• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিমিলা হৈছে সমীকৰণ : গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্বকলৈ বিপাঙত কংগ্ৰেছ-বিজেপি

সুযোগ গ্ৰহণ কৰি নিৰ্দলীয় প্ৰাৰ্থীয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 21, 2019 7:29 pm
Congress BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী লোকসভা সমষ্টিক লৈ কোনোধৰণৰ সমীকৰণ নিমিলা হৈছে দুটাকৈ ৰাষ্ট্ৰীয় দলৰ। লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিনহে আছে তথা ২৩ এপ্ৰিলৰ দিনা গুৱাহাটী লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ইপিনে, অহা ৪ এপ্ৰিলৰ দিনা প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

তেনে পৰিপ্ৰেক্ষিতত মাজত মাথোঁ ১৪ টা দিন থকাৰ পাছতো কংগ্ৰেছ কিম্বা বিজেপি দুয়োটা দলেই গুৱাহাটী লোকসভা সমষ্টিটোৰ বাবে উপযুক্ত প্ৰাৰ্থী বিচাৰি পোৱা নাই।

Apply Now

ইপিনে, কংগ্ৰেছৰ এক উচ্চস্তৰীয় সুত্ৰৰ পৰা জানিব পৰা মতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীক কেন্দ্ৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা বাৰুকৈয়ে বিপাঙত পৰিছে তথা অ-কংগ্ৰেছী কোনো লোকক গুৱাহাটী লোকসভা সমষ্টিৰ পৰা থিয় কৰাব বিচাৰিছে। তাৰ ভিতৰত অন্যতম আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কমল নাৰায়ণ চৌধুৰী। কিন্তু চৌধুৰীয়ে বৰাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত এতিয়া কাক প্ৰাৰ্থী হিচাপে থিয় কৰাব তাক লৈ চিন্তিত হৈছে প্ৰদেশ কংগ্ৰেছ।

তদুপৰি, উক্ত সমষ্টিৰ পৰাই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত আছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰমেন বৰঠাকুৰ, মুখপাত্ৰ ববিতা শৰ্মা আৰু বলীন বৰদলৈ। শেহতীয়াকৈ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ নামো চৰ্চালৈ আহিছে। কিন্তু এই প্ৰাৰ্থীকেইগৰাকীৰ মাজৰ পৰা কোনো এগৰাকীয়ে পছন্দৰ নহয় প্ৰদেশ কংগ্ৰেছৰ।

ইপিনে, দুদিনমান আগলৈকে প্ৰাৰ্থিত্ব লাভ কৰাৰ ক্ষেত্ৰত ৰমেন বৰঠাকুৰৰ নাম অধিক চৰ্চালৈ আহিছিল যদিও শেহতীয়াকৈ বৰঠাকুৰৰ টিকট লাভৰ সম্ভাৱনা ক্ষীণ বুলি জানিব পৰা গৈছে।

আনহাতে, এই সমষ্টিৰ পৰা বিজেপিয়েও বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই প্ৰাৰ্থীৰ তালিকা। তাৎপৰ্য্যপূৰ্ণভাৱে অহা ২৫ মাৰ্চৰ দিনা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন যদিও অসমৰ এখন আসনৰো প্ৰাৰ্থীৰ নাম বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পৰা নাই বিজেপিয়ে।

গুৱাহাটী লোকসভা সমষ্টিত প্ৰাক্তন অগপ নেত্ৰী কুইন ওজাৰ নাম টিকট লাভ কৰাৰ ক্ষেত্ৰত অধিক চৰ্চিত হৈছিল যদিও বৰ্তমান ওজাক টিকট দিয়াৰ ক্ষেত্ৰত অধিক চিন্তিত ৰাজ্যিক বিজেপি।

ইপিনে, বয়সে আশীৰ দেওনা গৰকিলেও বিজয়া চক্ৰৱৰ্তীয়েও পুনৰবাৰ গুৱাহাটীৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছে। তেওঁৰ লগতে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী, হেমাংগ ঠাকুৰীয়াও প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ হিচাপে বৰ্তমানো আছে। সেয়েহে বিজেপিত বৰ্তমানো এই সমষ্টিক লৈ মীমাংসা হোৱা নাই।

আনহাতে, বিজেপি-কংগ্ৰেছে বৰ্তমানো প্ৰাৰ্থিত্ব দিব নোৱাৰাটো এক সুযোগ হিচাপে লৈছে নিৰ্দলীয় দলৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই। এই সুযোগ গ্ৰহণ কৰি হাজৰিকাই ব্যাপক ৰূপত চলাই নিছে নিৰ্বাচনী প্ৰচাৰ। জালুকবাৰী, বেলতলা বজাৰ, চান্দমাৰি, গুৱাহাটী ক্লাৱ, উলুবাৰী, জু-ৰোড তিনিআলি ইত্যাদি বহুতো ঠাইত নিজে উপস্থিত থাকি তেওঁ প্ৰচাৰ পত্ৰ বিলাই নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘’খিলঞ্জীয়া ৰাইজৰ হৈ কোনো দল নাই। প্ৰত্যেকটো ৰাজনৈতিক দলে খিলঞ্জীয়া বিৰোধী স্থিতি লৈছে। কংগ্ৰেছে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰা পাছতেই উকীল বিচাৰি হাবাথুৰি খাই আছিল। বহুখিনি উকীলৰ সৈতে তেওঁলোকে কথা পাতিছিল।‘’

তদুপৰি, বিজেপিয়েও প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত দোধোৰ-মোধোৰ হৈ থকা বুলি তেওঁ আমাৰ আগত কয়।

‘’দলৰ যেতিয়া একো ইচ্ছ্যু নাথাকে, তেওঁলোকে প্ৰাৰ্থী কেনেকৈ নিৰ্বাচিত কৰিব?’ এইদৰে হাজৰিকাই আমাৰ আগত কয়।

মন কৰিবলগীয়া যে, কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰাৰ্থিত্ব দিব নোৱাৰাৰ বাবে সমালোচনা কৰা উপমন্যু হাজৰিকাক দুয়োটা দলৰে বিকল্প হিচাপে গুৱাহাটী লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে আদৰি ল’ব নে? সেয়া সময়তহে লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd