ভাৰত মহাসাগৰত দখল শক্তিশালী কৰাৰ চেষ্টা; ভাৰতৰ অনুপস্থিতিত ১৯ খন দেশৰ সৈতে বৈঠক চীনৰ

এই সপ্তাহৰ আৰম্ভণিতে চীনে ভাৰত মহাসাগৰ অঞ্চলৰ ১৯ খন দেশৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে। তাত ভাৰতৰ বাহিৰে দক্ষিণ এছিয়াৰ সকলো দেশ আছিল। সূত্ৰসমূহে জনায় যে ভাৰতক বৈঠকলৈ নিমন্ত্ৰণ কৰা হোৱা নাছিল। চীনে বৈঠকখনক কৌশলগত সামুদ্ৰিক ক্ষেত্ৰত বেইজিঙৰ ক্ৰমবৰ্দ্ধমান প্ৰভাৱ বৃদ্ধিৰ উপায় হিচাপে চাইছে। কিয়নো ই এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্য পথ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে জড়িত সংস্থা চাইনা ইণ্টাৰনেচনেল ডেভেলপমেণ্ট কো-অপাৰেচন এজেন্সিৰ (চিআইডিচিএ) এক বিবৃতিত কোৱা হৈছে যে ২১ নৱেম্বৰত ভাৰত মহাসাগৰ আঞ্চলিক উন্নয়ন সহযোগিতা মঞ্চৰ (আইঅআৰএফডিচি) বৈঠকত ১৯ খন দেশে অংশগ্ৰহণ কৰিছিল। এই বৈঠকত ভাৰতক আমন্ত্ৰণ জনোৱা হোৱা নাছিল।

লগতে পঢ়ক: মোদীৰ ”পৰম মিত্ৰ”হোৱাৰ বাবেই আম্বানীৰ ৰিলায়েন্সে নিৰ্মাণ কৰিব পাৰে নেকি Private Zoo?

ইণ্ডোনেছিয়া, পাকিস্তান, ম্যানমাৰ, শ্ৰীলংকা, বাংলাদেশ, মালদ্বীপ, নেপাল, আফগানিস্তান, ইৰাণ, ওমান, দক্ষিণ আফ্ৰিকা, কেনিয়া, মোজাম্বিক, তাঞ্জানিয়া,  চেচেলছ, মাদাগাস্কাৰ, মৰিচাছ, জিবুতি আৰু অষ্ট্ৰেলিয়াকে ধৰি ১৯ খন দেশ আৰু তিনিটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধিসকলে বৈঠকত অংশগ্ৰহণ কৰে। ইউনান প্ৰদেশৰ কুনমিঙত যৌথ উন্নয়ন সামুদ্ৰিক অৰ্থনীতিৰ নীতিৰ ওপৰত আধাৰিত কৰি এই বৈঠক পোনপটীয়াকৈ অনলাইনত অনুষ্ঠিত হয়।

চীন আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সহযোগিতা সংস্থা (চিআইডিচিএ)ৰ দ্বাৰা এই মঞ্চৰ আয়োজন কৰা হৈছিল। প্ৰাক্তন উপ বৈদেশিক মন্ত্ৰী আৰু ভাৰতত চীনা ৰাষ্ট্ৰদূত লুও ঝাওহুইৰ নেতৃত্বত এইটো এটা চৰকাৰী সংস্থা। সংস্থাৰ অফিচিয়েল ৱেবছাইট অনুসৰি, ঝাওহুই চিআইডিচিএ নেতৃত্ব গোটৰ সচিব। যোৱা বছৰো চীনে ভাৰতৰ অংশগ্ৰহণ অবিহনে কোভিড-১৯ ভেকছিন সহযোগিতাৰ ওপৰত দক্ষিণ এছিয়াৰ কিছুমান দেশৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছিল।

লগতে পঢ়ক: কিয় খং উঠিছে ছাকিৰাৰ? আইনী প্ৰক্ৰিয়াৰে যুঁজ দিবলৈ সাজু পপ ছুপাৰষ্টাৰগৰাকী!

ভাৰত মহাসাগৰ অঞ্চলত প্ৰভাৱ বৃদ্ধিৰ বাবেই চীনৰ এই প্ৰচেষ্টা।বিশাল সামুদ্ৰিক ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ ক্ষেত্ৰখন বিস্তৃত কৰিবলৈ এই মঞ্চ ব্যৱহাৰ কৰি চীনে ভাৰত মহাসাগৰ অঞ্চলৰ দেশবোৰৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে বুলি বিশেষজ্ঞসকলে কয়।

বৈঠকৰ পিছত প্ৰকাশ কৰা চিআইডিচিএৰ এক বিবৃতিত কোৱা হৈছে যে চীনে প্ৰয়োজনীয় বিত্তীয়, সামগ্ৰী আৰু কাৰিকৰী সমৰ্থন প্ৰদান কৰিবলৈ সাজু। বিবৃতিটোত কোৱা লগতে হৈছে যে চীনে ইউনান প্ৰদেশৰ সমৰ্থনত চীন আৰু ভাৰত মহাসাগৰ অঞ্চলৰ দেশসমূহৰ বাবে ব্লু ইকনমি থিংক টেংক নেটৱৰ্ক স্থাপনৰ প্ৰস্তাৱো দিছে।

চীনে পাকিস্তান আৰু শ্ৰীলংকাকে ধৰি কেইবাখনো দেশত বন্দৰ আৰু আন্তঃগাঁথনিত বিনিয়োগ কৰি ভাৰত মহাসাগৰ অঞ্চলত ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ শক্তিশালী প্ৰভাৱ প্ৰতিহত কৰিবলৈ চীনে স্পষ্টভাৱে ২৩ খন দেশ সদস্য হিচাপে থকা ভাৰত মহাসাগৰ ৰিম এছ’চিয়েচন (IORA) ৰ দৰে ভাৰত-সমৰ্থক সংগঠনত শক্তিশালী ভাঙোনৰ চেষ্টা চলাইছে।

লগতে পঢ়ক: কাপোৰ নিপিন্ধিলেও মহিলাসকলক ভাল লাগে! সস্তীয়া মন্তব্য কৰি শলঠেকত বাবা ৰামদেৱ

চলিত বৰ্ষৰ জানুৱাৰী মাহত শ্ৰীলংকা ভ্ৰমণৰ সময়ত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ঝিয়ে ভাৰত মহাসাগৰত দ্বীপদেশসমূহৰ উন্নয়নৰ বাবে এখন মঞ্চ গঠনৰ প্ৰস্তাৱ দিছিল। চিআইডিচিএৰ বৈঠকত ৱাঙে যি প্ৰস্তাৱ দিছিল সেয়াই নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে ২১ নৱেম্বৰৰ বৈঠক ইয়াৰ অংশ নহয়।