• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ফোনযোগে কি ক’লে সোণোৱালে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 9, 2020 6:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয় চৌহদত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় ৰাইজক নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা প্ৰশাসনকো এইক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে।‘

Apply Now

ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকো এই ক্ষেত্ৰত অধিক তৎপৰতাৰে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়।

ইতিমধ্যে, আৰক্ষী, জিলা প্ৰশাসনৰ লোক, NDRF বাহিনী, অৰ্ধ সামৰিক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে বুলি তেওঁ জনায়।

ইয়াৰোপৰি, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক গোটেই বিষয়টো অৱগত কৰা বুলি সদৰী কৰি সোণোৱালে কয় ‘তেওঁক অতি শীঘ্ৰে তৎপৰতাৰে বিস্ফোৰণৰ বিষয়টো সন্দৰ্ভত পদক্ষেপ ল’বলৈ আহ্বান জনাইছো।‘

সোণোৱালে লগতে কয় ‘ভাৰতীয় বায়ু সেনায়ো যাতে এইক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে বা জুই নুমোৱাৰ কামত নিজকে আত্ম নিয়োগ কৰে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো এই সন্দৰ্ভত আহ্বান জনোৱা হৈছে। মুঠৰ ওপৰত অইল ইণ্ডিয়া লিমিটেড, অ’এনজিছি, অসম চৰকাৰ আৰু অৰ্ধ সামৰিক বাহিনীয়ে এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে প্ৰয়াস কৰিছো।’

‘আমাৰ দৃঢ় বিশ্বাস সকলোৰে সহযোগত এই কামত সফলতা লাভ কৰিব পাৰিম।‘ সোণোৱালে এইদৰে কয়।

তিনিচুকীয়াবাসী ৰাইজলৈ আহ্বান জনাই তেওঁ কয় ‘কোনো কাৰণতে আপোনালোক আতংকিত নহ’ব। পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ পৰা বিদেশৰ যিসমূহ বিশেষজ্ঞ অনা হৈছে সকলোৱে এই কামত আত্ম নিয়োগ কৰিছে। যিমানখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ আছে সিমানখিনি ল’বলৈ আমি দৃঢ় প্ৰতিজ্ঞ।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd