নিৰ্বাচনী মাহত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত ৰখা হৈছে। কিন্তু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বহুখিনি বৃদ্ধি পাইছে। ১০ টকা, ২০ টকা বা ৫০ টকা নহয়; এবাৰতে ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ২০০ টকাতকৈ অধিক বৃদ্ধি কৰা হৈছে।
ইণ্ডিয়ান অইলৰ তথ্য অনুসৰি ১ এপ্ৰিলত গুৱাহাটীত ১৯ কিলোগ্ৰাম ওজনৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য ১৯৫ টকা বৃদ্ধি পাইছে। ইয়াৰ বাবেই ১৯ কিলোগ্ৰাম ওজনৰ এটা কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম একে সময়তে ২১২৬ টকা হৈছে। গেছ চিলিণ্ডাৰটো সাধাৰণ ৰেষ্টুৰেণ্ট, হোটেলকে ধৰি বিভিন্ন ব্যৱসায়িক কামত ব্যৱহাৰ কৰা হয়।
আনহাতে, মেট্ৰপলিটান চহৰত ১৯ কিলোগ্ৰাম ওজনৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য ১৯৫টকাৰ বিপৰীতে ৫০ টকা অধিক বৃদ্ধি কৰা হৈছে।
যদিও এতিয়াও ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই, তথাপিও চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। কেন্দ্ৰই বিপুল পৰিমাণৰ এল পি জি মজুত আছে বুলি আশ্বাস দিয়াৰ পিছতো যিদৰে বাণিজ্যিক এল পি জিৰ মূল্য বৃদ্ধি পাইছে, সেইদৰে এই প্ৰশ্নও উত্থাপন হৈছে যে অনাগত দিনত ঘৰুৱা এল পি জিৰ মূল্য পুনৰ বৃদ্ধি নহ’ব বুলি ক’ত নিশ্চয়তা আছে। ফলত সাধাৰণ মানুহৰ মাজতো আতংক-ক্ৰয়ৰ প্ৰৱণতা বৃদ্ধি পাব বুলি আশংকা সৃষ্টি হৈছে।
পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিস্থিতি এমাহ পাৰ হৈ গ’লেও হৰমুজ প্ৰণালীৰ সমস্যা সমাধান কৰাটো বহু দূৰত, ইৰাণে ইয়াক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি লৈছে। আন দেশৰ লগতে ১০খন ভাৰতীয় এল পি জি ভৰ্তি জাহাজ এতিয়াও হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছে।
আনহাতে, মঙলবাৰে ইৰাণৰ সংসদে হৰমুজ প্ৰণালীৰ মাজেৰে সামগ্ৰী আৰু ইন্ধনযুক্ত জাহাজ চলাচলৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত গৃহীত কৰে। য়েমেনৰ ইৰাণ সমৰ্থক হাউথী উগ্ৰপন্থীয়েও ছৌদি আৰৱৰ বাব আল মাণ্ডেব প্ৰণালী বন্ধ কৰাৰ হুংকাৰ দিছে। এই পৰিস্থিতিত কোৱা বাহুল্য যে ইন্ধন বিশেষকৈ এল পি জিৰ সন্দৰ্ভত দেশত সংকট আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে।
বাণিজ্যিক এল পি জি যোগানৰ সমস্যাৰ বাবে ইতিমধ্যে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে ব্যৱসায় চলাবলৈ সংগ্ৰাম কৰি আছে। বহুতে গেছ ৰাহি কৰিবলৈ বৈদ্যুতিক ষ্ট’ভ আৰু ইণ্ডাকচনৰ দৰে সঁজুলি ব্যৱহাৰ কৰি ৰান্ধিব পৰা মেনুৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। চাহিদা অনুসৰি বাণিজ্যিক এল পি জিৰ অভাৱত হোটেলসমূহে নিজৰ ব্যৱসায় চলাবলৈ সংগ্ৰাম কৰি আছে। ইফালে, মূল্যবৃদ্ধিৰ লগে লগে তেওঁলোকৰ সংগ্ৰাম আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে।
প্ৰসংগক্ৰমে দেশৰ হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিক সন্থাই বাণিজ্যিক এল পি জিৰ যোগান বৃদ্ধিৰ বাবে কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই যোৱা ২৭ মাৰ্চত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ কেন্দ্ৰই এখন পত্ৰ লিখিছিল। সেই পত্ৰত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সম্পাদক নীৰজ মিট্টলে কয় যে বাণিজ্যিক ৰন্ধন গেছৰ যোগান ২০ শতাংশৰ পৰা ৭০ শতাংশলৈ বৃদ্ধি কৰা হ’ব। সেই ক্ষেত্ৰত কোনবোৰ ঔদ্যোগিক কোম্পানীয়ে অগ্ৰাধিকাৰ পাব সেয়াও তেওঁলোকে কৈছে।
যদিও ইৰাণ যুদ্ধৰ বাবে ঘৰুৱা ৰন্ধন গেছৰ যোগান এতিয়াও বৃদ্ধি হোৱা নাই, তথাপিও কেন্দ্ৰৰ নিৰ্দেশমৰ্মে তেল কোম্পানীসমূহে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত মুঠ যোগানৰ ২০ শতাংশক মধ্যাহ্ন ভোজন, বিদ্যালয়, চিকিৎসালয়, ঔষধ উদ্যোগ, প্ৰতিৰক্ষা খণ্ডৰ দৰে অত্যাৱশ্যকীয় খণ্ডলৈ গেছ যোগান ধৰাৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছিল। পিছলৈ ক্ৰমান্বয়ে যুদ্ধৰ পূৰ্বে মুঠ যোগানৰ ৪০ শতাংশলৈ বৃদ্ধি কৰা হ’ল। ইয়াত বাণিজ্যিক এল পি জি ব্যৱহাৰকাৰীসকলকো পাইপেৰে প্ৰাকৃতিক গেছৰ সংযোগ লাভ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
‘হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অৱ ইষ্টাৰ্ণ ইণ্ডিয়া’ৰ সভাপতি সুদেশ পদ্দাৰৰ মতে, “আমাৰ উদ্যোগ চলোৱাটো কঠিন। কেৱল গেছৰ দাম নহয়, ইয়াৰ যোগানো স্বাভাৱিক নহয়। মুৰ্গীৰ পৰা আৰম্ভ কৰি মছলালৈকে সকলো বস্তুৰে দাম বাঢ়িছে। বিকল্প ব্যৱস্থা কৰাৰ লগে লগে মূলধনী ব্যয় বৃদ্ধি পাইছে। ইয়াৰ মাজতে কম সময়ৰ ভিতৰতে এল পি জিৰ মূল্য দুগুণ বৃদ্ধি পাইছে, যাৰ ফলত হোটেল আৰু ৰেষ্টুৰেণ্ট উদ্যোগত দুৰ্যোগৰ সৃষ্টি হ’ব।”





