• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাজেলাক অব্যাহতিৰ প্ৰতিক্ৰিয়া কৰিবলৈ গৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক চোৰৰ ৰক্ষক সজালে বিজেপিৰ মুখপাত্ৰই

এজন অসমীয়াই এজন দুই নম্বৰী আই এছ বিষয়াক পলাই যোৱাৰ সুবিধা কৰি দিলে : অভিজিৎ শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 19, 2019 5:19 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আজি উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া আৰু মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিয়াৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া কৰিবলৈ গৈ বহুতে ধৃষ্টতাৰ সীমা চেৰাই যোৱা দেখা গৈছে।

শীৰ্ষ আদালতখনৰ এই সিদ্ধান্তক একাংশই চৰকাৰৰ অভিসন্ধি আখ্যা দিয়াৰ বিপৰীতে আন একাংশই হাজেলাক আক্ৰমণ কৰাৰ চলেৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকো তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰা দেখা গৈছে।

নিজৰ প্ৰতিক্ৰিয়াত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ সন্দেহৰ আঙুলি তুলি ধৃষ্টতা দেখুৱায় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱাল আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই। আনকি হাজেলাক ‘চোৰ’ আখ্যা দি মুখ্য ন্যায়াধীশজনক ‘চোৰৰ সুৰক্ষক’ সজালে মুমিনুল আৱালে।

ইপিনে, যোৱা ৩ বছৰে হাজেলাক বাৰম্বাৰ আক্ৰমণ কৰি অহা হোজাই সমষ্টিৰ বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেব পুনৰবাৰ সৰৱ হয়।

তলত অসম্পাদিত ৰূপত তিনিওগৰাকীৰে প্ৰতিক্ৰিয়া তুলি দিয়া হ’ল-

মমিনুল আৱাল, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ

চোৰ পলাইছে আৰু উচ্চতম ন্যায়ালয়ৰ ৰঞ্জন গগৈয়ে চোৰক সুৰক্ষা দিবলৈ এই প্ৰক্ৰিয়াটো কৰিছে। প্ৰতীক হাজেলাৰ ওপৰত ইমানবোৰ অভিযোগ আছিল, টকা-পইচাৰ হেৰ-ফেৰ। কোনোবা বাংলাদেশীক সমৰ্থন কৰিবলৈ গৈ প্ৰতীক হাজেলাই কোনোবা জেহাদী সংগঠনৰ পৰা টকা-পইচা সংগ্ৰহ কৰিছিল আৰু বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰি দিছিল বুলি সন্দেহ হৈছে। জেহাদী সংগঠনৰ পৰা টকা-পইচা সংগ্ৰহ কৰি আৰু চৰকাৰৰ টকা হেৰ-ফেৰ কৰি এতিয়া প্ৰতীক হাজেলাই পলাবৰ কাৰণে চেষ্টা কৰিছে। এয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বদলিকৰণ নহয়। তেওঁ ইয়াৰ পৰা পলাইছে আৰু পলোৱাৰ বাটটো মুকলি কৰি দিছে উচ্চতম ন্যায়ালয়ৰ ৰঞ্জন গগৈয়ে। এ পি ডব্লিউৱে ৮০ পৃষ্ঠাজোৰা এফিডেফিট দিছিল সেইবিলাকৰ কোনো বিচাৰ-বিবেচনা নাই, তাৎক্ষণিকভাৱে প্ৰতীক হাজেলাক সুৰক্ষিত স্থানলৈ নিবৰ কাৰণে ৰঞ্জন গগৈয়ে ব্যৱস্থা কৰিছে।

অভিজিৎ শৰ্মা, এ পি ডব্লিউৰ সভাপতি

তেওঁক পলাবলৈ সুবিধা কৰি দিলে। যিটো সময়ত তেওঁক জেইলত ভৰাই থ’ব লাগিছিল আৰু ১৬০০ কোটি টকাৰ তদন্ত হ’ব লাগিছিল, বাংলাদেশীৰ নাম এন আৰ চিত সোমাল তাৰো তদন্ত হ’ব লাগিছিল। সেইবোৰ নকৰি এজন অসমীয়াই কঙালী বিহুৰ দিনাখন এজন দুই নম্বৰী আই এছ বিষয়াক মধ্য প্ৰদেশলৈ পলাই যোৱাৰ সুবিধা কৰি দিলে। তেওঁ মধ্য প্ৰদেশলৈ কোনোবা নাৰ্ছিং হোমৰ চি এম ডি হৈ যাব নে কোনো চৰকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়া হৈ যাব? উচ্চতম ন্যায়ালয়ে কেতিয়াৰ পৰা বদলিকৰণ কৰাৰ কাম আৰম্ভ কৰিলে? এইটোহে বৰ আচৰিত কথা। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম। হাজেলাই গোটেই কামটোৱেই পইচা ঘটাৰ ৰাস্তা হিচাপে লৈছিল। আজি সেই কথাবিলাক প্ৰমাণ হৈ গ’ল। পইচা মাৰিলে আৰু এতিয়া জেইলত যোৱাৰ ভয়ত এওঁলোকক পলোৱাৰ সুবিধা কৰি দিলে।

শিলাদিত্য দেব, হোজাইৰ বিজেপি বিধায়ক

মই তিনিবছৰ ধৰি এইখিনি কথা কৈ আছো প্ৰতীক হাজেলা মানুহজন ঠিক নহয়, তেওঁ এজন দুৰ্নীতিপৰায়ণ বিষয়া। তেওঁ যদি দুৰ্নীতিত লিপ্ত নহ’লহেঁতেন তেন্তে আমি এখন শুদ্ধ এন আৰ চি পালোহেঁতেন। তেওঁক হত্যা কৰিব কোনে? যিসকলে হত্যা কৰিব পাৰে তেওঁলোকৰ নাম এন আৰ চিত সোমাই গ’ল। তেওঁ শংকিত নেকি যে, তেওঁৰ প্ৰতি ৰাজ্য চৰকাৰে কিবা একশ্যন ল’ব। তেওঁ যদি ভুল কৰিছে আমি তেওঁক বিচাৰি বিচাৰি মধ্য প্ৰদেশ ওলামগৈ। তেওঁ যি জাতিধ্বংসী কাম কৰি গৈছে মধ্য প্ৰদেশ কিয় তেওঁক আমেৰিকা আৰু লণ্ডনত গ’লেও বিচাৰি উলিয়াব লাগিব। তেওঁ নিজে অসমৰ পৰা বদলি বিচাৰিছে। হাজেলাৰ সৎ সাহস থকাহেঁতেন অসমৰ পৰা কেতিয়াও গুচি নগ’লহেঁতেন। হাজেলাৰ মনত কিয় ইমান ভয় আছে। হাজেলা মধ্য প্ৰদেশ যোৱাটো অসমবাসীৰ বাবে মংগল।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd