DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাকাৰ্তাতকৈও ভয়ংকৰ ট্ৰেজেদিৰ পৰা কথমপি ৰক্ষা গুৱাহাটী সংযোগী ২খন বিমানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2018 7:46 pm
IndiGo-Airways-271216-1

প্ৰতীকী ছবি। ফ্ৰী প্ৰে’ছ জাৰ্নেলৰ পৰা।

535
VIEWS
Share on FacebookShare on Twitter

ইন্দ’নেছিয়াৰ জাকাৰ্তাত দুদিন পূৰ্বে সংঘটিত বিমান দুৰ্ঘটনাৰ দুঃ স্মৃতি নৌ যাওঁতেই বাংলাদেশৰ আকাশত ভয়াৱহ দুৰ্ঘটনাৰ পৰা বুধবাৰে আবেলি কথমপি ৰক্ষা পৰিছে গুৱাহাটী-সংযোগী ইণ্ডিগ’ এয়েৰলাইনছৰ দুখন বিমান।

বাংলাদেশৰ ৰাজশ্বাহীৰ শ্বাহ মাখদুম বিমান বন্দৰৰ এয়েৰ ট্ৰেফিক কন্ট্র’লৰ ভুল ছিগনেলৰ বাবে ভাৰতীয় সময় মতে আবেলি ৫.১০ বজাত বিমান দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ উপক্ৰম হৈছিল। কিন্তু ক’লকাতা এয়েৰ ট্ৰেফিক কন্ট্র’লে ভুল ধৰা পেলাই তৎপৰতাৰে বাংলাদেশৰ বন্দৰটোক অৱগত কৰাত ৰক্ষা পৰে দুয়োখন বিমান।

দুৰ্ঘটনাৰ মুখত পৰা বিমান দুখনৰ এখন গুৱাহাটীৰ পৰা ক’লকাতামুখী (নং 6E 856) আৰু আনখন চেন্নাইৰ পৰা গুৱাহাটীমুখী (নং 6E 571) আছিল।

দুখন বিমানৰ মাজত সৌভাগ্যক্ৰমে হাত সৰা এই দুৰ্ঘটনাটো শেহতীয়াকৈ জাকাৰ্তাত সংঘটিত বিমান দুৰ্ঘটনাটোতকৈও ভয়াৱহ হ’লহেঁতেন।

জাকাৰ্তাৰ পৰা উৰণৰ কেই মুহূৰ্ত মানৰ পিছতে সাগৰত পতিত হোৱা লায়ন এয়েৰৰ দুৰ্ঘটনাটোত ১৮৯ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল।

জাকাৰ্তাত লায়ন এয়েৰৰ দুৰ্ঘটনাই বিমানৰ নিৰাপত্তাক লৈ বিশ্বজোৰা উদ্বিগ্নতা সৃষ্টি কৰিছিল।

ইন্দ’নেছিয়ান কোম্পানিটোৰ বিমান দুৰ্ঘটনাৰ পিছতেই ভাৰতকে ধৰি এছিয়াৰ দেশত চলা কম খৰচী বিমান সমূহৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল।

৪১.৩ শতাংশ বজাৰ অংশীদাৰিত্বৰে ইন্দিগ’ এয়েৰলাইনছ ভাৰতৰ বৃ্হত্তম আৰু এছিয়াৰ ৭ম বৃ্হৎ বিমান পৰিবহণ কোম্পানি।

 

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd