• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য ন্যায়াধীশৰ ভাতৃলৈ ফোন! ৰায়ক লৈ জবাবদিহিতা দাবী বিচাৰাধীন গোচৰৰ পৰিয়ালৰ সদস্যৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 25, 2026 8:51 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে উচ্চতম ন্যায়ালয়ত এক বিৰল আৰু শক্তিশালী বাৰ্তা প্ৰদান কৰে। চিকিৎসা ভৰ্তিৰ গোচৰৰ শুনানিৰ সময়ত তেওঁ কেৱল গোচৰৰ বিষয়বস্তুৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাই নহয়, ন্যায়পালিকাৰ মৰ্যাদাত হস্তক্ষেপ কৰাৰ অভিযোগক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে শেহতীয়াকৈ এজন ব্যক্তিয়ে তেওঁৰ ভাতৃৰ সৈতে যোগাযোগ কৰি এই গোচৰত তেওঁ দিয়া এটা আদেশক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই ঘটনাক লৈ স্পষ্টভাৱে অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয়, “কোনোবাই মোৰ ভাইটিক ফোন কৰি সুধিছে যে মই এই ৰায় কেনেকৈ দিলোঁ? তেওঁ সুধিছে তেওঁৰ বিৰুদ্ধে অৱজ্ঞাৰ গোচৰ কিয় আৰম্ভ নহ’ব?” এই মন্তব্যৰ পিছতে আদালত কক্ষত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।

Apply Now

হাৰিয়ানা চৰকাৰৰ অধিবক্তাক সম্বোধন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে, “মই কেনেকৈ ৰায়দান দিম সেই বিষয়ে তেওঁ মোক নিৰ্দেশ দিবনে? বিষয়টো চাওক। আচলতে এজন অধিবক্তা হিচাপে আপোনাৰ প্ৰথম কৰ্তব্য হ’ব লাগে এনে আচৰণৰ পৰা নিজকে আঁতৰাই ৰখা।”

তেওঁৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে ন্যায়পালিকাৰ স্বাধীনতাত কোনো ধৰণৰ হস্তক্ষেপ তেওঁ সহ্য নকৰে। তেওঁ লগতে সকীয়াই দিয়ে, “তেওঁ দেশৰ বাহিৰত আত্মগোপন কৰি থাকিলেও মই এনে লোকৰ লগত মোকাবিলা কৰিব জানো। যোৱা ২৩ বছৰে মই এনে পৰিস্থিতিৰ সন্মুখীন হৈ আহিছো।” তেওঁৰ এই বক্তব্যক আদালতত হস্তক্ষেপৰ বিৰুদ্ধে এক শক্তিশালী বাৰ্তা হিচাপে দেখা গৈছে।

এটা বিতৰ্কিত চিকিৎসাবিজ্ঞানত নামভৰ্তি গোচৰৰ শুনানিৰ সময়ত এই ঘটনা পোহৰলৈ আহে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত এই গোচৰটো বৌদ্ধ সংখ্যালঘু কোটা ব্যৱহাৰ কৰি স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তি বিচাৰিছিল নিখিল কুমাৰ পুনিয়া আৰু একতা পুনিয়া নামৰ দুগৰাকী আবেদনকাৰীয়ে।

উল্লেখ্য যে তেওঁলোকে ইয়াৰ পূৰ্বে সাধাৰণ শ্ৰেণীত আবেদন কৰিছিল। কিন্তু পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা বুলি দাবী কৰি সংখ্যালঘু কোটাৰ সুবিধা ল’ব বিচাৰিছিল। সংশ্লিষ্ট মহাবিদ্যালয় সুভাৰতী চিকিৎসা মহাবিদ্যালয়খন হৈছে সংখ্যালঘু শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ অনুমোদন লাভ কৰা স্বীকৃতিপ্ৰাপ্ত বৌদ্ধ সংখ্যালঘু প্ৰতিষ্ঠান।

কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ অধিসূচনাৰ পিছত তেওঁলোকৰ নামভৰ্তি স্থগিত ৰখা হয়, যাৰ বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়ত আবেদন জনায়। গোচৰৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠৰ সদস্যসকলে সমগ্ৰ বিষয়টোক অতি সন্দেহজনক বুলি অভিহিত কৰে।

মুখ্য ন্যায়াধীশে স্পষ্টকৈ কয়, “এয়া নতুন ধৰণৰ প্ৰৱঞ্চনা। আমাক আৰু একো ক’বলৈ বাধ্য নকৰিব।” তেওঁ প্ৰশ্ন উত্থাপন কৰে যে পুনিয়া জাট সম্প্ৰদায়ৰ দৰে সাধাৰণ শ্ৰেণীৰ পৰিয়াল এটাই কেনেকৈ হঠাতে সংখ্যালঘুৰ প্ৰমাণ পত্ৰ লাভ কৰিব পাৰে, বিশেষকৈ যেতিয়া তেওঁলোকে ইয়াৰ আগতে বহুবাৰ সাধাৰণ শ্ৰেণীৰ বাবে আবেদন কৰিছিল।

ইপিনে, সহযোগী ন্যায়াধীশ বাগচিয়েও এই বিষয়ত সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, “পৰীক্ষাৰ ঠিক আগতে হঠাতে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিলে?” এই মন্তব্যৰ পৰা অনুমান কৰিব পাৰি যে ধৰ্মান্তৰকৰণ আৰু ইয়াৰ সময়ক লৈ আদালত যথেষ্ট সন্দিগ্ধ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd