NORTHEAST NOW (Assamese)

মণিপুৰত অসম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ,নিহত কামাণ্ডিং অফিচাৰৰ পৰিয়ালসহ সাতজন নিহত

November 13, 2021 3:50 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 13, 2021 3:51 pm

মণিপুৰত ম্যানমাৰৰ সীমান্তৰ ওচৰত আসাম ৰাইফলছৰ কনভয়ত সন্ত্ৰাসবাদীয়ে আজি এক ভয়ানক আক্ৰমণ সংঘটিত কৰে।

এই আক্ৰমণত এজন কামাণ্ডিং অফিচাৰ আৰু তেওঁৰ পত্নী-পুত্ৰসহ আন চাৰিজন সেনা জোৱান নিহত হৈছে।

মণিপুৰস্থিত সন্ত্ৰাসবাদী গোট পিপলছ লিবাৰেচন আৰ্মী,চমুকৈ PLA এই আক্ৰমণৰ আঁৰত আছে বুলি ধাৰণা কৰা হৈছে যদিও এতিয়ালৈকে কোনো গোটে দায়বদ্ধতা স্বীকাৰ কৰা নাই।

বৰ্তমানলৈকে কোনো অফিচিয়েল বিবৃতি প্ৰকাশ পোৱা নাই যদিও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সেনা কৰ্ণেল আৰু তেওঁৰ পৰিয়ালৰ মৃত্যু নিশ্চিত কৰিছে আৰু এক প্ৰতিৰোধ অভিযান আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিছে।

 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰ যোগে এই মৰ্মান্তিক ঘটনাৰ সমবেদনা জ্ঞাপন কৰিছে। টুইটত তেওঁ কয়, “মণিপুৰৰ চুৰাচান্দপুৰত অসম ৰাইফলছৰ কনভয়ত হোৱা কাপুৰুষোচিত আক্ৰমণ অত্যন্ত বেদনাদায়ক আৰু নিন্দনীয়। দেশখনে চিঅ’ ৪৬ এআৰ আৰু পৰিয়ালৰ দুজন সদস্যকে ধৰি ৫ জন সাহসী সৈনিক হেৰুৱাইছে। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা। অপৰাধীসকলক সোনকালেই ন্যায়ৰ সন্মুখীন কৰা হ’ব।”

Related News