• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাতাবাৰীত ইভিএমসহ নিৰ্বাচনী বিষয়া উদ্ধাৰ কাণ্ড : ইভিএম টেম্পাৰিঙৰ তদন্ত কৰিব চিআইডি-এ

শৌমিক দত্ত by শৌমিক দত্ত
April 7, 2021 9:17 pm
The-EVM-recovered-in-the-vehicle-of-Patharkandis-BJP-MLA-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ ইভিএম টেম্পাৰিঙৰ তদন্ত কৰিব অসম আৰক্ষী অমপৰাধ শাখা(CID)এ। অহা মংগলবাৰে চিআইডিৰ এটা দুজনীয়া দলে ইভিএম টেম্পাৰিঙৰ তদন্তৰ বাবে কৰিমগঞ্জত উপস্থিত হ’ব। এই কথা প্রকাশ কৰিছে চৰকাৰী সূত্ৰই।

উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ ১ এপ্ৰিলৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণত ৰাতাবাৰী এম ভি স্কুলৰ ১৪৯ নং ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমটো নিৰ্বাচনী বিষয়াসকলৰ সৈতে বিজেপি বিধায়কৰ আত্মীয়ৰ গাড়ীত উদ্ধাৰ হৈছিল।

Apply Now

চৰকাৰী সূত্ৰই নৰ্থইষ্ট নাওক জনোৱা অনুসৰি ঘটনাৰ সন্দৰ্ভত চিআইডিৰ তদন্তকাৰী বিষয়াই ইতিমধ্যে প্ৰাথমিক পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। চিআইডিৰ দুজনীয়া দলটোৱে ইভিএম টেম্পাৰিঙত কিবা প্ৰশাসনিক ত্ৰুটিৰ আছিল নেকি সেই দিশটোকো তদন্ত কৰিব বুলি সূত্ৰটোৱে জনাইছে।

এই সন্দৰ্ভত ৰাতাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভোলাৰাম টেৰাঙে আমাক কয় যে জিলা দণ্ডাধীশে ইতিমধ্যে এই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

“ঘটনাৰ সন্দৰ্ভত আমাৰ সৈতে চিআইডিৰ বিষয়াসকলে যোগাযোগ কৰিছে। তেওঁলোকে ১ এপ্ৰিলৰ ঘটনা সন্দৰ্ভত আমাৰ পৰা তথ্য বিচাৰিছে।” আৰক্ষী বিষয়াগৰাকীয়ে নৰ্থইষ্ট নাওৰ আগত কয়।

ইফালে ৰাতাবাৰীত ইভিএম টেম্পাৰিঙৰ পিছত নিৰ্বাচন আয়োগে উক্ত কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে যদিও পুনৰ ভোটগ্ৰহণৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভোটগ্ৰহণ পৰিচালনা কৰা প্ৰিজাইডিং বিষয়াজনক কৰ্তব্যত অৱহেলা কৰাৰ বাবে অন্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে নিলম্বন কৰা হৈছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইভিএমটো যিখন গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছিল সেই বলেৰ’ গাড়ীখন বিধায়কগৰাকীৰ পত্নী মধুমিতা পালৰ নামত পঞ্জীয়ন হৈ আছে।

স্মৰ্তব্য যে ৰাতাবাৰী ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএমটো বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ সম্পৰ্কীয়ৰ বাহনৰ পৰা উদ্ধাৰ কৰা হৈছিল। নিলাম বজাৰ নামৰ ঠাইখনত পাম্পচাৰ হোৱাৰ পিছতে উক্ত গাড়ীখনৰ পৰা সন্দেহজনকভাৱে স্থানীয় ৰাইজে ইভিএমসহ ভোটগ্ৰহণ কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়াসহ অন্যান্য নিৰ্বাচনী বিষয়াসকলক উদ্ধাৰ কৰিছিল।

ইয়াৰ পিছতে খবৰটো বনজুইৰ দৰে বিয়পি পৰে আৰু ততাতৈয়াকৈ নিৰাপত্তাৰক্ষী উপস্থিত হৈ ইভিএমসহ বিষয়াসকলক উদ্ধাৰ কৰি গণৰোষৰ পৰা ৰক্ষা কৰে।

স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথো অৱৰোধ কৰে। ইয়াৰ পিছতে অসম আৰক্ষীৰ অপৰাধ শাখাৰ দুই বিষয়াক সমগ্ৰ ঘটনাটো তদন্তৰ বাবে দায়িত্ব দিছে।

Tags: Assam Election
শৌমিক দত্ত

শৌমিক দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd