• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নেতৃত্বই হিমন্তক দেশৰ যিকোনো এটা সমষ্টি বাছি ল’বলৈ কোৱা কথা ‘অসত্য’ প্ৰমাণ হ’ল

ৰঞ্জিত দাসে মিছা মাতিছিল নে হিমন্তই নিজৰ হৈ প্ৰচাৰ কৰাইছিল?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2019 5:53 pm
State-BJP-Chief-Ranjit-Dass-Centre-with-Mangalai-MP-Ramen-Deka-Right-and-President-Darrang-BJP-Nilima-Devi-at-a-party-meet-in-Mangaldai-on-Saturday-570x320

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুদিন পূৰ্বে কোৱা নিজৰ কথাকে ‘ভিত্তিহীন’ বুলি নিজেই প্ৰমাণ কৰিলে ৰঞ্জিত দাসে। ১৫ মাৰ্চত সংবাদ মাধ্যমৰ আগত কৈছিল যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ প্ৰভাৱ বিস্তাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক দেশৰ যিকোনো এটা সমষ্টি প্ৰতিদ্বন্দ্বিতাৰ বাবে বাচি ল’বলৈ দি পুৰস্কৃত কৰিব বিচাৰিছে।

স্থানীয় সংবাদ মাধ্যমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ৰঞ্জিত দাসৰ এই মন্তব্য প্ৰকাশ হৈছিল ১৬ মাৰ্চত। “আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মোক অৱগত কৰিছিল যে হিমন্তই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো দলে বিচাৰিছে আৰু তেওঁ পচন্দ অনুসৰি প্ৰতিদ্বন্দ্বিতাৰ বাবে যিকোনো সমষ্টি বাচি ল’ব পাৰে। মই লগে লগে ইয়াক এক উত্তম সিদ্ধান্ত বুলি জনাইছিলো। কিন্তু তেওঁৰ বাবে সমষ্টি নিৰ্ধাৰণৰ সময়ত অসমক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ কৰিছিলো,” –সংবাদ মাধ্যমত ৰঞ্জিত দাসৰ এই উদ্ধৃতি প্ৰকাশ পাইছিল।

Apply Now

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কেন্দ্ৰীয় নেতৃত্বক শৰ্মাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত অসমক অগ্ৰাধিকাৰ বাবে অনুৰোধ জনোৱা বুলিও জানিবলৈ দিছিল।

কিন্তু তাৰ দুদিন পিছতে আজি সংবাদ মাধ্যমৰ আগত দাসে কয় যে নেডাৰ আহ্বায়ক হিচাপে সমগ্ৰ উত্তৰ–পূবত নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ল’বলৈ আহ্বান জনাই কেন্দ্ৰীয় নেতৃত্বই হিমন্তক প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থাকিবলৈ কৈছে।

মাত্ৰ দুদিনৰ ভিতৰত কেন্দ্ৰীয় নেতৃত্বই এনেকুৱা ওলোটা স্থিতি যে নলয় সেয়া সাধাৰণ লোকৰো বোধগম্য। অৱশ্যে ৰঞ্জিত দাসে মিছা মাতিছিল নে হিমন্তই নিজৰ হৈ এইদৰে প্ৰচাৰ কৰাইছিল সেয়া এতিয়াও স্পষ্ট নহয়।

আনহাতে তেজপুৰ সমষ্টিৰ বাবে ৰাজ্যিক নেতৃত্বই প্ৰস্তুত প্ৰেৰণ কৰা প্ৰাৰ্থীৰ তালিকাত আৰ পি শৰ্মাৰ নাম আছিল বুলিও ৰঞ্জিত দাসে আজি জানিবলৈ দিয়ে। সেয়াও কিমান দূৰ সত্য সন্দেহৰ আৱৰ্তত। কাৰণ ১৬ মাৰ্চত সাংসদজনে নতুন দিল্লীত এখন সংবাদমেল দি পেনেলত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি স্পষ্ট কৰিছিল, যাৰ বাবেই অপমানিত বোধ কৰা আৰু সেয়ে দলত্যাগ কৰা বুলি কৈছিল। আৰ পি শৰ্মাই দলত্যাগ কৰি প্ৰধান মন্ত্ৰী মোদীলৈ পত্ৰ লিখাৰ পিছত সাংসদজনৰ নাম কিয় অন্তৰ্ভুক্ত হোৱা নাই বুলি ৰাজ্যিক নেতৃত্বক জবাবদিহি কৰিছিল ৰাষ্ট্ৰীয় নেতৃত্বই।

আজি ৰঞ্জিত দাসে জনোৱা মতে, তেজপুৰ আৰু নগাঁৱৰ প্ৰাৰ্থীক লৈ কিছু জটিলতা এতিয়াও অব্যাহত আছে। বাকী ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হৈছে কেৱল সভাপতি অমিত শ্বাহৰ স্বাক্ষৰলৈ অপেক্ষা কৰি থকা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd