• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন চৰকাৰ গঠনৰ পিছত উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 8:09 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন চৰকাৰ গঠনৰ পিছতে উত্তপ্ত হৈ পৰিছে মণিপুৰ। বৃহস্পতিবাৰে সন্ধিয়া মণিপুৰৰ চুৰাচান্দপুৰ আৰু টুইবুং অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ ঘটে। নতুন চৰকাৰত যোগদান কৰিছে কুকি-জো জনগোষ্ঠীৰ নেতাসকলে। ইয়াৰ প্ৰতিবাদত কুকি প্ৰভাৱিত অঞ্চলত বন্ধৰ আহ্বান দিয়া হয়।

এই ঘটনাক লৈ প্ৰতিবাদ, পথ অৱৰোধ, অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ বাহন আৰু কেইবাটাও চৰকাৰী ভৱনত আক্ৰমণ সংঘটিত হৈছে। আৰক্ষীৰ ওপৰত শিলগুটিও নিক্ষেপ কৰা হয়।

Apply Now

এবছৰ ধৰি মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল। সেই ৰাষ্ট্ৰপতিৰ শাসন মঙলবাৰে প্ৰত্যাহাৰ কৰা হয়। বুধবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ইউমনাম খেমচান্দ সিঙে। তেওঁৰ লগতে উপ-মুখ্যমন্ত্ৰীও শপত গ্ৰহণ কৰে। উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি পোৱাসকলৰ ভিতৰত এজন হৈছে নেমচা কিপগেন। তেওঁ কুকি জনগোষ্ঠীৰ নেত্ৰী। তেওঁৰ লগতে কুকি-জো জনগোষ্ঠীৰ আৰু দুজন নতুন মন্ত্ৰীসভাত যোগদান কৰিছে।

ইয়াৰ বিৰুদ্ধে কুকি-জো জনগোষ্ঠীৰ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে চৰকাৰত যোগদান আৰু সমৰ্থন কৰা জনগোষ্ঠীটোৰ নেতা-বিধায়কসকলক সামাজিক বৰ্জনৰ আহ্বান জনায়। ইয়াৰ সমান্তৰালকৈ কুকি-জো ক্ষতিগ্ৰস্ত অঞ্চলতো প্ৰতিবাদত বন্ধৰ আহ্বান জনোৱা হয়। তেওঁলোকে দাবী কৰে যে বিধায়কসকলে জনগোষ্ঠীটোৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছে।

বৃহস্পতিবাৰৰ পৰা কুকি-জো জনগোষ্ঠীয়ে প্ৰতিবাদ আৰম্ভ কৰে। ইয়াৰ বাবে চুৰাচান্দপুৰ আৰু টুইবুং অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ হয়।

বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হয় প্ৰতিবাদ। প্ৰতিবাদৰ অংশ হিচাপে দুজন প্ৰতিবাদকাৰীয়ে আত্মদহনৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে। কিন্তু সময়মতে আৰক্ষী জোৱানৰ হস্তক্ষেপত বাধা আহে। অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাও কৰা হয়। অৱশ্যে সন্ধিয়াৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হ’বলৈ ধৰে। কেইবাটাও অঞ্চলত বিক্ষিপ্ত সংঘৰ্ষৰ খবৰ পোৱা গৈছে। প্ৰতিবাদৰ সময়ত সংঘৰ্ষ আৰু নিৰাপত্তাৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ ছবিও ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে।

আনহাতে, বিধায়কসকলৰ চৰকাৰত যোগদান কৰাৰ প্ৰতিবাদত শুকুৰবাৰে চুৰাচান্দপুৰ অঞ্চলত সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছে কুকি ছাত্ৰ সংগঠনটোৱে। ইয়াৰ লগতে সংগঠনটোৱে এক সমাৱেশ অনুষ্ঠিত কৰাৰো কথা ঘোষণা কৰিছে।

নতুনকৈ উদ্ভৱ হোৱা হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ তাত অতিৰিক্ত নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd