DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনৰ গ্রেনেড বিস্ফোৰণত নিহত সুৰজ হাজঙৰ মাতৃৰ হাতত তিনি লাখ টকাৰ চেক প্রদান

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
May 13, 2021 6:33 pm
surja
255
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অধীনৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কথা আদৰ্শ গাঁ‌ৱত  হোৱা গ্রেনেড বিস্ফোৰণত নিহত সুৰজ হাজঙৰ পৰিয়াললৈ অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা পূঁজিৰ তিনি লাখ টকাৰ চেক আজি প্রদান কৰা হয় ।

জিলা উপায়ুক্ত দিগন্ত শইকীয়াৰ পৰা প্রাপ্ত চেক খন মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি সম্প্রীতি গোস্বামী, চক্ৰ বিষয়া এছ চুতীয়া, মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ প্রতিনিধি আনন্দ শৰ্মা, সমাজ কৰ্মী ভৱেশ দত্ত সহ এটা প্ৰতিনিধি দলে আজি নিহত সুৰজ হাজঙৰ গৃহত উপস্থিত হৈ  সুৰজৰ মাতৃ দীপালী হাজঙৰ হাতত প্রদান কৰে ।

উল্লেখ্য যে কথা আদৰ্শৰ সমীপৰ হাজং  গাঁ‌ৱৰ  সুৰজ হাজং নামৰ ১২ বছৰীয়া কিশোৰ জন  যোৱা ১১মে’ৰ পুৱা গাওঁ‌ খনৰ গাতে লাগি থকা  বুঢ়ীদিহিং নদীৰ পাৰৰ শিলৰ ওপৰেৰে চাইকেললৈ নদীত গা ধুবলৈ যাওঁ‌তে শিলৰ মাজত পৰিত্যক্ত অৱস্থাত থকা এটা গ্রেনেডত চাইকেলৰ চকাৰ চেপা খোৱাৰ ফলত বিস্ফোৰণ ঘটিছিল।

এই ঘটনাত সুৰজ গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈছিল আৰু  মাৰ্ঘেৰিটা অহামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল ।

অসম অৰণাচলৰ সীমান্তৰ এই অঞ্চল সমূহ উগ্রপন্থী সংগঠনৰ  সদস্যৰ সঘন আহ যাহৰ অন্যতম কেন্দ্র ৰুপে বিবেচিত হৈ আহিছে।

অন্যহাতে ঘটনা সংঘটিত স্থানত কিছু বছৰ পূৰ্বে সেনা আৰু উগ্ৰপন্থী সংগঠনৰ মাজত সংঘৰ্ষ হৈছিল ।

উগ্রপন্থী সদস্যৰ হাতৰ পৰা কিম্বা সেনাৰ হাতৰ পৰা  গ্রেনেডটো উক্ত স্থানত পৰি ৰৈছিল আৰু উক্ত দিনা দুৰ্ভগীয়া লৰাজনৰ চাইকেল চকাৰ চেপা গ্ৰেনেডটো বিস্ফোৰণ হয় বুলি সন্দেহ কৰিছে স্থানীয় গাওঁবাসীয়ে |

সপ্তম শ্রেণীৰ ছাত্র জন শোকাৱহ ভাবে বিস্ফোৰণত মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই সমগ্র অঞ্চলত শোকৰ ছাঁ পৰে।

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd