• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰে ন্যায়াধীশসকলক অপমান কৰিছে, এয়া নতুন প্ৰৱণতা: দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2022 12:45 pm
দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা। ফাইল ফটো।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানা। ফাইল ফটো।

198
VIEWS
Share on FacebookShare on Twitter

ন্যায়াধীশসকলক অপমান কৰাৰ প্ৰৱণতা এটা আৰম্ভ হৈছে। নিজৰ পছন্দ মতে ৰায়দান নহ’লেই বিভিন্নধৰণে ন্যায়াধীশকলক চৰকাৰে অপমানিত কৰিছে। বৰ্তমানৰ এই প্ৰৱণতা অতি দুৰ্ভাগ্যজনক। নিজৰ পৰ্যবেক্ষণত দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই এইদৰে মন্তব্য কৰিছে।

এই প্ৰ সংগত উল্লেখ কৰা দুটা গোচৰৰ ভিতৰত এটা গোচৰ আছিল ছত্তীশগড় চৰকাৰৰ। দুয়োটা গোচৰেই উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন কৰা হৈছিল।

লগতে পঢ়ক: কৰ’নাৰ সংক্ৰমণক লৈ উদ্বেগৰ কাৰণ দেশৰ ৫ খন ৰাজ্য; সতৰ্ক কৰি দিলে কেন্দ্ৰই

বাতৰি অনুসৰি, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ভাৰতীয় প্ৰশানিক সেৱাৰ বিষয়া অমন সিঙৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তি গোটোৱাৰ অভিযোগ কৰা হয়। সেই মৰ্মে সিঙৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয়। কিন্তু উচ্চ ন্যায়ালয়ে উক্ত গোচৰত এজাহাৰ খাৰিজৰ নিৰ্দেশ দিছিল। তাৰপিছতে  সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হয়।

মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ বিচাৰপীঠত এই গোচৰৰ শুনানি চলে। এই শুনানিৰ সময়তে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, ‘’এইটো এটা নতুন প্ৰৱণতা। চৰকাৰে ন্যায়াধীশসকলক অপমান কৰা আৰম্ভ কৰিছে। এইটো দুৰ্ভাগ্যজনক। আমি আদালততো এইটো প্ৰায়েই দেখিবলৈ পাইছো।‘’

মুখ্য ন্যায়াধীশগৰাকীৰ এনে মন্তব্য শুনি গোচৰীয়াপক্ষৰ অধিবক্তাসকলৰ স্বাভাৱিকতে অস্বস্তিত পৰে। ইয়াৰ ভিতৰত ছত্তীশগড় চৰকাৰৰ হৈ আদালতত উপস্থিত থকা ৰাকেশ দ্বিবেদীয়ে আদালতক ক’বলৈ চেষ্টা কৰে যে তেওঁলোকে কেতিয়াও এনে প্ৰৱণতাক প্ৰশ্ৰয় নিদিয়ে।

লগতে পঢ়ক: ৰাছিয়াই দেশখনত বন্ধ কৰিলে এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চৰ কামকাজ

পিচে, লগে লগে উভতি ধৰি মুখ্য ন্যায়াধীশ ৰামানাই তেওঁক কয়,’’নহয়, আমি এইটো প্ৰতিদিনেই দেখিছো। আপুনি নিজেই এগৰাকী জ্যেষ্ঠ অধিবক্তা। আপুনি আমাতকৈ বহু বেছি দেখিছে। এইটো এটা নতুন প্ৰৱণতা।‘’

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd