৈ আহে বুলিও মুখ্য মন্ত্ৰী সোণোৱালে কয়।

মুখ্য মন্ত্ৰীয়ে এই সময়ছোৱাত ৰাজ্যখনলৈ ৪৫২ টা ৰে’লৱে ৰেক অহাৰ লগতে ৪৪৭৩২ খন খাদ্য সামগ্ৰী কঢ়িওৱা ট্ৰাক অসমত প্ৰৱেশ কৰে।

পৰিবহন বিভাগে এল পি জি ট্ৰাকৰ যাতায়ত সুনিশ্চিত কৰাৰ বাবে লোৱা পদক্ষেপৰ ফলত৫৪৭৪৩ মেট্ৰিকটন বটলিং কৰাটো সম্ভৱ হৈ উঠে বুলিও উল্লেখ কৰে।

ৰে’লৱে য়াৰ্ডৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইলৈ খাদ্য সামগ্ৰী কঢ়িওৱাৰ বাবে লকডাউনৰ সময়ছোৱাত ৫৩১১৮ খন ট্ৰাকে যাতায়ত কৰে।

আনহাতে, ল’কডাউনৰ সময়ছোৱাত ৪১৮৪১ জন শ্ৰমিকক নিয়োগ কৰা হয় বুলিও সোণোৱালে লগতে কয়।

সোণোৱালে ক’ৰ’না ভাইৰাছক সম্পৰ্কত মানুহৰ মনত আৰম্ভণিতে ভয় আৰু শংকা বৃদ্ধি পাইছিল যদিও স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আজি জনসাধাৰণৰ মাজত আত্মবিশ্বাস জাগি উঠিছে বুলি মত প্ৰকাশ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে দক্ষতাসম্পন্ন যুৱ প্ৰজন্মৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তুলিব পৰা যাব বুলিও কয়। উঠি অহা প্ৰজন্মক যথোচিত প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে অসম দক্ষতা বিকাশ অভিযানক নিৰ্দেশ দিয়া হৈছে বুলিও তেও কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd