• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানত ককবকাইছে ৰাজ্য; মুখ্যমন্ত্ৰী ব্যস্ত মহাৰাষ্ট্ৰৰ দুকুৰি বিধায়কৰ ৰাজ-আতিথ্যত: সমালোচনাত সৰৱ ভূপেন বৰা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 22, 2022 12:32 pm
Maharastra polititical crisis Himanta Biswa Sharma
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ নাটকীয় ৰাজনৈতিক অস্থিৰতাই এতিয়া খলকনি তুলিছে দেশত। এই অস্থিৰতাৰ জন্ম দিয়া মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়ক সকলে বৰ্তমান অসমত বাহৰ পাতিছে। ৰাজনৈতিক স্বাৰ্থত এই বিধায়কসকলৰ আতিথ্যত এতিয়া নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহিতে প্ৰদেশ বিজেপি। মুখ্যমন্ত্ৰীৰ এই ভূমিকাক লৈ সমালোচনাত সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ গৰিহণা দি ভূপেন বৰাই কয় যে বৰ্তমান অসমৰ ৩১ খন জিলাৰ ৫৩ লাখ ৯৪ হেজাৰ মানুহে বানৰ গ্ৰাসত পৰি দুবেলা দুমুঠি খাবলৈ হাহাকাৰ কৰিব লাগিছে, বানৰ ধলে ঘৰ-বাৰী, পশুধন উটুৱাই নি সৰ্বস্বান্ত কৰিছে, ভূমিস্খলনে শ শ মানুহৰ ঘৰ-বাৰী উছন কৰি নিছে। কিন্তু অসম চৰকাৰ সেই লৈ চিন্তা নাই।

Apply Now

ৰাজ্যৰ জনসাধাৰণৰ এনে এক বিপদৰ সময়ত মহাৰাষ্ট্ৰত ষড়যন্ত্রমূলকভাবে বিজেপি চৰকাৰ গঠন কৰিবলৈ ৪০ গৰাকী বিধায়কক উৰুৱাই আনি গুৱাহাটীৰ বিলাসী হোটেলত ৰাজ-আতিথ্য দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘৃণনীয় ৰাজনীতিত লিপ্ত হৈছে বুলি নিন্দা কৰে ভূপেন বৰাই।

এক বিবৃতি যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, “যোৱা এপ্ৰিল মাহৰ পৰা এই শেহতীয়া প্রলয়ংকৰী বানলৈকে ৰাজ্যৰ ৮৮ গৰাকী লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে। গুৱাহাটী মহানগৰীতে আজিও বান আৰু ভূমিস্খলনত হেজাৰ পৰিয়ালে দিশহাৰা হৈ দিন-ৰাতি পাৰ কৰিব লগীয়া অৱস্থা হৈছে।”

বান সাহায্য, পুনৰ সংস্থাপনৰ নামত চূড়ান্ত বৈষম্য আৰু প্ৰচাৰমুখিতাক আগ ঠাই দিয়া হৈছে বুলি অভিযোগ কৰি বৰাই কেৱল টেলিভিচনৰ সাংবাদিক মাতি নি বান সাহায্য বিতৰণত গাফিলতি কৰাৰ বাবে উপায়ুক্তক ধমক দিয়া দেখুৱালেই এগৰাকীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব শেষ হৈ নাযায় বুলি হিমন্ত বিশ্ব শৰ্মাক উপহাস কৰে।

“ৰাজ্যখনৰ এই জটিল আৰু সংকটকালীন সময়ত ৰাজ্যৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এগৰাকী কেন্দ্ৰীয় নেতাক ৰাজ্যলৈ আনি পৰিস্থিতি অনুধাবন কৰিবলৈ বাধ্য কৰাব নোৱৰা, এটা টকাও কেন্দ্ৰৰ পৰা বান সাহায্যৰ নামত অসমলৈ আনিব নোৱৰা হিমন্ত বিশ্ব শৰ্মাই এনে এটা সময়ত অন্য ৰাজ্যৰ চৰকাৰ ভঙা পতাৰ অংকত অসমক ব্যৱহাৰ কৰা কাৰ্যক ধিক্কাৰ দিবলৈ ভাষা নাই।”- তেওঁ লগতে কয়।

এটা অগণতান্ত্ৰিক আৰু অশুভ পৰম্পৰাৰ সৃষ্টি কৰি মহাৰাষ্ট্ৰত ছলে-বলে-কৌশলে বিজেপি চৰকাৰ গঠনৰ ষড়যন্ত্রমূলক প্ৰক্ৰিয়াত প্ৰায় দুকুৰি বিধায়কক পণবন্দী কৰি আনি গুৱাহাটীৰ বিলাসী হোটেলত ৰাজ-আতিথ্য দিবলৈ কিঞ্চিতো লজ্জাবোধ নকৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক নিম্নৰুচিৰ নজিৰ সৃষ্টি কৰিলে বুলিও ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে।

স্বয়ং গুৱাহাটী মহানগৰীতে শ শ লোকে আজিও বান আৰু ভূমিস্খলনত বিধ্বস্ত হৈ চৰম অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰি থকাৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ এনে ঘৃণনীয় ৰাজনীতিয়ে ৰাজ্যবাসীকে লজ্জানত কৰিলে বুলিও কংগ্ৰেছ সভাপতি গৰাকীয়ে লগতে উল্লেখ কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd