• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ঐক্যতানৰ সোণালী জয়ন্তীৰ বৰ্ণিল উদযাপন: মঞ্চস্থ হ’ল সৌৰভ কুমাৰ চলিহাৰ কালজয়ী নাট আয়ুৰেখা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2026 5:24 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ অন্যতম পুৰণি আৰু প্ৰতিষ্ঠিত সাংস্কৃতিক অনুষ্ঠান ঐক্যতানে এই বৰ্ষত গৌৰৱময় ৫০ বছৰত ভৰি দিছে। বিশিষ্ট লেখক তথা নাট্যকাৰ পবিত্ৰ কুমাৰ ডেকাই ১৯৭৬ চনতে স্থাপন কৰা এই অনুষ্ঠানটিয়ে বহুতো বাধা-বিঘিনি নেওচি অসমৰ সাংস্কৃতিক আকাশত নিজৰ স্থান অটুট ৰাখিছে। পবিত্ৰ কুমাৰ ডেকাৰ অবৰ্তমানত তেওঁৰ দুই পুত্ৰ প্ৰান্তিক ডেকা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ লগতে বহুকেইজন নিষ্ঠাবান সাংস্কৃতিক কৰ্মীৰ প্ৰচেষ্টাত ঐক্যতানে আজি সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে। এই বিশেষ মুহূৰ্তক স্মৰণীয় কৰি তুলিবলৈ অলপতে গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছ প্ৰেক্ষাগৃহত ঐক্যতানে নিবেদন কৰে অসমীয়া চুটি গল্পৰ সম্রাট সৌৰভ কুমাৰ চলিহাৰ একমাত্ৰ একাংকিকা নাট আয়ুৰেখা।

যোৱা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া মঞ্চস্থ হোৱা এই নাটকখনে দৰ্শকক এক নতুন সোৱাদ দিবলৈ সক্ষম হয়। আজিৰ আধুনিক আৰু বিজ্ঞানৰ যুগত বাস কৰিও মানুহে কেনেকৈ হস্তৰেখা বা আয়ুৰেখাৰ দৰে অন্ধবিশ্বাসৰ মায়াজালত আৱদ্ধ হৈ থাকে, সেই বিষয়টোকে নাট্যকাৰে এক গাম্ভীৰ্যপূৰ্ণ ব্যংগৰ জৰিয়তে ফুটাই তুলিছে। সমাজৰ এই দিশটো অতি সুন্দৰকৈ উপস্থাপন কৰি নাটকখনে দৰ্শকক এক ইতিবাচক চিন্তাৰ খোৰাক যোগায়। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাৰ বলিষ্ঠ আৰু সূক্ষ্ম নিৰ্দেশনাত নাটকখনে প্ৰাণ পাই উঠে। দুয়োটা সন্ধিয়াতে দৰ্শকে অতি আগ্ৰহেৰে নাটকখন উপভোগ কৰা পৰিলক্ষিত হয়।

Apply Now

নাটকখনৰ সফলতাৰ আঁৰত আছিল শিল্পীসকলৰ অতি সাৱলীল আৰু প্ৰাণৱন্ত অভিনয়। অনুপম অৰিন্দম গোস্বামী, অতনু কাশ্যপ, ৰাকেশ ৰঞ্জন দাস আৰু অমল চক্ৰৱৰ্তীৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰে। শিল্পীসকলৰ এই কষ্টসাধ্য আৰু নিখুঁট অভিনয়ে নাটকখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰে। একেদৰে ৰাহুল দাসৰ সংগীত, পোনা কলিতাৰ পোহৰ পৰিচালনা আৰু শংকু বৰুৱাৰ ৰূপসজ্জাই নাটকখনৰ কাৰিকৰী দিশটো শক্তিশালী কৰি তোলে। সকলোৰে সন্মিলিত প্ৰচেষ্টাত মঞ্চত এক সুন্দৰ পৰিবেশ সৃষ্টি হয়।

নাটকখন আৰম্ভ হোৱাৰ আগতে আন এক আকৰ্ষণীয় অনুষ্ঠানে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। সংগীত নাটক একাডেমী বঁটা বিজয়ী তথা ঐক্যতানৰ সদস্য মইনুল হকৰ মুকাভিনয়ে সন্ধিয়াটো অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। মুকাভিনয়ৰ জৰিয়তে তেওঁ অসমীয়া সমাজ জীৱনৰ বিভিন্ন সৰু সৰু দিশ ইমান সুন্দৰকৈ অংকন কৰিলে যে উপস্থিত প্ৰতিগৰাকী দৰ্শকে হাত চাপৰিৰে প্ৰেক্ষাগৃহ মুখৰিত কৰি তোলে। ঐক্যতানৰ এই সোণালী জয়ন্তীৰ আয়োজন সঁচাকৈয়ে এক সফল আৰু অৰ্থপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd