• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কিম জঙকলৈ ৰহস্য ঘণীভূত; চীনে উত্তৰ কোৰিয়ালৈ পঠালে চিকিৎসকৰ দল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 25, 2020 1:23 pm

2 min read

South Korea says Kim Jong Un is alive and well: Report

উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন। ফটো: এ বি চি নিউজৰ সৌজন্যত

36.8k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কোৰিয়াৰ একনায়ক নেতা কিম জং উনৰ স্বাস্থ্যকলৈ সৃষ্টি হোৱা ৰহস্য ক্ৰমে আৰু ঘণীভূত হৈ পৰিছে।

আমেৰিকা আৰু দক্ষিণ কোৰিয়াকে ধৰি কেইবাখনো দেশৰ সংবাদ মাধ্যমৰ বাতৰিত কিমৰ স্বাস্থ্যৰ অৱনতিকলৈ বিভিন্ন ধৰণৰ দাবী কৰা হৈছে।

ইয়াৰ মাজতে চীনে তেওঁলোকৰ এটা চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰিছে।

বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ বিতৰ্কিত নেতা কিম জঙৰ বেমাৰৰ খৱৰৰ মাজতে চীনে এটা চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰিছে।

কোৱা হৈছে যে চিকিৎসকৰ দলটো ইতিমধ্যে বেইজিঙৰ পৰা উত্তৰ কোৰিয়ালৈ ৰাওনা হৈছে। অৱশ্যে, কিমৰ স্বাস্থ্য সম্পৰ্কীয় কোনো শেহতীয়া খৱৰ প্ৰকাশ পোৱা নাই। চীনৰ চিকিৎসকৰ দলটো তাত উপস্থিত হোৱাৰ পাছতে তাৰ পৰা কিবা খৱৰ পোৱাৰ আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে ছিউলৰ এটা ৱেবছাইটত কিম জং উনৰ স্বাস্থ্য ঠিক নহয় বুলি প্ৰকাশ পোৱাৰ কথা সদৰী হৈছিল যদিও তেতিয়াও তেওঁৰ স্বাস্থ্যৰ সম্পৰ্কত সম্পূৰ্ণ তথ্য দিয়া হোৱা নাছিল।

বাতৰি অনুসৰি, কাৰ্ডিঅ’ভেস্ক্যুলৰ ৰোগৰ বাবে কিম জঙৰ দীৰ্ঘদিনৰ পৰা চিকিৎসা চলি আছে। পাছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে।

কিমৰ স্বাস্থ্যকলৈ আমেৰিকাৰ আৰু দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত দুই ধৰণৰ দাবী কৰা হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যমত চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছিল যে কিং জং হয়তো ক’মাত আছে নহয়তো তেওঁৰ ব্ৰেইন ডেড হৈছে।

আনহাতে, দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে দেশখনৰ সংবাদ মাধ্যমে লিখিছিল যে কিম জঙৰ হাৰ্ট চাৰ্জাৰী চলি আছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি সম্পৰ্কত কোনো তথ্য নাই।

কিম জঙৰ স্বাস্থ্যক লৈ বিভিন্ন বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে চীনে চিকিৎসকৰ দল প্ৰেৰণ কৰা বাতৰিয়ে স্বাভাৱিকতে ৰহস্য অধিক ঘণীভূত কৰি তুলিছে।

শেষবাৰৰ বাবে যোৱা ১২ এপ্ৰিলত কিম জং উনৰ ৰাজহুৱা উপস্থিতি ধৰা পৰিছিল।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd