• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন্মসূত্ৰে আৰু নাপাব আমেৰিকাৰ নাগৰিকত্ব! ট্ৰাম্পৰ নতুন নীতিয়ে সমস্যাত পেলাব ভাৰতীয়সকলক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2024 8:52 am
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ডোনাল্ড ট্ৰাম্প। ফটোঃ সংগ্ৰহীত।

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ডোনাল্ড ট্ৰাম্প। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি পদত জয়ী হোৱাৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয়ক বিপদত পেলাবলৈ ওলাইছে ড’নাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ৰিপাব্লিকান নেতাগৰাকীয়ে ক্ষমতালৈ আহিলে জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাৰ বিষয়টো সম্পূৰ্ৰূপে বন্ধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

সদ্য সমাপ্ত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে বিপুল ব্যৱধানত জয়লাভ কৰে। প্ৰতিশ্ৰুতি অনুসৰি তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনাই জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব পোৱা বন্ধ হৈ যাব। ফলত গ্ৰীণ কাৰ্ডত থকা ভাৰতীয়ৰ সন্তানে ভৱিষ্যতে আমেৰিকাৰ নাগৰিক হোৱাৰ সুযোগ নাপাব।

অনুপ্ৰৱেশকাৰীৰ প্ৰবল বিৰোধী হিচাপে পৰিচিত ডোনাল্ড ট্ৰাম্প। সেয়েহে দ্বিতীয় কাৰ্যকালত ৰাষ্ট্ৰপতি হিচাপে অনুপ্ৰৱেশ আৰু প্ৰব্ৰজন ৰোধ কৰাৰ বাবে কঠোৰ নীতি গ্ৰহণ কৰিবলৈ ওলাইছে। ৰিপাব্লিকান প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ ৱেবছাইটত প্ৰকাশ পাইছে যে কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই ট্ৰাম্পে এক নিৰ্দেশনাত স্বাক্ষৰ কৰিব।

Apply Now

লগতে পঢ়কঃ ৰাতিপুৱা খোজ কাঢ়িলে কি কি লাভ হয়? জানি লওক, কিমান সময় মৰ্নিং ৱাক কৰা উচিত

এই নিৰ্দেশনাত কোৱা হ’ব যে আমেৰিকাত জন্ম হ’লেই কোনো শিশুক নাগৰিকত্ব প্ৰদান কৰা নহ’ব। শিশুটিৰ যিকোনো এজন পিতৃ-মাতৃ আমেৰিকাৰ নাগৰিক হ’ব লাগিব বা গ্ৰীণ কাৰ্ড থাকিব লাগিব। তেতিয়াহে তেওঁলোকৰ সন্তান ভৱিষ্যতে আমেৰিকাৰ নাগৰিক হ’ব পাৰিব।

এই নতুন নীতিৰ ফলত আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলে সমস্যাত পৰিব। ২০২২ চনৰ আমেৰিকাৰ লোকপিয়ল অনুসৰি আমেৰিকাত ৪৮ লাখ ভাৰতীয় লোক বাস কৰে। ইয়াৰে ১৬ লাখেই আমেৰিকাত জন্মগ্ৰহণ কৰিছিল। ট্ৰাম্পৰ নতুন নীতি অনুসৰি তেওঁলোকৰ কোনোৱেই আমেৰিকাৰ নাগৰিকত্বৰ যোগ্য নহয়। কাৰণ তেওঁলোকৰ পিতৃ-মাতৃ আমেৰিকাৰ নাগৰিক নহয় বা তেওঁলোকৰ গ্ৰীণ কাৰ্ড নাই। অৱশ্যে আইনজীৱীসকলে ট্ৰাম্পৰ নীতিক লৈ আইনী যুঁজৰ স্থান আছে বুলিয়ে দাবী কৰে।

লগতে পঢ়কঃজয়ৰ মুখ দেখি গা সাতখন আঠখন! বৈঠকৰ মাজতেই পত্নীক চুম্বন কৰিলে ড’নাল্ড ট্ৰাম্পে

উল্লেখ্য যে আমেৰিকাৰ অৰ্থনীতি প্ৰব্ৰজনকাৰীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সেই দেশৰ বহু সংস্থাত বিদেশীলোকে কাম কৰি আছে। ট্ৰাম্পৰ নতুন নীতিয়ে তেওঁলোকৰ সকলোৰে সমস্যা বৃদ্ধি কৰিব। প্ৰসংগক্ৰমে, আমেৰিকাত কমেও ১০ লাখ ভাৰতীয়ই গ্ৰীণ কাৰ্ডৰ বাবে আবেদন কৰি অপেক্ষা কৰি আছে। সেই আবেদনো মঞ্জুৰ হ’ব নে নাই, তাকলৈও প্ৰশ্নৰ অৱতাৰণা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd