• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ‘ব্ৰেইন টিবি’ ৰোগত আক্ৰান্ত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰোহিত

চিকিৎসাৰ বাবে নাই ধনঃ সহায়ৰ বিচাৰি অনুৰোধ পৰিয়ালৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 30, 2022 6:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁৱৰ ৰোহিত চৌধুৰী নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এগৰাকী শেহতীয়াভাৱে ব্ৰেইন টিবি ৰোগত আক্ৰান্ত হৈ স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও ছাত্ৰগৰাকীৰ পৰিয়াল আৰ্থিকভাৱে স্বচ্ছল নোহোৱাত সমস্যাত পৰিছে ৷ উল্লেখ্য যে ১১ মাৰ্চত এই ছাত্ৰগৰাকীক বঙাইগাঁৱৰ ল’ৱাৰ আছাম হস্পিতাল এণ্ড ৰিছাৰ্ছ চেন্টাৰত ভৰ্ত্তি কৰা হয় যদিও ছাত্ৰ গৰাকীৰ স্বাস্থ্যৰ কোনো উন্নতি ঘটা নাই ৷ ইপিনে চিকিৎসাৰ বাবদ খৰচ কৰিবলৈ সামৰ্থ নাই ছাত্ৰ গৰাকীৰ পৰিয়ালৰ ৷

৬ বছৰ বয়সতে মাতৃক হেৰুওৱা ছাত্ৰ গৰাকীৰ পিতৃ মহেন্দ্ৰ চৌধুৰী চাহৰ দোকানত দৈনিক হাজিৰা হিচাপে কাম কৰে যদিও পৰিয়ালটোক পোহপাল দিবলৈকেও সক্ষম হোৱা নাই ৷ গতিকে চিকিৎসাৰ খৰচ বহন কৰাটো কোনো মতে সম্ভৱ নহয় পিতৃৰ ৷ উল্লেখ্য যে ৰোহিতৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতিৰ প্ৰতি লক্ষ্য কৰি ওচৰ চুবুৰীয়া কেইজনমান যুৱকে জৰুৰী কালীন ভাবে যোৱা ১১ মাৰ্চত বঙাইগাঁৱৰ ল’ৱাৰ আছাম চিকিৎসা কেন্দ্ৰত ভৰ্ত্তি কৰিছিল ।

Apply Now

উক্ত চিকিৎসা কেন্দ্ৰত চিকিৎসা অব্যাহত আছে যদিও স্বাস্থ্যৰ কোনো উন্নতি ঘটা নাই ৰোহিতৰ ৷ যাৰ বাবে ৰোহিতৰ উন্নত চিকিৎসাৰ অতি প্ৰয়োজন হৈ পৰিছে ৷ উন্নত চিকিৎসাৰ বাবে বাহিৰত লৈ যোৱাৰ সামৰ্থ নাই ৰোহিতৰ পিতৃৰ । উন্নত চিকিৎসাৰ খৰচ বহন কৰা দূৰৰে কথা বৰ্তমান চিকিৎসাধীন হৈ থকা ল’ৱাৰ আছাম চিকিৎসালয়ৰে বিল দিবলৈ সামৰ্থ নাই ৷ ৰোহিতৰ স্বাস্থ্যৰ এনে জটিল অৱস্থা এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে পৰিয়ালোৰ বাবে ৷

মাতৃহাৰা ৰোহিতৰ এজনী ভনীও আছে ৷ পিতৃ চাহৰ দোকানত কাম কৰাৰ বাবেই ভনীয়েকক চোৱা চিতাৰ দায়িত্বও পালন কৰিছিল ৰোহিতে ৷ এনে অৱস্থাত কোনো ব্যক্তি অথবা সংস্থাই আগবাঢ়ি নাহিলে ৰোহিতৰ উন্নত চিকিৎসা কৰাটো সম্ভৱপৰ নহ’ব৷

কোনোৱা ব্যক্তি অথবা সংস্থাই অসহায় ৰোহিতক সহায় কৰিব বিচাৰিলে শম্ভু চৌধুৰী , বেংক একাউণ্ট নম্বৰ – ৩০৮০৯১৯১৩০১,ভাৰতীয় ষ্টেট বেংক , নিউ বঙাইগাঁও শাখা, আইএফএছচি : এচবিআইএন ০০৭৯৯৭ এই একাউণ্ট যোগে সহায় কৰিব পাৰে অথবা ৯৯৫৪৯২৯৮৪৯ নম্বৰ মোবাইলত শম্ভু চৌধুৰীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃয়ে ৷

আপোনাৰ সহায়ে হয়তো মাতৃহাৰা এই অসহায় ছাত্ৰ গৰাকীক সুস্থ কৰিবলৈ সমৰ্থ হ’ব ৷ উল্লেখ যে নিউ বঙাইগাঁও বাবা ৰাম গিৰী শান্তি হিন্দী প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ৰোহিতৰ ঘৰ হৈছে নিউ বঙাইগাঁও বিজি ক’লনীৰ ৰেলৱে আৱাসিক এলেকাত ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd