• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৈভৱক নতুন ছিক্স মেচিন আখ্যা; ১৫ বছৰীয়া এই কিশোৰৰ কৃতিত্বত মুগ্ধ ক্ৰিছ গেইল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 4:26 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটৰ বেট লৈ নমাৰ অৰ্থ হ’ল কিবা নহয় কিবা এটা অভিলেখ গঢ়ি তোলা। ক্ৰিছ গেইলৰ ক্ষেত্ৰত ছবিখন এনেকুৱাই আছিল। আই পি এল হওক বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট হওক, গেইলৰ ট্ৰেক ৰেকৰ্ড ভংগ হোৱা নাই।

এইবাৰ বৈভৱ সূৰ্যবংশীৰ ক্ষেত্ৰতো একেই ছবি দেখা গৈছে। মাত্ৰ ১৫ বছৰ বয়সত তেওঁ যি ছন্দত খেলিছে, সেয়া অনাগত কেইবছৰমানৰ ভিতৰত যদি তেওঁ কিংবদন্তিগৰাকীৰ অভিলেখ ভংগ কৰে তেন্তে আচৰিত হ’বলগীয়া একো নাথাকিব। উদাহৰণস্বৰূপে, এছ আৰ এইচ মেচত তেওঁ গেইলৰ ছয় মৰাৰ অভিলেখ ভংগ কৰিছে। এইবাৰ ক্ৰিছ গেইলে বৈভৱৰ বিষয়ে মুকলিকৈ কৈছে ।

Apply Now

বৈভৱৰ মেচৰ পৰিসংখ্যাৰ এখন ছবি শ্বেয়াৰ কৰি গেইলে লিখিছে, “আই পি এলত এটা নতুন ছিক্স মেচিন, অসাধাৰণ বৈভৱ।” ইয়াৰ পিছত তেওঁ আন এটা পোষ্ট কৰে। য’ত তেওঁ বৈভৱৰ শতক বঞ্চিত হোৱাৰ বিষয়ে লিখিছে, “আনলাকি, কিন্তু এদিন তুমি শতক পাবা।” এই মেচখনত বৈভৱে মুঠ ১২টা ছয় মাৰে। আৰু ইয়াৰ লগে লগে তেওঁ আই পি এলত মুঠতে চাৰিখন মেচত ১০টাতকৈ অধিক ছয় মাৰে। ইয়াৰ উপৰিও তেওঁ এটা ছিজনত একেৰাহে তিনিখন মেচত ১০টা ছয় মৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।

অৱশ্যে গেইলৰ অভিলেখৰ বিষয়ে চৰ্চা চলি থকাৰ পিছতো বৈভৱে সনথ জয়সূৰ্য্যৰো অভিলেখ ভংগ কৰিলে। ২০০৮ চনৰ আই পি এল পাৱাৰপ্লে মেচত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত জয়সূৰ্যই পাৱাৰপ্লেত মুঠ ৭টা ছয় মাৰে। এই মেচত বৈভৱে সেয়া অতিক্ৰম কৰিলে।

সেইদৰে, ডেভিদ ৱাৰ্নাৰৰ অভিলেখকো অতিক্ৰম কৰিলে বৈভৱে। ২০১৬ চনত এছ আৰ এইচৰ হৈ পাৱাৰপ্লেত ৱাৰ্নাৰে মুঠ ৪৬৭ ৰান সংগ্ৰহ কৰিছিল, আৰু এইবাৰ বৈভৱে ৪৯০ ৰান সংগ্ৰহ কৰিছে।

আই পি এল প্লে অফত পাৱাৰপ্লেত ৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাত তেওঁ সুৰেশ ৰাইনা (২০১৪ চনত পঞ্জাব কিংছৰ বিৰুদ্ধে ৮৭ ৰান) আৰু এডাম গিলক্ৰিষ্ট (২০০৯ চনত দিল্লী ডেয়াৰডেভিলছৰ বিৰুদ্ধে ৭৪ ৰান)ৰ সৈতে যোগ দিছে। ২০টাতকৈও কম বলত বৈভৱৰ এয়া পঞ্চম অৰ্ধশতক। তেওঁৰ ওপৰত কেৱল অভিষেক শৰ্মা।

What a phenomenal player Vaibhav is. Great entertainment young man! New Six machine @IPL pic.twitter.com/ofElAousF7

— Chris Gayle (@henrygayle) May 27, 2026

আই পি এলৰ ট্ৰফী তুলি ধৰিবলৈ আৰু দুখন মেচ আছে বৈভৱৰ। যদি তেওঁ সেইটো উঠাব পাৰে, অৰ্থাৎ ৰাজস্থান ৰয়েলছ যদি আই পি এলত জয়ী হয়, তেন্তে আই পি এলৰ ইতিহাসত আই পি এল জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হ’ব বৈভৱ সূৰ্যবংশী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd