• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গীতিকাৰ ইদ্ৰিছ আলীক “গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা-২০১৮” প্ৰদান কৰিলে মুখ্য মন্ত্ৰীয়ে

অধ্যাপক আলীক সম্বৰ্ধনা জনালে নগাওঁ গাৰ্লছ কলেজৰ প্ৰাক্তন ছাত্ৰীসকলে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2019 10:04 am
CM-Parvati-Prasad-Baruah-4-750x375

ইদ্ৰিছ আলীক বঁটা প্ৰদান কৰিছে মুখ্য মন্ত্ৰীয়ে।

2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ এজন স্বনামধন্য কবি, গীতিকাৰ, লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক ইদ্ৰিছ আলীক ৫ ফেব্ৰুৱাৰিত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা-২০১৮ প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰচলন কৰা বঁটাটো আলীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুখ্য মন্ত্ৰীয় প্ৰদান কৰে। বঁটাত এখন মানপত্ৰৰ লগতে আছে ২ লাখ টকাৰ মাননি।

বঁটা প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে যশস্বী গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাই তেওঁৰ অমৰ সৃষ্টিৰাজিৰে অসমীয়া গীতি-সাহিত্য, সংস্কৃতিক আলোকিত কৰি গৈছে। তেওঁৰ এই অমূল্য সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা আৰু এইবোৰক প্ৰেৰণাৰ উৎস কৰি ৰখাটোৱেই বঁটাটো প্ৰচলনৰ আঁৰৰ উদ্দেশ্য।

আনহাতে বঁটা গ্ৰহণ কৰি কবি, গীতিকাৰ, লেখক ইদ্ৰিছ আলীয়ে দিয়া বক্তব্যৰ মাজেৰে নিজৰ আনন্দ প্ৰকাশ কৰে। বঁটাটোৰ জৰিয়তে তেওঁৰ নামটো পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সৈতে সম্পৰ্কিত হোৱাটোত গৌৰৱ অনুভৱ কৰা বুলি কয়। ‘‘এদিন যে নিজৰ অতিশয় শ্ৰদ্ধাৰ পাত্ৰ আৰু প্ৰেৰণাৰ উৎস ব্যক্তিজনৰ সৈতে এইদৰে নিজৰ নাম সাঙোৰ খাই পৰিব সেয়া কেতিয়াও ভবা নাছিলো।’’ অভিভূত আলীয়ে নিজৰ বক্তব্যত কয়।

উল্লেখযোগ্য যে পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সৃষ্টিৰ দ্বাৰা অনুপ্ৰাণিত তথা অসমীয়া কথা-সাহিত্য, কাব্য-সাহিত্য আৰু গীতি-সাহিত্য জগতলৈ যথেষ্ট বৰঙনি থকা অধ্যাপক ইদ্ৰিছ আলীৰ ঘৰ মঙলদৈ চহৰৰ সাহিত্য নগৰত। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃত গীতিকাৰো।

বঁটা প্ৰদান অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, শক্তি মন্ত্ৰী তপন কুমাৰ গগৈকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত আছিল।

আনহাতে আলীয়ে দুটা দশকৰো অধিক সময় অধ্যপনা কৰা নগাওঁ গাৰ্লছ কলেজৰ প্ৰাক্তন ছাত্ৰীসকলে তেওঁক সম্বৰ্ধনা জনাই অনুষ্ঠানটো অধিক আকৰ্ষণীয় আৰু আৱেগেৰে উমাল কৰি তোলে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd