• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰীক সাক্ষাৎ সোণোৱালৰ; স্মাৰকপত্ৰ যোগে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2019 6:58 pm
WhatsApp Image 2019-06-12 at 12.47.28 PM

প্ৰধান মন্ত্ৰীৰে সাক্ষাৎ সোণোৱালৰ।

1.1k
VIEWS
Share on FacebookShare on Twitter

নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত সাক্ষাৎ কালত সোণোৱালে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অসমৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে সমস্যাসমূহ সমাধানৰ বাবে পূৰ্বৰ দৰে সহায়-সহযোগিতা কামনা কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে আলোচনাৰ সময়ত ৰাজ্যৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ বাবে প্ৰধান মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

সোণোৱালে প্ৰদান কৰা স্মাৰক পত্ৰত অসমৰ বান আৰু গৰাখহনীয়া সমস্যা আৰু নগাঁও আৰু কাছাৰ কাগজ কলৰ প্ৰসংগই মুখ্য স্থান পাই।

স্মাৰক পত্ৰত সোণোৱালে অসমৰ গৰাখহনীয়া সমস্যাক এছ ডি আৰ এফৰ গাইড লাইনত প্ৰাকৃতিক দুৰ্যোগ হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ আৰু অসমৰ দৰে ৰাজ্যসমূহত সঘনাই ঘটি থকা ধুমুহা আৰু বজ্ৰপাতৰ ঘটনাকো প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনায়।

আনহাতে, মুখ্য মন্ত্ৰীয়ে বান প্ৰতিৰোধ, বানপানীৰ বাবে প্ৰস্তুতি, নিৰাময়, পুনৰ নিৰ্মাণ ইত্যাদি দিশ সমূহকো দুৰ্যোগ ব্যৱস্থাপনাৰ আওতালৈ অনাৰ বাবে আহ্বান জনায় যাতে ইয়াৰ অধীনত পৰ্যাপ্ত পুঁজি আগবঢ়াব পৰা যায়।

লগতে এছ ডি আৰ এফৰ অনুদান আৰ্হি বৰ্তমানৰ ৯০ : ১০ পৰিবৰ্তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০ শতাংশ সাহায্য অনুদান হিচাপে ৰূপায়ণ কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

উল্লেখযোগ্য যে, স্মাৰক পত্ৰখনত মুখ্য মন্ত্ৰীয়ে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ বাবে গুৰু উদ্যোগ বিভাগে প্ৰস্তুত কৰা পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় কেবিনেটত উত্থাপন কৰাৰ জৰিয়তে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা ল’বলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।

আকৌ, প্ৰধান মন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত যোগ্যতাসম্পন্ন ৰাজ্যখনৰ বাদ পৰি যোৱা হিতাধিকাৰীসকলকো এই যোজনাখনৰ স্থায়ী ৱেটিং লিষ্টত অন্তৰ্ভূক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ব্যৱস্থা কৰিবলৈ আহ্বান জনায় যাতে এই সকল হিতাধিকাৰীয়েও নিৰাপদ পকীঘৰ লাভ কৰিব পাৰে।

মুখ্য মন্ত্ৰী সোণোৱালে অৰ্পন কৰা স্মাৰকপত্ৰত তাৰোপৰি ঔদ্যোগিক বিনিয়োগ, নগৰ উন্নয়ণ, মীন, পথ আৰু দলং, পৰ্যটন, স্বাস্থ্য, শক্তি, জলসম্পদ ইত্যাদি খণ্ডত ৰূপায়ণ কৰিবলগীয়া প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক পৰিমাণৰ পূজি আশা কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালক সকলো সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে বুলি সোণোৱালে মত প্ৰকাশ কৰে।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd