• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহু দল সংগঠনে উগ্ৰপন্থীৰ কাৰ্যকলাপক উদগনি দিছে : মুখ্য মন্ত্ৰী সোণোৱাল

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
November 27, 2018 6:49 am
IMG-20181127-WA0006

শিৱসাগৰত সোমবাৰে পঞ্চায়তৰ নিৰ্বাচনী সভাত ভাষণ দিছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে শিৱসাগৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত পঞ্চায়ত নিৰ্বাচনৰ ৰণ ডংকা বজাই কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ ক্ষুৰধাৰ সমালোচনা কৰে মুখ্য মন্ত্ৰীয়ে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, এইবাৰ পঞ্চায়ত নিৰ্বাচনত গাঁৱে গাঁৱে বিজেপি বিকশিত হ’ব।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা বিজেপিয়ে আয়োজন কৰা এখন নিৰ্বাচনী সভাত শিৱসাগৰ জিলা পৰিষদ, গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী সকলৰ উপস্থিতিত মুখ্য মন্ত্ৰী গৰাকীয়ে কয়,  ‘’বৃহত্তৰ অসমীয়া জাতিটোৰ শক্তিশালী সমাজ গঠন কৰা চাওল্যুং চুকাফাৰ আদৰ্শৰে আমি বৃহত্তৰ অসমীয়া মহা জাতিৰ অন্তৰ্ভুক্ত সকলো সৰু বৰ জাতি- জনগোষ্ঠীক সমবিকাশ আৰু সম মৰ্যাদাৰে আগবাঢ়ি যাব লাগিব। বিজেপিয়ে সবকা চাথ, সবকা বিকাশৰ মন্ত্ৰ লৈ অসমৰ সকলো জিলাৰ জাতি-জনগোষ্ঠীৰ আৰু ধৰ্মাৱলম্বী লোকক সমমৰ্যাদা প্ৰদানেৰে পৃথিৱীৰ ভিতৰত অসমক এক শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰিছে।

Apply Now

কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘’কংগ্ৰেছে দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে পঞ্চায়তীৰাজ ব্যৱস্থা ধ্বংস কৰি পেলালে। কংগ্ৰেছে ব্যাপক দুৰ্নীতিৰে কোঙা কৰি পেলোৱা পঞ্চায়তীৰাজ ব্যৱস্থাক পৰিৱৰ্তন কৰি আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে জনসাধাৰণে প্ৰাপ্য অধিকাৰ লাভ কৰাৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী কৰিব বিছাৰিছো।পঞ্চায়ত শক্তিশালী হ’লেহে গাওঁ, চাহ বাগিছা, চৰ চাপৰিৰ লোক অৰ্থনৈতিক দিশত স্বাৱলম্বী হব পাৰিব। তেতিয়াহে ৰাজ্য শক্তিশালী হ’ব। গাঁৱৰ উন্নয়ন অবিহনে ৰাজ্যৰ উন্নয়ন অসম্ভৱ।‘’

সমাজত মূল্যবোধৰ নীতি আদৰ্শৰ বাবে সংকল্পবদ্ধ হোৱা বিজেপিক ভোটদান কৰি ৰাজ্যখনত সুস্থ আৰু নিকা পঞ্চায়তীৰাজ স্থাপন কৰিবলৈ ৰাইজক আহ্বান জনায় মুখ্য মন্ত্ৰী গৰাকীয়ে।

আনহাতে, নাগৰিকত্ব সংশোধনী  বিধেয়ক ২০১৬’ গৃহীত হ’লে অসম বিদেশীৰ চৰণীয়া ভূমি হ’ব বুলি কোৱা দল সংগঠনক উভতি ধৰি তেওঁ কয়, গণতান্ত্ৰিক আন্দোলনক শ্ৰদ্ধা কৰাৰ বিপৰীতে যুক্তিহীন আন্দোলনক ঘৃণা কৰো। এই দল সংগঠন বিলাকে ৰাইজক বিপথে পৰিচালিত কৰিছে। বহু দল, সংগঠনে উগ্ৰপন্থী কাৰ্য্যকলাপক উদগনি দিছে। তেওঁ লোক অসমৰ শত্ৰু।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয়, ‘’বৰ্তমানৰ চৰকাৰে আঢ়ৈটা বছৰত অসমত ২৬ লাখ শৌচাগাৰ নিৰ্মাণ কৰি উলিয়াইছে। ১৯ লাখ লোকক উজ্বলা অঁচনিৰ অধীনত ৰন্ধন গেছৰ যোগান ধৰা হৈছে। বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ৬০০০ কোটি টকাৰে ৮০০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। সংখ্যালঘু বসতিপূৰ্ণ অঞ্চলত ৩১ খন আৱাসিক বিদ্যালয় আৰু ৯ খন কন্যা বিদ্যালয় স্থাপনৰ বাবে চুড়ান্ত সিদ্ধান্ত লৈ ইয়াক কাৰ্য্যকাৰী কৰাৰ দিশে আগবাঢ়িছে।‘’

উক্ত সভাত সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দেউৰী, বিজেপিৰ উপ সভানেত্ৰী সুৰভী ৰাজকুমাৰী, জিলা বিজেপি সভাপতি ভবেন্দ্ৰ নাথ মহন, অসম বেচা কিনা নিগমৰ উপাধ্যক্ষ শিৱ প্ৰসাদ বদ্ৰা, মনোজ বৰুৱা, অসম বিজেপিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা, প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, বিনীতা শইকীয়া, দীপিকা কাকতি দুৱৰী, অংকুৰ দত্ত, অমিয় কুমাৰ বৰা, ময়ুৰ বৰগোঁহইকে ধৰি বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd