• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজেলাক অব্যাহতিৰ প্ৰতিক্ৰিয়া কৰিবলৈ গৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক চোৰৰ ৰক্ষক সজালে বিজেপিৰ মুখপাত্ৰই

এজন অসমীয়াই এজন দুই নম্বৰী আই এছ বিষয়াক পলাই যোৱাৰ সুবিধা কৰি দিলে : অভিজিৎ শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 19, 2019 5:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আজি উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া আৰু মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিয়াৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া কৰিবলৈ গৈ বহুতে ধৃষ্টতাৰ সীমা চেৰাই যোৱা দেখা গৈছে।

শীৰ্ষ আদালতখনৰ এই সিদ্ধান্তক একাংশই চৰকাৰৰ অভিসন্ধি আখ্যা দিয়াৰ বিপৰীতে আন একাংশই হাজেলাক আক্ৰমণ কৰাৰ চলেৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকো তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰা দেখা গৈছে।

Apply Now

নিজৰ প্ৰতিক্ৰিয়াত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ সন্দেহৰ আঙুলি তুলি ধৃষ্টতা দেখুৱায় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱাল আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই। আনকি হাজেলাক ‘চোৰ’ আখ্যা দি মুখ্য ন্যায়াধীশজনক ‘চোৰৰ সুৰক্ষক’ সজালে মুমিনুল আৱালে।

ইপিনে, যোৱা ৩ বছৰে হাজেলাক বাৰম্বাৰ আক্ৰমণ কৰি অহা হোজাই সমষ্টিৰ বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেব পুনৰবাৰ সৰৱ হয়।

তলত অসম্পাদিত ৰূপত তিনিওগৰাকীৰে প্ৰতিক্ৰিয়া তুলি দিয়া হ’ল-

মমিনুল আৱাল, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ

চোৰ পলাইছে আৰু উচ্চতম ন্যায়ালয়ৰ ৰঞ্জন গগৈয়ে চোৰক সুৰক্ষা দিবলৈ এই প্ৰক্ৰিয়াটো কৰিছে। প্ৰতীক হাজেলাৰ ওপৰত ইমানবোৰ অভিযোগ আছিল, টকা-পইচাৰ হেৰ-ফেৰ। কোনোবা বাংলাদেশীক সমৰ্থন কৰিবলৈ গৈ প্ৰতীক হাজেলাই কোনোবা জেহাদী সংগঠনৰ পৰা টকা-পইচা সংগ্ৰহ কৰিছিল আৰু বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰি দিছিল বুলি সন্দেহ হৈছে। জেহাদী সংগঠনৰ পৰা টকা-পইচা সংগ্ৰহ কৰি আৰু চৰকাৰৰ টকা হেৰ-ফেৰ কৰি এতিয়া প্ৰতীক হাজেলাই পলাবৰ কাৰণে চেষ্টা কৰিছে। এয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বদলিকৰণ নহয়। তেওঁ ইয়াৰ পৰা পলাইছে আৰু পলোৱাৰ বাটটো মুকলি কৰি দিছে উচ্চতম ন্যায়ালয়ৰ ৰঞ্জন গগৈয়ে। এ পি ডব্লিউৱে ৮০ পৃষ্ঠাজোৰা এফিডেফিট দিছিল সেইবিলাকৰ কোনো বিচাৰ-বিবেচনা নাই, তাৎক্ষণিকভাৱে প্ৰতীক হাজেলাক সুৰক্ষিত স্থানলৈ নিবৰ কাৰণে ৰঞ্জন গগৈয়ে ব্যৱস্থা কৰিছে।

অভিজিৎ শৰ্মা, এ পি ডব্লিউৰ সভাপতি

তেওঁক পলাবলৈ সুবিধা কৰি দিলে। যিটো সময়ত তেওঁক জেইলত ভৰাই থ’ব লাগিছিল আৰু ১৬০০ কোটি টকাৰ তদন্ত হ’ব লাগিছিল, বাংলাদেশীৰ নাম এন আৰ চিত সোমাল তাৰো তদন্ত হ’ব লাগিছিল। সেইবোৰ নকৰি এজন অসমীয়াই কঙালী বিহুৰ দিনাখন এজন দুই নম্বৰী আই এছ বিষয়াক মধ্য প্ৰদেশলৈ পলাই যোৱাৰ সুবিধা কৰি দিলে। তেওঁ মধ্য প্ৰদেশলৈ কোনোবা নাৰ্ছিং হোমৰ চি এম ডি হৈ যাব নে কোনো চৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়া হৈ যাব? উচ্চতম ন্যায়ালয়ে কেতিয়াৰ পৰা বদলিকৰণ কৰাৰ কাম আৰম্ভ কৰিলে? এইটোহে বৰ আচৰিত কথা। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম। হাজেলাই গোটেই কামটোৱেই পইচা ঘটাৰ ৰাস্তা হিচাপে লৈছিল। আজি সেই কথাবিলাক প্ৰমাণ হৈ গ’ল। পইচা মাৰিলে আৰু এতিয়া জেইলত যোৱাৰ ভয়ত এওঁলোকক পলোৱাৰ সুবিধা কৰি দিলে।

শিলাদিত্য দেব, হোজাইৰ বিজেপি বিধায়ক

মই তিনিবছৰ ধৰি এইখিনি কথা কৈ আছো প্ৰতীক হাজেলা মানুহজন ঠিক নহয়, তেওঁ এজন দুৰ্নীতিপৰায়ণ বিষয়া। তেওঁ যদি দুৰ্নীতিত লিপ্ত নহ’লহেঁতেন তেন্তে আমি এখন শুদ্ধ এন আৰ চি পালোহেঁতেন। তেওঁক হত্যা কৰিব কোনে? যিসকলে হত্যা কৰিব পাৰে তেওঁলোকৰ নাম এন আৰ চিত সোমাই গ’ল। তেওঁ শংকিত নেকি যে, তেওঁৰ প্ৰতি ৰাজ্য চৰকাৰে কিবা একশ্যন ল’ব। তেওঁ যদি ভুল কৰিছে আমি তেওঁক বিচাৰি বিচাৰি মধ্য প্ৰদেশ ওলামগৈ। তেওঁ যি জাতিধ্বংসী কাম কৰি গৈছে মধ্য প্ৰদেশ কিয় তেওঁক আমেৰিকা আৰু লণ্ডনত গ’লেও বিচাৰি উলিয়াব লাগিব। তেওঁ নিজে অসমৰ পৰা বদলি বিচাৰিছে। হাজেলাৰ সৎ সাহস থকাহেঁতেন অসমৰ পৰা কেতিয়াও গুচি নগ’লহেঁতেন। হাজেলাৰ মনত কিয় ইমান ভয় আছে। হাজেলা মধ্য প্ৰদেশ যোৱাটো অসমবাসীৰ বাবে মংগল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd