• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ ক’ত ক’ত পাৰ্কিং কৰিলে জৰিমণা ভৰিব লগা হ’ব পাৰে আপুনি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2019 9:28 am

1 min read

FRP156

ন' পাৰ্কিং জ'ন-ফটো সৌজন্য-উইকিপিডিয়া

941
VIEWS
Share on FacebookShare on Twitter

ৰাইজৰ প্ৰতিবাদৰ ভয়ত  সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত গুৱাহাটীৰ বিভিন্ন স্থানক ন’ পাৰ্কিং জ’ন হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যৰ আৰক্ষী প্ৰশাসনে প্ৰধান মন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাত অলপো সুৰুঙা ৰাখিবলৈ বিচৰা নাই।

ৰাজ্যজুৰি অব্যাহত থকা বিধেয়ক বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰধান মন্ত্ৰীৰ এই ভ্ৰমণে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে মোডীৰ এই ভ্ৰমণৰ সময়ত প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছে। চাংসাৰিত এইমছৰ আধাৰশিলা স্থাপন কৰাৰ বাবে অসমলৈ অহা মোডীৰ ভ্ৰমণৰ সময়ত গুৱাহাটী মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

মহানগৰ যান-বাহন আৰক্ষীয়ে বিমানবন্দৰৰ পৰা  গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰেৰে পাৰহৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত ন’ পাৰ্কিং ঘোষণা কৰিছে, জালুকবাৰীৰ পৰা ভৰলু হৈ ৰাজভৱনলৈ যোৱা সমগ্ৰ পথছোৱাত ন’ পাৰ্কিং ঘোষণা কৰা হৈছে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈ ন’ পাৰ্কি জ’ন হিচাপে চিহ্নিত কৰিছে যান-বাহন আৰক্ষীয়ে।

কাইলৈ ৰাতিপুৱা ৪ বজাৰ পৰা মহানগৰীৰ বিভিন্ন পথত চলাচল কৰিবলগীয়া গধূৰ বাণিজ্যিক বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব। আনহাতে, জালুকবাৰীৰ ৰ’টাৰীতো ন’ পাৰ্কিং জ’ন হিচাপে চিহ্নিত কৰিছে। ৰাইজক এইবোৰ ঠাইত নিজৰ নিজৰ বাহন সমূহ পাৰ্কিং কৰাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাইছে মহানগৰ যান-বাহন আৰক্ষীয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd