• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষাত উত্তৰ কৈ নিদিয়াৰ ‘প্ৰতিশোধ’! সহপাঠীৰ ছুৰীৰ আঘাতত মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 7:52 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্কুলৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ শেষ দিনটোত সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে স্বস্তিৰ হুমুনিয়াহ কাঢ়ি ঘৰলৈ উভতি আহে। কিন্তু মধ্যপ্ৰদেশৰ ডামো চহৰত শেষৰ পৰীক্ষাৰ দিনটোতে এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হ’ল। দশম শ্ৰেণীৰ এজন ছাত্ৰক বিদ্যালয়ৰ গেটৰ বাহিৰত সহপাঠীয়ে ঘেৰি ধৰি ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। আটাইকেইজন অভিযুক্ত নাবালক।

আৰক্ষীৰ মতে, নিহত ছাত্ৰজনৰ নাম ঋষি আহিৰৱাৰ (১৫)। শুকুৰবাৰে পৰীক্ষা দি ওলোৱাৰ পিছত ডামো চহৰৰ ওজস্বিনী স্কুলৰ সন্মুখত তেওঁক আক্ৰমণ কৰা হয়। অভিযোগ অনুসৰি ছয়জনতকৈ অধিক ছাত্ৰই তেওঁক ঘেৰি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

Apply Now

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে কেইবাদিনো ধৰি চলি থকা বিবাদৰ ফল এই আক্ৰমণ। আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্তসকলো দশম শ্ৰেণীৰ ছাত্ৰ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পৰীক্ষাৰ দিনবোৰৰ মাজতেই এই ঘটনা আৰম্ভ হৈছিল। অভিযোগ অনুসৰি পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ঋষিক হেঁচা প্ৰয়োগ কৰিছিল একাংশ ছাত্ৰই। কিন্তু ঋষিয়ে এই দাবী মানিবলৈ অস্বীকাৰ কৰে।

তেতিয়াৰ পৰাই দুই পক্ষৰ মাজত উত্তেজনা বৃদ্ধি পায়। ২৭ ফেব্ৰুৱাৰীত আৰু পুনৰ ২ মাৰ্চত দুয়োদিনাই বিদ্যালয়ৰ ভিতৰত তেওঁলোকৰ মাজত কাজিয়া আৰু অশান্তিৰ সৃষ্টি হৈছিল বুলি তদন্তত পোহৰলৈ আহিছে। আনকি চূড়ান্ত পৰীক্ষাৰ দিনা ঋষিক “শিক্ষা দিয়া”ৰ ভাবুকি দিয়া হৈছিল বুলিও আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

শুকুৰবাৰে দুপৰীয়া ঋষিয়ে চূড়ান্ত পৰীক্ষা দি স্কুলৰ গেটৰ পৰা ওলাই আহি থাকোঁতে ৰৈ থকা ছাত্ৰৰ দল এটাই তেওঁক ঘেৰি ধৰে। তাৰ পিছত আৰম্ভ হ’ল মাৰাত্মক আক্ৰমণ।

অভিযোগ অনুসৰি কিশোৰকেইজনে ইজনৰ পিছত সিজনকৈ চোকা ছুৰীৰে আঘাত কৰে। এই আক্ৰমণৰ পিছতে অভিযুক্তই পলায়ন কৰে। গুৰুতৰ অৱস্থাত ঋষিক ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু তেতিয়ালৈকে তেওঁৰ শৰীৰৰ পৰা বিপদজনক পৰিমাণে ৰক্তক্ষৰণ হৈছিল।

চিকিৎসালয়খনৰ আই চি ইউত কৰ্তব্যৰত চিকিৎসক বাহাদুৰ পেটেলে কয় যে ঋষিৰ শৰীৰত গুৰুতৰ আঘাত হৈছে। চিকিৎসকগৰাকীৰ মতে, “ছুৰীৰ আঘাতত এডাল শিৰা কাটি গৈছিল। ফলত বহুত তেজ ওলাইছিল। আমি তেজৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছিলো। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থা অতি সোনকালে অৱনতি ঘটিছিল আৰু শেষত তেওঁক বচাব পৰা নগ’ল।”

এই ঘটনাই সমগ্ৰ চহৰখনত ব্যাপক উত্তেজনা বিয়পাই দিয়ে। ঋষিৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে জিলা চিকিৎসালয়ত ভিৰ কৰে।

এই আক্ৰমণৰ পিছতে আৰক্ষীয়ে তৎক্ষণাত তদন্ত আৰম্ভ কৰে। ডামো চহৰৰ চি এছ পি এইচ আৰ পাণ্ডেই কয় যে এই কাণ্ডৰ সৈতে জড়িত কেইবাজনো কিশোৰক আটক কৰি জেৰা কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই হত্যাকাণ্ডৰ গোচৰত মুঠ ৮ গৰাকী ছাত্ৰৰ নাম উল্লেখ কৰা হৈছে। ডামো জিলাৰ আৰক্ষী অধীক্ষক শ্ৰুতকীৰ্তি সোমবংশীয়ে ঘটনাটোক অতি চিন্তনীয় বুলি অভিহিত কৰে। তেওঁৰ ভাষাত “এজন বিদ্যালয়ৰ ছাত্ৰক এনেদৰে হত্যা কৰাটো অতি দুখজনক আৰু চিন্তনীয়। এই ঘটনাত আঠজন নাবালকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।”

আৰক্ষী অধীক্ষকে আন এক বৃহৎ উদ্বেগ সদৰী কৰে। তেওঁৰ মতে, শেহতীয়াকৈ কিশোৰ-কিশোৰীসকলৰ মাজত অপৰাধীক ‘আদৰ্শ’ হিচাপে চোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।

তেওঁ কয়, ‘বিদ্যালয়লৈ যোৱা কিশোৰ-কিশোৰীসকলে সমাজত ভয়ৰ সৃষ্টি কৰা অপৰাধীক অনুকৰণ কৰি আছে—এয়া চিন্তাৰ বিষয়। এই মানসিকতাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে আমি এক বিশেষ অভিযান চলাব লাগিব।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd