DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ‘ব্ৰেইন টিবি’ ৰোগত আক্ৰান্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰোহিত

চিকিৎসাৰ বাবে নাই ধনঃ সহায়ৰ বিচাৰি অনুৰোধ পৰিয়ালৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 30, 2022 6:57 pm
বঙাইগাঁৱত ‘ব্ৰেইন টিবি’ ৰোগত আক্ৰান্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰোহিত
125
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁৱৰ ৰোহিত চৌধুৰী নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এগৰাকী শেহতীয়াভাৱে ব্ৰেইন টিবি ৰোগত আক্ৰান্ত হৈ স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও ছাত্ৰগৰাকীৰ পৰিয়াল আৰ্থিকভাৱে স্বচ্ছল নোহোৱাত সমস্যাত পৰিছে ৷ উল্লেখ্য যে ১১ মাৰ্চত এই ছাত্ৰগৰাকীক বঙাইগাঁৱৰ ল’ৱাৰ আছাম হস্পিতাল এণ্ড ৰিছাৰ্ছ চেন্টাৰত ভৰ্ত্তি কৰা হয় যদিও ছাত্ৰ গৰাকীৰ স্বাস্থ্যৰ কোনো উন্নতি ঘটা নাই ৷ ইপিনে চিকিৎসাৰ বাবদ খৰচ কৰিবলৈ সামৰ্থ নাই ছাত্ৰ গৰাকীৰ পৰিয়ালৰ ৷

৬ বছৰ বয়সতে মাতৃক হেৰুওৱা ছাত্ৰ গৰাকীৰ পিতৃ মহেন্দ্ৰ চৌধুৰী চাহৰ দোকানত দৈনিক হাজিৰা হিচাপে কাম কৰে যদিও পৰিয়ালটোক পোহপাল দিবলৈকেও সক্ষম হোৱা নাই ৷ গতিকে চিকিৎসাৰ খৰচ বহন কৰাটো কোনো মতে সম্ভৱ নহয় পিতৃৰ ৷ উল্লেখ্য যে ৰোহিতৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতিৰ প্ৰতি লক্ষ্য কৰি ওচৰ চুবুৰীয়া কেইজনমান যুৱকে জৰুৰী কালীন ভাবে যোৱা ১১ মাৰ্চত বঙাইগাঁৱৰ ল’ৱাৰ আছাম চিকিৎসা কেন্দ্ৰত ভৰ্ত্তি কৰিছিল ।

উক্ত চিকিৎসা কেন্দ্ৰত চিকিৎসা অব্যাহত আছে যদিও স্বাস্থ্যৰ কোনো উন্নতি ঘটা নাই ৰোহিতৰ ৷ যাৰ বাবে ৰোহিতৰ উন্নত চিকিৎসাৰ অতি প্ৰয়োজন হৈ পৰিছে ৷ উন্নত চিকিৎসাৰ বাবে বাহিৰত লৈ যোৱাৰ সামৰ্থ নাই ৰোহিতৰ পিতৃৰ । উন্নত চিকিৎসাৰ খৰচ বহন কৰা দূৰৰে কথা বৰ্তমান চিকিৎসাধীন হৈ থকা ল’ৱাৰ আছাম চিকিৎসালয়ৰে বিল দিবলৈ সামৰ্থ নাই ৷ ৰোহিতৰ স্বাস্থ্যৰ এনে জটিল অৱস্থা এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে পৰিয়ালোৰ বাবে ৷

মাতৃহাৰা ৰোহিতৰ এজনী ভনীও আছে ৷ পিতৃ চাহৰ দোকানত কাম কৰাৰ বাবেই ভনীয়েকক চোৱা চিতাৰ দায়িত্বও পালন কৰিছিল ৰোহিতে ৷ এনে অৱস্থাত কোনো ব্যক্তি অথবা সংস্থাই আগবাঢ়ি নাহিলে ৰোহিতৰ উন্নত চিকিৎসা কৰাটো সম্ভৱপৰ নহ’ব৷

কোনোৱা ব্যক্তি অথবা সংস্থাই অসহায় ৰোহিতক সহায় কৰিব বিচাৰিলে শম্ভু চৌধুৰী , বেংক একাউণ্ট নম্বৰ – ৩০৮০৯১৯১৩০১,ভাৰতীয় ষ্টেট বেংক , নিউ বঙাইগাঁও শাখা, আইএফএছচি : এচবিআইএন ০০৭৯৯৭ এই একাউণ্ট যোগে সহায় কৰিব পাৰে অথবা ৯৯৫৪৯২৯৮৪৯ নম্বৰ মোবাইলত শম্ভু চৌধুৰীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃয়ে ৷

আপোনাৰ সহায়ে হয়তো মাতৃহাৰা এই অসহায় ছাত্ৰ গৰাকীক সুস্থ কৰিবলৈ সমৰ্থ হ’ব ৷ উল্লেখ যে নিউ বঙাইগাঁও বাবা ৰাম গিৰী শান্তি হিন্দী প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ৰোহিতৰ ঘৰ হৈছে নিউ বঙাইগাঁও বিজি ক’লনীৰ ৰেলৱে আৱাসিক এলেকাত ৷

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd