• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডেৰে যুঁজিবলৈ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অত্যধিক কৰ আৰোপৰ আহ্বান CLPF, অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2021 8:15 am
tobacco-tax.jpg1
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ অধিক ৰাজহ অৰ্জনৰ বাবে সকলো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিবলৈ জিএছটি কাউন্সিলক আহ্বান জনাইছে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে।

কোভিডৰ তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু ভেকচিন ক্ৰয়ৰ দৰে কাৰ্যৰ বাবে চৰকাৰক প্ৰয়োজন হোৱা পুঁজি ধঁপাতৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰে।

Apply Now

ধঁপাতৰ ওপৰত অধিক কৰ আৰোপৰ দ্বাৰা চৰকাৰে কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এফালে অতিৰিক্ত পুঁজি লাভ কৰিব আৰু আনফালে মূল্যবৃদ্ধিৰ দ্বাৰা ধঁপাত সেৱনৰ ফলত হোৱা কোভিড সংক্ৰমণৰ মাত্ৰা হ্ৰাস কৰিব পাৰিব।কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে এক বিবৃতিত এইদৰে কয়।

উল্লেখ্য যে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামে বুধবাৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগক এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰি অহা ২৮ মে’ ত অনুষ্ঠিত হ’বলগীয়া জিএছটি কাউন্সিলৰ বৈঠকত ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰিবলৈ আহ্বান জনায়।

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই বুধবাৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ লগতে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু কৰ আয়ুক্ত ৰাকেশ আগৰৱালালৈ প্ৰেৰণ কৰা পত্ৰখনত কয় – “কোভিড মহামাৰীৰ ফলত ৰাজ্যসমূহে সন্মুখীন হোৱা জিএছটি ৰাজহৰ ঘাটি কেন্দ্ৰীয় চৰকাৰে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰি পূৰণ কৰিব পাৰে।”

লগতে কোৱা হৈছে যে “এইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে ধোঁৱাযুক্ত আৰু ধোঁৱাবিহীন ধঁপাতে কোভিডৰ ভয়াৱহতা অধিক বৃদ্ধি কৰে। ধঁপাত সেৱনৰ ফলত হাওফাঁওৰ বিস্তৰ ক্ষতি সাধন হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়।”

২০১৭ চনত জিএছটি ব্যৱস্থা আৰম্ভ হোৱাৰ পিছৰে পৰা ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বিশেষ কৰ আৰোপ কৰা হোৱা নাই বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে ইয়াৰ ফলতে বৰ্তমান ই সকলোৰে কাৰণে সহজলভ্য হৈ আছে।

উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৰ্তমানৰ তুলনাত ৭৫% অধিক কৰ আৰোপ কৰিবলৈ ভাৰত চৰকাৰক পৰামৰ্শ দিছে।

সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰত হ’ল দ্বিতীয় সৰ্বাধিক ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰ কৰা দেশ। প্ৰতি বছৰে ভাৰতত ১৩ লাখ লোকৰ মৃত্যু হয় ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত হোৱা ৰোগৰপৰা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd