• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে চি জে পিৰ প্ৰতিবাদলৈ অসম জাতীয় পৰিষদৰ সমৰ্থন: অৱনতি ঘটিছে সোণম ৱাংচুকৰ স্বাস্থ্যৰ

সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষা খণ্ডৰ সংকটৰ বাবেই শিক্ষাৰ্থীৰ বিশ্বাসভংগ হোৱা বুলি দাবী লুৰিণজ্যোতি গগৈৰ; ২০ জুলাইত সংসদ ভৱনলৈ প্ৰতিবাদী সমদলৰ কাৰ্যসূচী চি জে পিৰ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 13, 2026 6:09 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ পৰীক্ষা ব্যৱস্থাত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টি  চমুকে চি জে পিয়ে দিল্লীৰ যন্তৰ মন্তৰত চলাই থকা প্ৰতিবাদ দেওবাৰে তেইশ দিনত ভৰি দিয়াৰ সময়তে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ আন্দোলনকাৰীসকলৰ প্ৰতি সমৰ্থন জনাইছে। শিক্ষাৰ্থীসকলৰ ন্যায়ৰ দাবীত যন্তৰ মন্তৰত চলি থকা এই প্ৰতিবাদত অংশগ্ৰহণ কৰা জলবায়ু কৰ্মী সোণম ৱাংচুকৰ অনিৰ্দিষ্টকালীন অনশনো পোন্ধৰ দিনত ভৰি দিছে আৰু তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰিছে। সমগ্ৰ দেশৰ শিক্ষা খণ্ডত দেখা দিয়া এই সংকট আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থাটোৰ স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ দাবীত অসম জাতীয় পৰিষদে এই প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি সদৰী কৰিছে।

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ জলবায়ু কৰ্মী সোণম ৱাংচুক আৰু চি জে পিৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেকে ধৰি অন্যান্য প্ৰতিবাদকাৰীসকলৰ সৈতে মত বিনিময় কৰে। সংবাদ মাধ্যমৰ আগত গগৈয়ে কয় যে সমগ্ৰ দেশৰ শিক্ষা খণ্ড এক গুৰুতৰ সংকটৰ মাজেৰে পাৰ হৈছে আৰু ইয়াৰ ফলত দেশৰ শিক্ষাৰ্থী সমাজ গভীৰভাৱে হতাশ হৈছে। তেওঁ উল্লেখ কৰে যে এই হতাশাৰ ফলতেই কুৰিগৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে, যিটো কেৱল পোহৰলৈ অহা পৰিসংখ্যাহে। অসমৰ পৰা গৈ এই প্ৰতিবাদকাৰীসকলৰ প্ৰতি একতা প্ৰদৰ্শন কৰাটো তেওঁলোকৰ উদ্দেশ্য বুলি গগৈয়ে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত এক পোষ্ট যোগে তেওঁ যন্তৰ মন্তৰত শিক্ষাৰ্থীসকলৰ কাষত থিয় হ’বলৈ পাই গৌৰৱান্বিত বুলি প্ৰকাশ কৰাৰ লগতে দেশৰ যুৱপ্ৰজন্মই ন্যায় আৰু স্বচ্ছতা পোৱাৰ যোগ্য বুলি মত প্ৰকাশ কৰে।

Apply Now

অসম জাতীয় পৰিষদৰ সমৰ্থনৰ প্ৰতি সঁহাৰি জনাই চি জে পিৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকে লুৰিণজ্যোতি গগৈক ধন্যবাদ জ্ঞাপন কৰে। দেওবাৰে প্ৰতিবাদস্থলীত সমাজবাদী পাৰ্টিৰ সাংসদ পুষ্পেন্দ্ৰ সৰোজ, কেৰালাৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী কে কে শৈলজা আৰু কেৰালাৰ আন দুগৰাকী প্ৰাক্তন মন্ত্ৰী ক্ৰমে কে এন বালাদোগোপাল আৰু পি ৰাজীৱেও অনশনস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকললৈ সমৰ্থন আগবঢ়ায়।

ইপিনে, যোৱা ২৮ জুনৰ পৰা প্ৰতিবাদত চামিল হৈ অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰা সোণম ৱাংচুকৰ স্বাস্থ্যলৈ লৈ গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। চি জে পিয়ে প্ৰকাশ কৰা স্বাস্থ্য সম্পৰ্কীয় তথ্য অনুসৰি, পোন্ধৰদিনীয়া অনশনৰ ফলত ৱাংচুকৰ ৰক্তচাপ ১০৪/৬৬ লৈ অৱনমিত হোৱাৰ লগতে তেওঁৰ ওজন ৭.৮ কিলোগ্ৰাম হ্ৰাস পাইছে। সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰি ডিপকেয়ে চৰকাৰৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি চৰকাৰে কেতিয়া সাৰ পাব বুলি আক্ষেপ প্ৰকাশ কৰে।

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ চি জে পিয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰাৰ লগতে এই বিতৰ্কৰ পাছত আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়াললৈ এক কোটি টকাৰ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই আহিছে। যোৱা ২০ জুনৰ পৰা যন্তৰ মন্তৰত আৰম্ভ হোৱা এই প্ৰতিবাদৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে সংগঠনটোৱে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত অৰ্থাৎ ২০ জুলাই তাৰিখে সংসদ ভৱনলৈ এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd