• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়াৰ সংজ্ঞা পৰিষ্কাৰকৈ নাজানে মুখ্য মন্ত্ৰী সোণোৱালে: জিতেন দত্ত

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 23, 2018 11:01 pm

2 min read

jiten
523
VIEWS
Share on FacebookShare on Twitter

‘তেওঁ হিন্দু বাংলাদেশী খিনিকো অসমীয়া বুলি ভাবি থাকে নেকি? মই ভাবো আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱালে অসমীয়া সংজ্ঞাটোও পৰিষ্কাৰকৈ নাজানে।‘

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দোহাৰি থকা ‘অসমীয়া জাতিৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কামেই নকৰো’– উক্ত কথাষাৰৰ প্ৰসংগত নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত আলফা নেতা জিতেন দত্তই এইদৰে কয়।

দত্তই লগতে কয় ‘তেওঁ অসমীয়াৰ সংজ্ঞাটো পৰিষ্কাৰকৈ জনাহেঁতেন ইমানখিনি সংগঠনে বন্ধৰ আহ্বান জনোৱাৰ পাছত তেওঁ অলপ উপলব্ধি কৰিলেহেঁতেন।‘

আনহাতে, বৰঞ্চ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোৰদাৰ প্ৰক্ৰিয়াৰে বন্ধটো বিফল কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গ’ল বুলি জিতেন দত্তই আমাৰ আগত কয়।

তদুপৰি উজনি অসমত বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড় জিলাত অসম বন্ধ যথেষ্ট সফল হৈছে বুলি দত্তই নৰ্থ ইষ্ট নাও-ক জনায়।

তেওঁ লগতে কয় ‘পূৰ্বতে বন্ধ দিলে কোনে বন্ধ দিছে সেইটোও গম নাপায়, কিন্তু আজিৰ এই বন্ধটোত স্বতঃস্ফূৰ্তভাৱে যুৱকসকল ৰাজপথলৈ ওলাই আহিছে। আজি কোনো দল বুলি নহয়, অসমীয়া বুলি ভবা প্ৰতিজনেই আজি ওলাই আহিছে।‘

আনহাতে, আজিৰ অসম বন্ধটো চৰকাৰৰ কাৰণে অসমীয়া খিলঞ্জীয়া লোকৰ এটা চূড়ান্ত সকীয়নি বুলি দাবী কৰি দত্তই লগতে কয়, ‘সেই সকীয়নি যদি চৰকাৰে বুজিবলৈ চেষ্টা কৰে, তেন্তে ভৱিষ্যতলৈ ভৰিৰ তলৰ মাটিখিনি থাকিব আৰু বুজিবলৈ চেষ্টা নকৰিলে চৰকাৰৰ ভৰিৰ তলৰ মাটিখিনিও খহি যাব।‘

উল্লেখযোগ্য যে, আজি বন্ধৰ সময়খিনিৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ডিগবৈ, তিনিচুকীয়া ইত্যাদি অঞ্চলসমূহত জিতেন দত্তৰ নেতৃত্বত শতাধিক যুৱকে ৰাজপথত বাইক ৰেলি বাহিৰ কৰে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd