• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদ মাধ্যমৰ সম্পাদকৰ আগত দিয়া প্ৰতিশ্ৰুতি ভুৱা আছিল নেকি মুখ্য মন্ত্ৰী সোণোৱালৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 22, 2018 9:06 am
385860-sarbananda-sonowal-700

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমীয়া জাতিয়েই যদি নাথাকে তেন্তে মই মুখ্য মন্ত্ৰী হৈ থাকি কি লাভ?’ অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই নকৰো।‘ উপৰোক্ত বচন দুফাঁকি জাতীয় নায়ক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰায়েই আওৰাই থকা দেখা যায়।

উল্লেখযোগ্য যে, অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো কামেই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নকৰে বুলি যোৱা ১২ মে’ত ব্ৰহ্মপুত্ৰ অতিথিশালাত সংবাদ মাধ্যমৰ জ্যেষ্ঠ সম্পাদক সকলৰ আগত ব্যক্ত কৰিছিল মুখ্যমন্ত্রী সোণোৱালে ।

Apply Now

ইয়াৰ বিপৰীতে, ৫ মাহৰ পিছতেই অৰ্থাৎ যোৱা ১২ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহকৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবলৈ সংসদত উত্থাপন কৰিবলগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতি সমৰ্থন দিবলৈ আনুষ্ঠানিকভাৱে সাজু হোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

ইয়াৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুই মেৰুত অৱস্থানৰ কথাটো সু-স্পষ্ট হৈ পৰিছে বুলি সচেতন মহলত ব্যাপক চৰ্চা চলিছে। এই ক্ষেত্ৰত অসমৰ ৰাইজক জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি, অসমখনক বিদেশীমুক্ত হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি যেন নেচেল হৈ পৰিছে।

এসময়ৰ জাতীয় নায়ক তথা বৰ্তমানৰ অসমৰ মুখ্য মন্ত্ৰীৰ দুমুখীয়া স্থিতিয়ে কেনেদৰে এখন সৰ্বাংগ সুন্দৰ ৰাজ্য গঢ় দিব তাক লৈও এক প্ৰশ্ন উত্থাপন হৈছে।

লক্ষণীয় কথা যে, মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ মুখ্য সম্পাদক সকলৰ আগত কৰা উক্ত দুই মন্তব্যক ‘আবেগ সৃষ্টিৰ চমক’ আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

তদুপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে ৰাজ্যিক বিজেপিৰ কাৰ্য্য নিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বিষয়টোৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘’তেওঁ যদি প্ৰকৃততে জাতীয় নায়ক, তেন্তে তেওঁ বিধেয়কখনৰ বিৰোধিতা কৰিব লাগিছিল।‘’

আনহাতে, বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ো মুখ্য মন্ত্ৰীৰ দুমুখীয়া স্থিতিৰ বিৰুদ্ধে সৰব হৈ নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’তেওঁ নিজৰ কথাৰ মৰ্যাদা ৰাখিব পৰা নাই। যদি তেওঁৰ কথাৰ মৰ্যাদা ৰাখিব বিচাৰে তেন্তে তেওঁ অনতি পলমে মুখ্য মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে।‘’

শইকীয়াই লগতে কয়, ‘’তেওঁৰ সন্মুখতে মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে প্ৰস্তাৱ ল’লে আৰু ঘৰে-ঘৰে গৈ নাগৰিকত্ব সংশধনী বিধেয়কৰ সপক্ষে প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত ল’ব পাৰিলে, গতিকে এই দুয়োটাই অসম চুক্তি বিৰোধী কথা। গতিকে অসমীয়া জাতিৰ স্বাৰ্থত তেওঁ গাদী এৰা উচিত।‘’

ইপিনে আলোচনাপন্থী আলফা তথা খিলঞ্জীয়া মঞ্চ অসমৰ সদস্য সচিব মৃণাল হাজৰিকাই নৰ্থ ইষ্ট নাওৰ আগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতিক লৈ ক্ষুৰধাৰ সমালোচনা কৰে।

তেওঁ কয়, ‘’সৰ্বানন্দ সোণোৱালৰ নিজস্ব বুলিবলৈ একো নাই এতিয়া। সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে তেওঁৰ জাতীয়তাবাদী যি দৃষ্টিভংগী আছিল সেইবোৰ জলাঞ্জলি দি তেওঁ বিজেপিলৈ আহিছে। যিহেতু আৰএছএছৰ নীতি-নিৰ্দেশনা মতে বিজেপি দল চলে, গতিকে তেঁৱো এতিয়া সেই আদৰ্শ মতেই চলিব লাগিব।‘’

তদুপৰি ‘’মুখ্য মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সম্পাদক সকলৰ আগত মন ভাল লগাবলৈ জাতীয়তাবাদী বক্তব্য ৰাখি কিছুদিনলৈ অসমবাসীক সন্তুষ্ট কৰি ৰাখিলে।‘’

‘’সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ সিদ্ধান্তক বিৰোধ কৰিব নোৱাৰে, যদি কৰে তেন্তে তেওঁক মুখ্য মন্ত্ৰী পদৰ পৰা আঁতৰাই দিব। দেশ-জাতিৰ কাৰণে ইমানখিনি ত্যাগ কৰিব পৰা মানসিকতা তেওঁৰ আগতেও নাছিল, এতিয়াও নাই।‘’ মৃণাল হাজৰিকাই এইদৰে কয়।

আনহাতে, এই সম্পৰ্কত ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰিয়ে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘’এই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে কেনেকৈ জাতিটো বাচিব? এইখন অসমীয়া জাতিধ্বংসী বিধেয়ক।‘’

তদুপৰি ‘’অসমীয়া জাতিৰ বিঘ্নিত হোৱাকৈ কোনো সিদ্ধান্ত লোৱা নহয়’ বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘’এইটো ৰাজনৈতিক ডাইলগ, গতিকে তেওঁ নিজৰ লগতে ৰাখক। মুঠতে নাগৰিকত্ব সংশোধনী বিধেয়কখন ডিমাছা ছাত্ৰ সন্থাই কোনোপধ্যে গৃহীত হ’বলৈ নিদিওঁ, ইয়াক বাতিল কৰিবই লাগিব।‘‘

আনহাতে, এই সন্দৰ্ভত দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’অসমৰ মুখ্য মন্ত্ৰী হ’ল ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামী, গতিকে সোণোৱালে মিছা মতাটো কোনো ডাঙৰ কথা নহয়।‘’

তেওঁ লগতে কয়, ‘’তেওঁলোকে জনসাধাৰণৰ মন ভুলাবৰ বাবে এনেধৰণৰ মন্তব্যবোৰ কৰি থাকে। মুঠৰ ওপৰত দিল্লীৰ ওচৰত অসমৰ চৰকাৰখনে আঁঠু লৈছে।‘’ তেওঁ সৰ্বানন্দ সোণোৱালক ‘জাতিৰ কাৰণে এক কলংক’ বুলি আখ্যা দিয়ে।

সেইদৰে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অনুসূচিত জাতি যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে। তেওঁ কয়, ‘’মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মেৰুদণ্ডহীন আৰু অকমৰ্ণ্য মুখ্য মন্ত্ৰী। কেন্দ্ৰীয় বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ গৈ থকাৰ সময়তে ধৃতৰাষ্ট্ৰৰ দৰে অভিনয় কৰি আছে সৰ্বানন্দ সোণোৱালে।‘‘

তেওঁ লগতে কয়, ‘’অসমৰ ইতিহাসত এনেকুৱা মুখ্য মন্ত্ৰীৰ উদাহৰণ নাছিল যি অসমীয়াৰ অস্তিত্ব নিঃশেষ কৰি ৰাজপাট দখল কৰিলে।‘’

বিভিন্ন দল-সংগঠনৰ এনেবোৰ মন্তব্যৰ পৰা বিষয়টো স্পষ্ট হৈ উঠিছে যে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে প্ৰকৃততে কৰিছে কি? প্ৰশ্ন হয়, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত জাতি-মাটি-ভেটিৰ শ্ল’গান দি কেনেদৰে অসমীয়া খিলঞ্জীয়া ৰাইজৰ সমৰ্থন আদায় কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে?’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd