• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক আছিল হিন্দু বাংলাদেশীৰ বাবে এক ঐতিহাসিক প্ৰতিশ্ৰুতি : হিমন্ত

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , March 1, 2019 6:01 pm

2 min read

Himanta-750x375

অসমৰ বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মা। ফাইল ফটো

588
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে মুছলমানসকলক এখন দেশ পাকিস্তান দিয়া হৈছে য’ত নেকি ভাৰতত হিন্দুসকলক নাগৰিকত্বহে দিব খোজা হৈছে। নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া টুডে কনক্লেভ ২০১৯ৰ এক আলোচনা অনুষ্ঠানত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি শৰ্মাই এইদৰে কয়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু অল ইণ্ডিয়া মজলিছ-ই-ইট্টেহাদুল মুছলিমিন(এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

‘’অসমৰ প্ৰসংগত, মই নাগৰিকত্ব সংশোধনী বিধেয়কখনক সম্পূৰ্ণ সমৰ্থন কৰো,’’ বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, ‘’ এইখন আছিল বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকললৈ এক ঐতিহাসিক প্ৰতিশ্ৰুতি।‘’

‘’আমি মাত্ৰ হিন্দুসকলক নাগৰিকত্ব দিব বিচাৰিছো। কিন্তু আমি মুছলমানসকলক এখন দেশ দিছো। আমি মুছলমানসকলক পাকিস্তান দিছো,’’-তেওঁ কয়।

‘’গতিকে আমি ইতিমধ্যে সেই সময়ত মুছলমানসকলক এখন সম্পূৰ্ণ দেশ দিলো। এতিয়া আপুনি সেই দেশবোৰৰ হিন্দু, খ্ৰীষ্টান বা ক্ষুদ্ৰ সংখ্যালঘুসকলক নাগৰিকত্ব দিব লাগিব।‘’

তেওঁ কয় যে তেওঁ নাভাৱে কোনো মুছলমানে বাংলাদেশ বা পাকিস্তানত কোৰাণত বিশ্বাস কৰাৰ বাবে নিৰ্যাতিত হোৱা বুলি ক’ব পাৰিব।

অল ইণ্ডিয়া মজলিছ-ই-ইট্টেহাদুল মুছলিমিন(এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে কয় যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ নহয় আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ এগৰাকী মন্ত্ৰী হৈ অসম চুক্তিক অমান্য কৰিছে।

তেওঁ লগতে শৰ্মাক প্ৰশ্ন কৰে যে তেওঁ কিয় হিন্দু আৰু খ্ৰীষ্টান নিৰ্যাতিত হোৱা বুলি ধৰি লৈছে।

আলোচনাৰ পৰৱৰ্তী সময়ত ওৱাইছিয়ে যেতিয়া শৰ্মাক সোধে যে তেওঁ ভাৰতক বিভাজন কৰিব খোজে নেকি তেতিয়া মন্ত্ৰী শৰ্মাই তেওঁ কোনো ব্যক্তিগত অভিযোগ আনিব নিবিচাৰে বুলি কয়।

‘’মই ভাৱো আপুনি অসমক আন এখন কাশ্মীৰ বনাব বিচাৰিছে,’’-ওৱাইছিক উদ্দেশ্যি মন্ত্ৰী শৰ্মাই কয়।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd