• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় পোষণ মাহ-২০২০: শিৱসাগৰত আদর্শ পুষ্টি গাঁও স্থাপন

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , October 1, 2020 8:04 pm

2 min read

IMG-20201001-WA0025

ফটো: নৰ্থইষ্ট নাও

739
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্রৰ যৌথ উদ্যোগত তথা সংহত শিশু উন্নয়ন প্ৰকল্প, শিৱসাগৰ (গ্ৰাম্য) -ৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ-২০২০ উদযাপনৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা ৩০ ছেপ্টেম্বৰ তাৰিখে ৬৫১ নং দৰিকা কিনাৰ প্ৰাথমিক বিদ্যালয়ত আদর্শ পুষ্টি গাঁও স্থাপন আৰু ২ নং ভাধৰা অঙ্গনবাদী কেন্দ্ৰৰ চৌহদত পুষ্টি বাগান উদ্বোধনৰ লগতে এখনি সজাগতা সভা অনুষ্ঠিত হয়।

এগছি বন্তি প্ৰজ্বলনেৰে পুষ্টি বাগান খনিৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে।

এই উপলক্ষে খেলুৱা গাঁও পঞ্চায়তৰ সভাপতি শশী লাহনৰ সভাপতিত্বত অনুষ্ঠিত এখনি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে বজাৰত উপলব্ধ বিভিন্ন ৰাসায়নিক সাৰ-দৰৱ প্ৰয়োগ কৰি উৎপাদন কৰা শাক-পাচলি, ফল-মূল কিনি খোৱাৰ প্ৰৱণতা পৰিহাৰ কৰি সকলোকে নিজৰ ঘৰৰ বাৰীত হাততে পোৱা বিভিন্ন পুষ্টিদায়ক শস্য উৎপাদনত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।

শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ প্ৰদীপ সন্দিকৈয়ে সভাত অংশগ্ৰহণ কৰি কয় যে, এই আদর্শ পুষ্টি গাঁও নিৰ্মাণ এক প্ৰতীকী ৰূপেহে লোৱা হৈছে। পৰৱৰ্তী সময়ত বহল পৰিসৰত পুষ্টি গাঁও নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা তেওঁ ব্যক্ত কৰে।

এই অনুষ্ঠানতে কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ জৰিয়তে আদৰ্শ পুষ্টি গাঁও নিৰ্মাণৰ বাবে বাচনি কৰি উলিওৱা ১০ টাকৈ পৰিয়াললৈ বিভিন্ন শস্যৰ বীজ বিতৰণ কৰা হয়।

সভাত জিলা সমাজ কল্যাণ বিষয়া দীপালি দেৱী, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডঃ তচলিমা বেগম, ডঃ শুভাশ্ৰী দিহিঙীয়া, ডঃ অৰুন্ধতী বৰদলৈ প্ৰমুখ্যে ৬৫১ নং দৰিকা কিনাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সংহত শিশু উন্নয়ন প্ৰকল্প, শিৱসাগৰ (গ্ৰাম্য)-ৰ মুখ্য সেৱিকা, অঙ্গনবাদী কৰ্মী সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd