DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাউথ আছিয়ান এচ’ছিয়েশ্বন ফৰ ষ্টাডি অৱ লিভাৰৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2019 9:07 am
Sarbananda Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি

799
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে গুৱাহাটী মহানগৰীত অনুষ্ঠিত চাউথ আছিয়ান এচ’ছিয়েশ্বন ফৰ ষ্টাডি অৱ লিভাৰৰ সপ্তম সংখ্যক বাৰ্ষিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি কয় যে এই সন্মিলনে যকৃত সম্পৰ্কীয় নতুন চিকিৎসা পদ্ধতি আৰু নতুন প্ৰযুক্তি সম্পৰ্কে জনাৰ সুযোগ প্ৰদান কৰে।

মুখ্য মন্ত্ৰীয়ে কয় যে এই সন্মিলনত অংশ গ্ৰহণ কৰা বিশেষজ্ঞ চিকিৎসক সকলৰ মত-বিনিময় আৰু এই সম্পৰ্কীয় অভিজ্ঞতাৰ আদান-প্ৰদানে যকৃতৰ চিকিৎসাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব।

সোণোৱালে লগতে কয় যে বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ। অকল স্বাস্থ্য ক্ষেত্ৰতে নহয় বিভিন্ন ক্ষেত্ৰত বিশ্বজুৰি প্ৰতিযোগিতাৰ সূচনা হৈছে। মুখ্য মন্ত্ৰীয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ান আৰু বি বি আন দেশসমূহৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে।

‘এক্ট ইষ্ট পলিচি’ৰ জৰিয়তে আছিয়ান দেশসমূহৰ লগত বিজ্ঞান, প্ৰযুক্তি, ক্ৰীড়া, সংস্কৃতি, পৰ্যটন ইত্যাদি দিশ সমূহৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলক অপূৰ্ব সুযোগ প্ৰদান কৰিছে।

সোণোৱালে কয় যে প্ৰধান মন্ত্ৰীৰ এই ৰূপান্তৰমুখী চিন্তাক আমি সকলোৱে বাস্তৱত পৰিণত কৰাৰ বাবে অগ্ৰসৰ হ’ব লাগিব। ৰাজ্য চৰকাৰে আছিয়ান আৰু বি বি আন দেশসমূহৰ লগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে যাতে গুৱাহাটীক দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখ হিচাপে পৰিগণিত কৰিব পৰা যায়।

ভূটান আৰু বাংলাদেশে ইতিমধ্যে বাণিজ্যিক দূতাবাস স্থাপন কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে দক্ষিণ পূৱ এছিয়াৰ বজাৰ সামৰি ল’ব পৰাকৈ আমাৰ যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধি কৰিব লাগিব। উৎসৰ্গিত মনোভাৱ, কঠোৰ শ্ৰমৰ জৰিয়তে আছিয়ান দেশসমূহত অসমে এদিন বিশেষ ৰূপত জিলিকি উঠিব পাৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

ইতিমধ্যে আমাৰ জৈৱিক কৃষি সামগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিছে বুলি উল্লেখ কৰি সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি কম সময়ৰ ভিতৰতে বিশ্বৰ মানচিত্ৰত ভাৰতক শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰৰ অনুষ্ঠানত ডাঃ এছ পি সিং, ডাঃ ভৱদেৱ গোস্বামী প্ৰমুখ্যে দেশ আৰু বিদেশৰ বিশেষজ্ঞ চিকিৎসক সকলে অংশগ্ৰহণ কৰে।

Recent News

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd